গুৱাহাটী, 2 আগষ্ট : ৰাজনৈতিক এজেণ্ডাৰ বাবে মুখ্যমন্ত্রী আৰু বিজেপিয়ে হিন্দু-মুছলমানৰ কথা কৈ আহিছে । এই মন্তব্য কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ । মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী অনুপ্ৰৱেশৰ প্ৰসংগত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়াত বিধায়কগৰাকীয়ে এইদৰে কয় ।
বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত বিধায়ক মণ্ডলে কয়, "যদি অনুপ্ৰৱেশ হৈছে তেন্তে চৰকাৰে বন্ধ নকৰে কিয় । অসমত আঠ বছৰ ধৰি বিজেপিৰ চৰকাৰ আছে । একো একোখন জিলাত মানুহক ওলাব নিদিয়াকৈ লোকপিয়ল কৰক । পলিটিকেল এজেণ্ডাৰ বাবে সদায় এই কথাবিলাক কৈ থকা হৈছে । আছে কিছুমান চোৰ-ডকাইত মানুহ, যি এখন দেশৰ পৰা আন এখন দেশলৈ যায় ।"
অসমৰ পৰা বাংলাদেশলৈ অবৈধ মানুহ যোৱা নাছিল নেকি বুলি প্ৰশ্ন কৰি বিধায়ক মণ্ডলে কয়, "আলফাৰ বহুত মানুহ বাংলাদেশত আছিল । অবৈধ অনুপ্ৰৱেশ আছে যদিও ইয়াক লৈ এটা বিশেষ জাতি-ধৰ্মৰ মানুহক লৈ অসমৰ হিন্দু সমাজত ইউনাইটেড কৰিব বিচৰা হয় । কিন্তু অসমৰ হিন্দু তথা অসমীয়া সমাজে এই কথাটো মানি ল'ব নিবিচাৰে । অসমক এতিয়াও হিন্দুত্ববাদী ধাৰণাত আনিব পৰা নাই । অসম এতিয়াও অসমীয়া হৈ আছে । অসমৰ গৰিষ্ঠ সংখ্যক লোকে অসমীয়া হৈ থাকিব বিচাৰে । হিন্দু-মুছলমান কৰি ভাল নাপায় । বিজেপিৰ সকলো কৰ্মকৰ্তাই হিন্দু-মুছলমান কৰি ভাল নাপায় ।"
আনহাতে, ৰাজ্যিক বিজেপিৰ আভ্যন্তৰীণ সংঘাত সন্দৰ্ভত বিধায়ক মণ্ডলে কয়, "প্ৰতিষ্ঠাকালৰে পৰা বিজেপি কৰা নেতাসকলে বিজেপি এৰি বিভিন্ন দলত যোগদান কৰা আমি দেখিছো । যিটো গৌৰৱ গগৈৰ জয়ে প্ৰমাণ কৰি দিছে । বিজেপি তথা অগপৰ ঘাটিত ইমান ব্যৱধানত জয়ী হৈছে । ইয়াৰ ফলত বিজেপি শংকিত হৈ পৰিছে । এফালে আভ্যন্তৰীণ কন্দল আৰু আনফালে কংগ্ৰেছৰ পঞ্চপাণ্ডৱৰ যুঁজত উজনিত বিজেপি বিধ্বস্ত হৈছে । বিজেপিৰ আভ্যন্তৰীণ কন্দল ঢাকিবলৈকে মুখ্যমন্ত্ৰীয়ে এতিয়া হিন্দু-মুছলমানৰ ৰাজনীতি কৰিছে ।"
বিধায়কগৰাকীয়ে লগতে কয়, "অসম নাইবা ভাৰতত হিন্দু বিপদত পৰিব পাৰে নেকি । যিখন ৰাষ্ট্ৰৰ ৯৯ শতাংশ সামৰিক বাহিনী হিন্দু, যিখন দেশৰ ন্যায়পালিকাৰ ৯৯ শতাংশ লোক হিন্দু, যিখন দেশৰ ডি চি-এছ পি আদি ৯৯ শতাংশ হিন্দু; তাৰ পিচতো যদি কয় যে হিন্দু বিপদত আছে তেন্তে সঁচাকৈয়ে হিন্দু বিপদত আছে, বিজেপিৰ ভুল নীতিৰ কাৰণে ।"