ETV Bharat / state

মহানগৰীৰ পৰা সন্ধানহীন তিনি কিশোৰীক নিউ জলপাইগুৰিত উদ্ধাৰ - Missing in Guwahati

author img

By ETV Bharat Assamese Team

Published : Jun 25, 2024, 4:53 PM IST

Missing case in Assam: সোমবাৰে মহানগৰীৰ পৰা সন্ধানহীন হয় তিনি কিশোৰী । অভিভাৱকে বিদ্য়ালয়ত থৈছিল কিশোৰীকেইগৰাকীক । কেনেকৈ সন্ধানহীন হৈছিল কিশোৰীকেইগৰাকীক ? কোন টেম্প' চালকে পৰিয়ালক দিছিল খবৰ ?

Missing case in Assam
মহানগৰীৰ পৰা সন্ধানহীন হয় তিনি কিশোৰী (Google)

গুৱাহাটী, ২৫ জুন: গুৱাহাটী মহানগৰীৰ নুনমাটিৰ পৰা সন্ধানহীন হোৱা তিনি কিশোৰীৰ সন্ধান লাভ কৰিছে মহানগৰ আৰক্ষীয়ে । গুৱাহাটীৰ পৰা ৰে'ল যোগে মুম্বাইলৈ গৈ থকা অৱস্থাত ৰে'ল আৰক্ষীৰ সহযোগত তিনি কিশোৰীক নিউ জলপাইগুৰিত উদ্ধাৰ কৰিবলৈ সক্ষম হয় নুনমাটি থানাৰ আৰক্ষীয়ে । উদ্ধাৰ হোৱা তিনিগৰাকী কিশোৰীক লৈ নুনমাটি আৰক্ষীয়ে নিউ জলপাইগুৰিৰ পৰা গুৱাহাটী অভিমুখে ৰাওনা হৈছে । মঙলবাৰে নিশা আঠ বজাত কিশোৰী ছাত্ৰী কেইগৰাকীক লৈ নুনমাটি থানাত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে নুনমাটিৰ ২ নং শালবাৰী, উত্তৰ জ্যোতিনগৰৰ তিনিগৰাকী ছাত্ৰী সোমবাৰে পুৱা বিদ্যালয়লৈ অহাৰ পিচত নিৰুদ্দিষ্ট হৈ আছিল । নুনমাটি নেপালীচকৰ এখন বিদ্য়ালয়ত অধ্যয়নৰত এই কিশোৰী তিনিগৰাকী । সোমবাৰে পুৱা ৮:৩০ বজাত ছাত্ৰী তিনিগৰাকীক অভিভাৱকে স্কুলত থৈছিল । পুৱা ন বজাত স্কুলৰ শিক্ষকে উপস্থিতি লোৱাৰ সময়ত ছাত্ৰী তিনিগৰাকী সন্ধানহীন হোৱা বুলি জানিব পাৰে । লগে লগে বিদ্যালয় কৰ্তৃপক্ষই নিৰুদ্দিষ্ট ছাত্ৰী তিনিগৰাকীৰ অভিভাৱকৰ সৈতে যোগাযোগ কৰাত তেওঁলোক স্কুলত অহা বুলি কয় । ইয়াৰ পিচতে স্কুল কৰ্তৃপক্ষ আৰু অভিভাৱকে ঘটনা সন্দৰ্ভত পৃথকে পৃথকে নুনমাটি থানাত এজাহাৰ দাখিল কৰে ।

এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰ ৰজু কৰি সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ নুনমাটি আৰক্ষীয়ে নিৰুদ্দিষ্ট ছাত্ৰী কেইগৰাকীৰ সন্ধানত গুৱাহাটী ৰে'ল ষ্টেচনত অভিযান চলাই যদিও ছাত্ৰী তিনিগৰাকী ৰে'ল যোগে কলকাতা অভিমুখে ৰাওনা হোৱা বুলি নিশ্চিত তথ্য লাভ কৰে । লগে লগে নুনমাটি আৰক্ষীয়ে নিউ জলপাইগুৰি ৰে'ল আৰক্ষীক যোগাযোগ কৰি ছাত্ৰী তিনিগৰাকীক উদ্ধাৰ কৰিবলৈ অনুৰোধ কৰে । নুনমাটি আৰক্ষীৰ অনুৰোধত নিউ জলপাইগুৰি ৰে'ল আৰক্ষীয়ে অভিযান চলাই কলকাতা অভিমুখী ৰে'লত তিনি সন্ধনহীন ছাত্ৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:জামুগুৰিহাটত সক্ৰিয় নাৰী সৰবৰাহকাৰী চক্ৰ: একেদিনাই তিনি কিশোৰী সন্ধানহীন - Teenage Girl Missing In Jamugurihat

এই তথ্য লাভ কৰাৰ লগে লগে নুনমাটি থানাৰ উপ পৰিদৰ্শক আব্দুল মমীনৰ নেতৃত্বত আৰক্ষীৰ দল এটাই সোমবাৰে নিশাই নিউ জলপাইগুৰিলৈ ছাত্ৰী কেইগৰাকী উদ্ধাৰৰ বাবে ৰাওনা হয় । মঙলবাৰে নিশা আঠ মান বজাত ছাত্ৰী তিনিগৰাকী গুৱাহাটীত উপস্থিত হোৱাৰ সম্ভাৱনা আছে । বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, মুম্বাইৰ এটা নাৰী দেহ ব্যৱসায়ী চক্ৰই চাকৰি দিয়াৰ প্ৰলোভনেৰে গুৱাহাটীৰ পৰা তিনিওকে ৰে'ল যোগে মুম্বাইলৈ নিয়াৰ পৰিকল্পনা কৰিছিল ।

সেই মতে, ছাত্ৰী তিনিগৰাকী আলীপুৰদুৱাৰত উপস্থিত হোৱাৰ লগে লগে মুম্বাইৰ নাৰী দেহ ব্যৱসায়ী চক্ৰটোৱে এজন টেম্প' চালকক ফোন কৰি তিনিগৰাকী ছাত্ৰীক মুম্বাইলৈ লৈ যাবলৈ কয় । ইয়াৰ বিনিময়ত নাৰী দেহ ব্যৱসায়ী চক্ৰটোৱে টেম্প' চালকজনক বুজন পৰিমাণৰ ধন দিয়াৰ প্ৰলোভন দিয়ে । কিন্তু টেম্প'চালকজনে গুৱাহাটীৰ তিনি ছাত্ৰীৰ অভিভাৱকক ফোন যোগে অৱগত কৰে । এই তথ্যৰ ভিত্তিত নুনমাটি আৰক্ষী আৰু ৰে'ল আৰক্ষীয়ে তিনি কিশোৰী ছাত্ৰীক নিউ জলপাইগুৰিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক:চিলনী নৈত গা ধুবলৈ গৈ নিৰুদ্দিষ্ট এগৰাকী কিশোৰ - Boy Goes Missing

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.