ETV Bharat / state

অসম দৰদী এজন উদ্যোগপতিক হেৰুৱাই মৰ্মাহত ৰাজ্যৰ ৰাজনৈতিক ৰথী-মহাৰথীও

Ratan Tata: বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসান । মন্ত্ৰী যোগন মহন, বিমল বড়াৰ লগতে সাংসদ গৌৰৱ গগৈৰ শোক প্ৰকাশ ।

author img

By ETV Bharat Assamese Team

Published : 3 hours ago

Ministers, MP condole industrialist Ratan Tata's death
অসম দৰদী এজন উদ্যোগপতিক হেৰুৱাই মৰ্মাহত ৰাজ্যৰ ৰাজনৈতিক ৰথী-মহাৰথীও (ETV Bharat Assam)

ডিব্ৰুগড়,১০ অক্টোবৰ: দেশৰ বিশিষ্ট উদ্যোগপতি ৰতন টাটাৰ দেহাৱসানত শোকস্তব্ধ হৈছে দেশবাসী । প্ৰবীণ উদ্যোগপতি তথা টাটা গ্ৰুপৰ অধ্যক্ষ ৰতন টাটাৰ বুধবাৰে ৮৬ বছৰ বয়সত মৃত্যু হয় । সোমবাৰৰ পৰা মুম্বাইৰ ব্ৰীচ কেণ্ডি হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ উদ্যোগপতিগৰাকীয়ে । অসমক উন্নয়নৰ দিশত আগবঢ়াই নিয়াত অতি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল বিশিষ্ট উদ্যোগপতি ৰতন টাটাই ।

কি কয় মন্ত্ৰী যোগেন মহনে:

দেশৰ বিশিষ্ট উদ্যোগপতিগৰাকীৰ মৃত্যুত দেশৰ লগতে অসমৰ ৰাইজৰ অপূৰণীয় ক্ষতি হৈছে বুলি মন্তব্য প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । মৰাণত বিশিষ্ট উদ্যোগপতিগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁ অসমৰ ৰাইজক দি যোৱা অৱদানৰ বিষয়ে উল্লেখ কৰে । লগতে কয়,"অসম দৰদী এজন উদ্যোগপতি আমি হেৰুৱালোঁ ।"

তেওঁৰ অসমৰ প্ৰতি থকা অৱদান আমি সকলোৱে স্মৰণ কৰিম: বিমল বড়া

মন্ত্ৰীগৰাকীয়ে কয়,"দেশৰ এগৰাকী প্ৰখ্যাত উদ্যোগপতি যিগৰাকীৰ অৱদানে ভাৰতবৰ্ষক সমৃদ্ধ কৰি গৈছে । ৰতন টাটাৰ মৃত্যুৱে ভাৰতবৰ্ষৰে নহয় পৃথিৱীৰ উদ্যোগজগত শূণ্য কৰি থৈ গ'ল । তেওঁৰ অসমৰ প্ৰতি থকা অৱদান আমি সকলোৱে স্মৰণ কৰিম । অসমত চেমি কণ্ডাক্টৰ আৰম্ভ কৰি প্ৰযুক্তিৰ ক্ষেত্ৰখনত বিশেষ মাত্ৰা দি গ'ল ।"

গৌৰৱ গগৈৰ মন্তব্য:

আনহাতে আজি মহা সপ্তমীৰ দিনটোত ডিব্ৰুগড়ৰ ১৫৪ বছৰ গৰকা এখন দুৰ্গা পূজাস্থলীত উপস্থিত হয় যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে । চহৰখনৰ আমোলাপট্টী ৰাজহুৱা নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত কৰা পূজাস্থলীত মা-দুৰ্গাৰ আৰ্শীবাদ লৈ বিশিষ্ট উদ্যোগপতিগৰাকীৰ মৃত্যুত দুখ প্ৰকাশ কৰে সাংসদ গগৈয়ে । সাংসদগৰাকীয়ে কয়," তেওঁ উদ্যোগজগতৰ তাৰকা আছিল । কেৱল ভাৰতৰ ভিতৰতে নহয় সমগ্ৰ বিশ্বতেই তেওঁৰ এটা চিনাকী আছিল । অসমৰ লগত তেওঁৰ সু-সম্পৰ্ক আছিল । দুবছৰৰ পূৰ্বে তেওঁক লগ পাইছিলোঁ । তেওঁ অসমক লৈ চিন্তিত আছিল ।"

লগতে পঢ়ক: ৰতন টাটাৰ বাবেই আজি অসমত সহজলভ্য হ'ল কৰ্কট ৰোগৰ চিকিৎসা

অসমহিতৈষী 'অসম বৈভৱ’ ৰতন টাটাক কেনেদৰে পাহৰিব অসমবাসীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.