গুৱাহাটী : বিজ্ঞাপনৰ ওপৰত বিজ্ঞাপন দিয়াৰ পাছতো আবেদনৰ পৰিমাণ বৃদ্ধি পোৱা নাই মিছন বসুন্ধৰা ৩.০ ৰ । খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়াৰ বাবে মুকলি কৰা মিছন বসুন্ধৰা ৩.০ ৰ প্ৰতি আকৰ্ষিত হোৱা নাই সৰ্বসাধাৰণ জনতা । পূৰ্বৰ মিছন বসুন্ধৰা ১.০ আৰু মিছন বসুন্ধৰা ২.০ ৰ প্ৰতি ৰাইজে যিদৰে সঁহাৰি জনাইছিল সেই সঁহাৰি বসুন্ধৰা ৩.০ ত পৰিলক্ষিত হোৱা নাই ।
পূৰ্বৰ দুয়োটা মিছনৰ জৰিয়তে লাভ কৰা অভিজ্ঞতাক সমাহিত কৰি আৰম্ভ কৰা মিছন বসুন্ধৰা ৩.০ যেন বিফল হোৱাৰ দিশে গতি কৰিছে । পূৰ্বৰ দুয়োটা মিছনত যিসকলৰ আবেদন নাকচ হৈছিল তেওঁলোককো ভূমি সম্পর্কীয় আপত্তিসমূহ নিষ্পত্তিৰ বাবে পুনৰ আবেদন জনোৱাৰ সুযোগ দিয়া হৈছিল । কিন্তু তাৰ পিছতো মিছন বসুন্ধৰা ৩.০ৰ প্ৰতি ৰাইজে দিয়া নাই সঁহাৰি ।
বিগত ২০ অক্টোবৰৰ পৰা আৰম্ভ হোৱা মিছন বসুন্ধৰা ৩.০ অহা ৩১ ডিচেম্বৰৰ ভিতৰত সমাপ্ত হ'ব । ৰাজহ বিভাগে ভূমি সম্পর্কীয় আপত্তি নিষ্পত্তিৰ বাবে অনলাইন প'ৰ্টেল আৰম্ভ কৰাৰ আজিলৈ প্ৰায় ৪৫ দিন হ'ল । মিছন বসুন্ধৰা ৩.০ অন্ত পৰিবলৈ মাজত আৰু ২৪ দিন বাকী আছে যদিও আজিৰ তাৰিখলৈ মাত্র ৫৯৪২ খনহে আবেদন পৰিছে ।
হিন্দু শৰণাৰ্থী, অনুসূচিত জাতি, জনজাতি, চাহ জনগোষ্ঠী, গোৰ্খা আদি লোকৰ মাটিৰ আৱণ্টন বা অন্যান্য বিষয় নিষ্পত্তিৰ ক্ষেত্ৰত তিনিটা প্ৰজন্মই বাস কৰা প্ৰমাণসহ আবেদন জনোৱাৰ ক্ষেত্ৰত ৰাজহ বিভাগে শিথিল কৰি দিছিল যদিও ইয়াৰ সংখ্যা অতি সামান্য হৈ আছে । অৰ্থাৎ মিছন বসুন্ধৰা যি উদ্দেশ্যত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল, সেই উদ্দেশ্য বিফল হোৱাৰহে সম্ভাৱনা প্ৰকট হৈ পৰিছে ।
লাখ লাখ লোকে আবেদন কৰিছিল প্ৰথম দুটা পৰ্যায়ত :
২০২১ চনৰ ২ অক্টোবৰত মিছন বসুন্ধৰাৰ প্ৰথম পৰ্যায়ৰ আৰম্ভ হৈছিল । মিছন বসুন্ধৰা ১.০ত ৮,১৩,৯৮১ খন আবেদন পৰিছিল আৰু ইয়াৰে ৫,৮২,৬৮৮ খন আবেদন নিষ্পত্তি কৰা হৈছিল । সেইদৰে ২০২২ চনৰ ১৪ নৱেম্বৰত মিছন বসুন্ধৰা ২.০ আৰম্ভ হৈছিল । মিছন বসুন্ধৰা ২.০ত ১৩,৩৯,৪৯৮ খন আবেদন পৰিছিল আৰু ইয়াৰে ২,২৯,৬৫৯ খন আবেদন নিষ্পত্তি কৰি ভূমিৰ আৱণ্টন দিয়া হৈছিল ।
বসুন্ধৰাৰ প্ৰথম দুয়োটা পৰ্যায়ত মুঠ আবেদনকাৰীৰ সংখ্যা আছিল ২১,৮৩,৪৭৯ গৰাকী । অর্থাৎ ভূমি সম্পৰ্কীয় বিবাদ নিষ্পত্তিৰ বাবে আগৰ দুয়োটা মিছনৰ তুলনাত ৩.০ত আজিৰ তাৰিখলৈ অতি সামান্য সংখ্যক লোকেহে সঁহাৰি জনাইছে । আগৰ দুয়োটা মিছনত যিসকলৰ আৱেদন নিষ্পত্তি হোৱা নাছিল তেওঁলোককো মিছন বসুন্ধৰা ৩.০ত আৱেদন জনোৱাৰ সুযোগ দিয়া হৈছে । যাৰ ফলত আজিৰ তাৰিখলৈ আগৰ আবেদন নিষ্পত্তি নোহোৱা সকলৰ মাজৰ পৰা আজিলৈকে ১৯,৩০১ গৰাকীয়ে পুনৰ আবেদন জনাইছে ।
বহু নতুন সেৱা প্ৰযোজ্য কৰা হৈছে বসুন্ধৰা ৩.০ ত :
মিছন বসুন্ধৰাত ৩.০ ত আগৰ সেৱাসমূহৰ উপৰি নতুনকৈ ৮ টা সেৱা সংযোজন কৰা হৈছে । মিছন বসুন্ধৰা ৩.০ৰ অধীনত ২০২১ৰ পূৰ্বে গ্ৰাম্য অঞ্চলত ৩ বছৰৰ অধিক আৰু চহৰ অঞ্চলত ১০ বছৰৰ অধিক চৰকাৰী ভূমিত শিক্ষানুষ্ঠান, ধর্মীয় প্ৰতিষ্ঠান আৰু আৰ্থ-সামাজিক প্রতিষ্ঠানে ব্যৱহাৰ কৰি আছে, তেনে প্রতিষ্ঠানক গ্ৰামাঞ্চলত প্ৰতি বিঘাত ৫০০ টকা আৰু চহৰাঞ্চলত ৫০ হাজাৰ টকাত চৰকাৰী ভূমি আৱণ্টনৰ ব্যৱস্থা হৈছে অন্যতম সেৱা । যিসমূহ ভূমিদাতাই শিক্ষানুষ্ঠান বা অন্যান্য অনুষ্ঠানলৈ পূৰ্বতে ভূমি দান কৰিছিল সেইসমূহ ভূমিৰ সন্দৰ্ভত যোৱা ১২ বছৰৰ ভিতৰত কোনো ধৰণৰ আপত্তি কৰা নাই, সেই ভূমিদাতাৰ নাম ভূমি তথ্যৰ পৰা আঁতৰ হ'ব । ভূ-দান বা গ্রামদান মাটিত বসতি স্থাপন কৰি থকা লোকসকলকো ভূমি বন্দোবস্তিৰ ব্যৱস্থা কৰা, স্বমিত আঁচনিৰ অধীনত জৰীপ নোহোৱা অনাজৰীপ (এন চি) গাঁৱৰ ভূমি মাটিৰ বন্দোৱস্তি আৰম্ভ কৰা আদি মিছন বসুন্ধৰা ৩.০ৰ অন্যতম সেৱা ।
ৰাজহ বিভাগে অনলাইন প'ৰ্টেলৰ জৰিয়তে আৱেদনৰ সুযোগ দিছে যদিও ৰাইজে সঁহাৰি নিদিয়াত এই অভিযানে পূর্ণ সফলতা লাভ কৰাৰ ক্ষেত্রত অনিশ্চয়তাই দেখা দিছে।
প্ৰিমিয়ামৰ পৰিমাণো যথেষ্ট হ্ৰাস কৰা হৈছে :
বসুন্ধৰা ২.০ত নগৰাঞ্চলসমূহত মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰাৰ পিছতো প্ৰিমিয়ামৰ বাবে প্ৰায়সংখ্যক লোকেই এই সুবিধা গ্ৰহণ কৰিব পৰা নাছিল । যাৰ বাবে বসুন্ধৰা ৩.০ত প্ৰিমিয়ামৰ পৰিমাণ হ্ৰাস কৰা হয় । প্ৰিমিয়ামৰ বোজা লাঘৱ কৰাৰ বাবে নগৰাঞ্চলৰ লোকসকলে মাটিৰ পট্টা পাবৰ বাবে অট্টালিকা থকাসকলে পূৰ্বৰ ১০০ শতাংশৰ বিপৰীতে প্ৰিমিয়াম ১০ শতাংশ কৰা হয় । আনহাতে, অসম আৰ্হিৰ ঘৰ থকাসকলে পূৰ্বৰ নিৰ্ধাৰিত ৩০ শতাংশ প্ৰিমিয়ামৰ পৰিৱৰ্তে আঞ্চলিক মূল্যাংকন ৩ শতাংশ দিয়াৰ ব্যৱস্থা কৰা হয় ।
কি কয় পট্টাহীন বাসিন্দাই :
ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ পাহাৰ অঞ্চলত বসবাস কৰা ৮৫ হাজাৰৰো অধিক পৰিয়ালৰ মাটিৰ পট্টা নাই । বসুন্ধৰা ২.০ত ইয়াৰে গৰিষ্ঠ সংখ্যক লোকে পট্টাৰ বাবে আবেদন কৰিছিল যদিও বিভিন্ন কাৰণত সেয়া নাকচ হৈছিল । বসুন্ধৰা ৩.০ত পূৰ্বতে নাকচ হোৱা সকলক পুনৰ আবেদন কৰাৰ বাবে সুবিধা দিয়া হৈছে আৰু বিভিন্ন ক্ষেত্রত শিথিলতা দিয়া হৈছে । কিন্তু তাৰ পাছতো আবেদনৰ সংখ্যা বৃদ্ধি পোৱা নাই । যাৰ বাবে চৰকাৰীভাৱে বাৰম্বাৰ বিজ্ঞাপন দিয়া হৈছে । বিজ্ঞাপন দিয়াৰ পাছতো পট্টাহীন লোকসকল কিয় আগবাঢ়ি অহা নাই ।
এই সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা গুৱাহাটীৰ পট্টাহীন কেইবাগৰাকী নাগৰিকৰে যোগাযোগ কৰা হৈছিল । গুৱাহাটীৰ ওদালবাক্ৰা অঞ্চলৰ পাহাৰত বাস কৰা দীপক দাসে এই সন্দৰ্ভত কয়, "বসুন্ধৰা ২.০ত বহু কষ্ট কৰি বিভিন্ন নথি-পত্র যোগাৰ কৰি আবেদন কৰিছিলো যদিও আবেদন নাকচ হ'ল । যাৰ বাবে এইবাৰ আবেদন কৰা নাই । চৰকাৰে আমি পাহাৰত বসবাস কৰা লোকসকলক কেৱল মাথো প্ৰতাৰণা কৰি আহিছে । পট্টা দিয়াৰ সদিচ্ছা থাকিলে ইমান নাটক কৰি নাথাকিলে হয় ।"
আনহাতে, ফটাশিল অঞ্চলৰ পাহাৰ অঞ্চলত বাস কৰা মদন সৰকাৰে কয়, "বসুন্ধৰা ৩.০ৰ যোগেদি পট্টা লাভৰ বাবে আবেদন কৰিব গৈ আমি থমকি ৰ'ব লগা হৈছে । বহু এনে নথি-পত্র বিচৰা হৈছে যে যিবোৰ যোগাৰ কৰাটো অসম্ভৱ । যাৰ বাবে আমি আবেদন কৰিব পৰা নাই ।"
সেইদৰে বিৰুবাৰীৰ পাহাৰত বসবাস কৰা কেশৱ ৰাভাই কয়, "আমি এই পাহাৰত বহু বছৰ ধৰি বাস কৰি আহিছো । নিৰ্বাচন আহিলে আমাক পট্টা দিয়াৰ কথা কোৱা হয় । কিন্তু নিৰ্বাচন যোৱাৰ পাছত সকলো পূৰ্বৰ দৰেই হৈ পৰে । বসুন্ধৰাৰ যোগেদি পট্টা দিয়াৰ কথা কোৱা হৈছে । আমি ভূমিপুত্র হোৱাৰ পাছতো ইমানবোৰ কাগজ-পত্র বিচৰা হৈছে যে সেইবোৰ যোগাৰ কৰি আবেদন কৰাটো আমাৰ বাবে অসম্ভৱ । আমাক পট্টা নালাগে । আমি এনেদৰেই থাকিম ।"
প্ৰতিক্ৰিয়া ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতিৰ :
বসুন্ধৰা ৩.০ সন্দৰ্ভত ভূমি অধিকাৰ সংগ্ৰাম সমিতিৰ সভাপতি প্ৰবীণজ্যোতি কলিতাই কয়, "পট্টা দিয়াৰ বিষয়টো সম্পূৰ্ণ অস্পষ্ট । আমি চৰকাৰক বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো চৰকাৰে কোনো গুৰুত্ব দিয়া নাই । আমি ৯ ডিচেম্বৰত দিছপুৰ ৰাজহ চক্ৰৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্রীলৈ স্মাৰক পত্র প্ৰেৰণ কৰিম । বসুন্ধৰা ৩.০ত শতাধিক ভুল-ভ্ৰান্তি আছে । গুৱাহাটীৰ পট্টাহীন নাগৰিকক চৰকাৰখনে কেৱল প্ৰৱঞ্চনা কৰি আহিছে । যদি জৰীপ হোৱা নাই তেন্তে জৰীপ কৰি পট্টা দিয়াৰ ব্যৱস্থা কৰক । একচনীয়া পট্টাদাৰক মাটিৰ পট্টা দিয়াৰ কথা কোৱা হৈছে যদিও দখল ভোগ কৰি থকাসকলে পট্টা পাব নে নাই সেই কথা স্পষ্ট কৰা নাই । আনহাতে, চৰকাৰে ২০০১ চনৰ ২৮ জুনৰ আগৰ খাজনা দিয়াৰ ৰচিদ বিচাৰিছে । কিমান মানুহৰ হাতত সেই ৰচিদ আছে । এনেকুৱা বহু বিভ্ৰান্তি আছে । বহু বিষয়েই অস্পষ্ট । বসুন্ধৰা ৩.০ত খিলঞ্জীয়া লোকে মাটিৰ পট্টা নাপাই সেইটো স্পষ্ট । পুনৰ ভেকোভাওনা কৰিছে চৰকাৰখনে ।"