ETV Bharat / state

পানীখাইতীত হোষ্টেলৰ কোঠালিৰ ভিতৰত উদ্ধাৰ মিজোৰামৰ ছাত্ৰীৰ মৃতদেহ - Mysterious death - MYSTERIOUS DEATH

Student commits suicide: গুৱাহাটীৰ নিকটৱৰ্তী পানীখাইতীস্থিত হোষ্টেলৰ কোঠাৰ ভিতৰতে চিপ লৈ থকা অৱস্থাত উদ্ধাৰ মিজোৰামৰ ছাত্ৰীৰ মৃতদেহ । প্রতীক্ষা স্কুল অব্ নাৰ্ছিঙৰ জি এন এমৰ দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি আছিল ছাত্ৰীগৰাকীয়ে । ছাত্ৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ পাচতহে স্পষ্ট হ’ব এয়া আত্মহত্যা নে হত্যাকাণ্ড ৷

Student commits suicide
পানীখাইতীত হোষ্টেলৰ কোঠালিৰ ভিতৰত উদ্ধাৰ মিজোৰামৰ ছাত্ৰীৰ মৃতদেহ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 22, 2024, 3:39 PM IST

গুৱাহাটী, ২২ জুলাই: গুৱাহাটীৰ নিকটৱৰ্তী পানীখাইতীস্থিত প্রতীক্ষা স্কুল অব্ নাৰ্ছিঙৰ এগৰাকী ছাত্রীয়ে নিজৰ কোঠাৰ ভিতৰতে চিপ লৈ আত্মহত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । মৃত ছাত্ৰীগৰাকীৰ ঘৰ চুবুৰীয়া ৰাজ্য মিজোৰামৰ ভেনলালৰিয়াতপুত বুলি জানিব পৰা হৈছে । প্রতীক্ষা স্কুল অব্ নাৰ্ছিঙৰ জি এন এমৰ দ্বিতীয় বৰ্ষত অধ্যয়ন কৰি আছিল ছাত্ৰীগৰাকীয়ে ।

প্রাপ্ত তথ্য মতে প্রতীক্ষা স্কুল অব্ নাৰ্ছিঙৰ সমীপতে থকা এটা ব্যক্তিগত হোষ্টেলত ভাৰাতীয়া হিচাপে আছিল ছাত্ৰীগৰাকী ৷ দেওবাৰে সন্ধিয়া সহপাঠীসকলে ছাত্ৰীগৰাকীক দেখা নোপোৱাত তেওঁৰ কোঠাৰ দৰ্জাত টুকুৰিয়ায় । কিন্তু ছাত্ৰীগৰাকীয়ে কোনো সঁহাৰি নিদিয়াত সহপাঠীসকলে কেইবাবাৰো তেওঁক নাম ধৰি মাতে ৷ কিন্তু ইয়াৰ পাচতো কোনো প্ৰত্যুত্তৰ নোপোৱাত সমগ্ৰ হোষ্টেলতে হুলস্থূলৰ সৃষ্টি হয় ।

লগতে পঢ়ক: প্ৰথমে মৃত যুৱকক পৰিয়ালৰ অজ্ঞাতে কৰিলে সৎকাৰ, তাৰ পিচত আত্মহত্যা : নামৰূপত ভয়ংকৰ কাণ্ড - Consequences of drug addiction

ছাত্ৰীগৰাকীৰ সহপাঠীসকলে লগে লগে তেওঁৰ কোঠাটোৰ দৰ্জা ভাঙি ভিতৰত প্ৰৱেশ কৰি বিচাৰ-খোচাৰ আৰম্ভ কৰে ৷ তেওঁলোকে ছাত্ৰীগৰাকীক কোঠালিৰ বাথৰুমৰ ভিতৰত চিপ লৈ থকা অৱস্থাত প্রত্যক্ষ কৰে । ইয়াৰ পিচতে ছাত্রীসকলে পানীখাইতী আৰক্ষী চকীত ঘটনাৰ বিষয়ে অৱগত কৰে । লগে লগে ঘটনাস্থলীত পানীখাইতী আৰক্ষী উপস্থিত হৈ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে ৷

সম্প্ৰতি পানীখাইতি আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷ মিজোৰামৰ বাসিন্দা তথা প্রতীক্ষা স্কুল অব্ নাৰ্ছিঙৰ ছাত্রীগৰাকীয়ে কিয় আত্মহননৰ দৰে পথ বাছি ল’লে সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তত ৷ তদুপৰি ছাত্ৰীগৰাকীয়ে আত্মহত্যা কৰিলে নে এয়া এক হত্যাকাণ্ড সেইয়াও আন এক প্ৰশ্ন ৷ আৰক্ষীয়ে ইতিমধ্যে ছাত্ৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ছাত্ৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ পাচতহে তেওঁ আত্মহত্যা কৰিলে নে এয়া এক হত্যাকাণ্ড, সেই কথা স্পষ্ট হ’ব ।

লগতে পঢ়ক: চাৰিগৰাকী পত্নীক এৰি ডিঙিত চিপ ল’লে প্ৰতিষ্ঠিত উদ্যোগপতি কুমাৰ গৌৰৱে - Mysterious death

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.