কাছাৰ/বিহপুৰীয়া, ৭ জুলাই : প্ৰথমবাৰৰ বাবে ভূপেন বৰাৰ নাৰায়ণপুৰস্থিত বাসগৃহত সংঘটিত হ’ল চুৰিকাণ্ড ৷ এখন লোহাৰ গেটৰ লগতে দুখনকৈ কাঠৰ দৰ্জা ভাঙি চোৰে লণ্ড-ভণ্ড কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ বাসগৃহ ৷ এই ঘটনাক সাধাৰণ চুৰিকাণ্ড বুলি মানি লোৱা নাই কংগ্ৰেছ নেতাগৰাকীয়ে ৷
উল্লেখ্য যে শনিবাৰে নিশা নাৰায়ণপুৰৰ ভোগপুৰ চাৰিআলিস্থিত ভূপেন বৰাৰ বাসগৃহত চুৰিকাণ্ডটো সংঘটিত হয় ৷ ঘৰত কোনো নথকাৰ সুযোগ লৈ দুষ্কৃতিকাৰীয়ে লণ্ড-ভণ্ড কৰিলে ঘৰৰ ভিতৰৰ সকলো আচবাব ৷ কংগ্ৰেছ নেতাগৰাকীৰ শোৱনি কোঠাত প্ৰৱেশ কৰি লণ্ড-ভণ্ড কৰা হ’ল আলমিৰা, লকাৰ ৷
এই ঘটনা সংঘটিত হোৱাৰ পিচতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷ তেওঁ কয়, ‘‘ এয়া চুৰিকাণ্ড বুলি মই নাভাৱোঁ ৷ মোৰ জীৱনৰ প্ৰতি ভাবুকি আছে বুলি চৰকাৰক কৈছিলোঁ ৷ মই অসমৰ মূল বিৰোধী দলটোৰ সভাপতি ৷ এই ঘটনাক সাধাৰণ চুৰিৰ ঘটনা বুলি আৰক্ষীয়ে মানি ল’লে বুজিম যে মোৰ জীৱনৰ মূল্য লাহে লাহে কমি আহিছে ৷ বিগত 20 বছৰত ঘৰখনত এনে ঘটনা সংঘটিত হোৱা নাছিল ৷’’
লগতে পঢ়ক: ভূপেন বৰাক আক্ৰমণৰ ঘটনাৰ ন্যায়িক তদন্ত দাবী প্ৰদেশ কংগ্ৰেছৰ
কাছাৰত ভূপেন বৰাই কয়, ‘‘মোৰ সন্দেহ এয়া মোক ভাবুকি দিবলৈ চেষ্টা কৰিছে ৷ বহুদিনৰে পৰা মই নিৰাপত্তাহীনতাত ভুগি আছোঁ ৷ এবাৰ মোৰ গুৱাহাটীৰ ঘৰ ভাঙিবলৈ চেষ্টা কৰিছিল ৷ মোৰ পৰিবাৰৰ সন্দৰ্ভতো মন্ত্ৰীয়ে সংবাদমেল সম্বোধন কৰে ৷ মোৰ ভাইটিৰ চাকৰিৰ স্থান বদলি কৰি একেৰাতিৰ ভিতৰতে যোগদান কৰোৱাইছিল ৷ চতিয়াত মোক খুন্দিয়াই নাক ভাঙি দিছিল ৷ গোচৰ ৰুজু কৰি থৈছে মোৰ বিৰুদ্ধে ৷ মোৰ বিৰুদ্ধে কিবা এটা চলি আছে ৷’’
প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে দাবী কৰে যে এয়া চুৰিকাণ্ড নহয়, বিৰোধীৰ কণ্ঠ ৰোধ কৰাৰ ষড়যন্ত্ৰ ৷ গতিকে এই ঘটনা চুৰিকাণ্ড হিচাপে ধৰি ল’লে ভুল হ’ব বুলি কয় ভূপেন বৰাই ৷ ইফালে স্থানীয় লোকেও দাবী কৰে যে বিগত সময়ত উক্ত ঘৰখনত কোনোদিনে চুৰি আদি কাণ্ড সংঘটিত হোৱা নাছিল ৷ স্থানীয় একাংশ লোকে ভূপেন বৰাৰ নিৰাপত্তাক লৈ শংকিত হোৱা বুলি মন্তব্য কৰে ৷
উল্লেখ্য যে ঘটনাৰ খবৰ লাভৰ পিচতে ভোগপুৰস্থিত ভূপেন বৰাৰ বাসগৃহত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷
লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে উপ-নিৰ্বাচন বন্ধ কৰিবলৈ ষড়যন্ত্ৰ কৰিছে : ভূপেন বৰা