ETV Bharat / state

হিৰণ্ময়‌ খাখলাৰীৰ হত্যাকাৰীক কঠোৰতম শাস্তি প্ৰদানৰ আশ্বাস মন্ত্ৰী ব্ৰহ্মৰ - UG Brahma in Dudhnoi

author img

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 7:24 PM IST

Murder in Dudhnoi: গোৱালপাৰা দুধনৈত চাঞ্চল্যকৰ হত্যাৰ বলি হোৱা হিৰণ্ময়‌ খাখলাৰীৰ মাতৃ আৰু পৰিয়ালক সাক্ষাৎ ৰাজ্য চৰকাৰৰ প্ৰতিনিধি তথা মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মৰ । ভুক্তভোগীৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদানৰ আশ্বাস মন্ত্রীগৰাকীৰ ।

Murder in Dudhnoi
UG Brahma in Dudhnoi (ETV Bharat Assam)

গোৱালপাৰা, 26 জুন: গোৱালপাৰা জিলাৰ দুধনৈত যোৱা মে’ মাহত সংঘটিত হৈছিল এক দলবদ্ধ ধর্ষণকাণ্ড । জনজাতীয় লোকসকলৰ বাইষ উৎসৱ উদযাপন কৰি ঘৰমুৱা অৱস্থাত তিনিটা পাষণ্ডই দুগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি অচেতন অৱস্থাত পেলাই থৈ গৈছিল নদীৰ পাৰত ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হৈছিল ভয়ংকৰ মাৰপিট । ধৰ্ষণকাণ্ড সংঘটিত কৰা যুৱকৰ পৰিয়ালৰ আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা হিৰণ্ময় খাখলাৰী নামৰ যুৱকজনৰ গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত মৃত্যু হৈছিল ।

মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম (ETV Bharat Assam)

প্ৰায় দুমাহৰ পিচত দুধনৈত চাঞ্চল্যকৰ হত্যাৰ বলি হোৱা হিৰণ্ময় খাখলাৰীৰ বাসগৃহত বুধবাৰে উপস্থিত হয় মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্ম । মন্ত্ৰীগৰাকীয়ে নিহত হিৰণ্ময় খাখলাৰীৰ দুৰ্ভগীয়া মাতৃ বাসন্তী খাখলাৰী আৰু পৰিয়ালবৰ্গক সাক্ষাৎ কৰি ঘটনাৰ সবিশেষ বুজ লোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷

লগতে পঢ়ক: শোৱাপাটীতে স্বামীক ডিঙি কাটি হত্যা : মৰিয়নীত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি - Brutal murder in Mariani

এনে বৰ্বৰ কাৰ্যক গৰিহণা দি জনজাতীয় যুৱক এগৰাকীক নিজৰ গাঁৱৰ সমীপতে হত্যা কৰা কাণ্ডত আশ্চৰ্য প্ৰকাশ কৰে মন্ত্ৰী ব্ৰহ্মই । মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত হিৰণ্ময় খাখলাৰীৰ পৰিয়ালৰ খবৰ ল’বলৈ উপস্থিত হয় তেওঁ । ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত কৰা মূল অপৰাধী ধন তালুকদাৰৰ লগতে আন দোষীসকলক কঠোৰতম শাস্তি বিহাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: ছুটীত আহি চি আৰ পি এফ জোৱানে ঘৰৰ ভিতৰতে প্ৰেমিকৰ সৈতে পালে পত্নীক : তাৰ পিচতেই ঘটিল হত্যাকাণ্ড - CRPF jawan murder

ইপিনে মূল অভিযুক্ত ধন তালুকদাৰৰ নেতৃত্বত অঞ্চলটোত চলি থকা দুষ্কাৰ্যসমূহ পুলিয়ে-পোখাই নিঃশেষ কৰিবলৈ চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ বিষয়টোৰ সন্দৰ্ভত অতি সোনকালে মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰি নিহত আৰু ধৰ্ষিতা দুয়োৰে পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰাৰ উপৰিও ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদানৰ আশ্বাস প্ৰদান কৰে ।

লগতে পঢ়ক: নিশা শোৱাপাটীৰ পৰা নি মাতৃয়ে পুখুৰীলৈ দলিয়ালে 40 দিনীয়া কন্যা শিশুক - Mother kills daughter

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, বিগত দুমাহ ধৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত বিশেষকৈ বিশেষ সম্প্ৰদায়ৰ লোকসকলে বসবাস কৰা এলেকাত এনেধৰণৰ অপৰাধজনিত ঘটনা দিনক দিনে বৃদ্ধি পাইছে । যিসকল দুষ্কৃতিকাৰীয়ে এনেধৰণৰ ঘটনা সংঘটিত কৰি আহিছে তেওঁলোকক সাৱধান হ’বলৈ একপ্ৰকাৰ নিৰ্দেশ দিয়ে মন্ত্ৰী ব্ৰহ্মই । অন্যথা বিগত দিনত যিদৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে পদক্ষেপ লৈছিল তেনে পৰিবেশ পুনৰাবৃত্তি ঘটিব বুলি তেওঁ সকীয়াই দিয়ে ।

লগতে পঢ়ক: জ্যেষ্ঠ ভাতৃক বচাবলৈ গৈ কনিষ্ঠ ভাতৃয়ে হেৰুৱালে এখন হাত - Clashes between two groups

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.