ETV Bharat / state

ঘৰৰ মানুহেও কিয় গালি পাৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ? - Price hike

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 10:12 AM IST

Minister Ranjeet Kumar Dass: ঘৰৰ মানুহৰো গালি শুনিবলগীয়া হয় অসম চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে । সংবাদ মাধ্যমৰ সন্মুখতেই মন্ত্ৰীগৰাকীয়ে যেন দিলে অকপট স্বীকাৰোক্তি । কিন্তু কিয় মন্ত্ৰীগৰাকীয়ে খাবলগীয়া হয় ঘৰৰ মানুহৰ গালি ? জানিবলৈ পঢ়ক আমাৰ এই প্ৰতিবেদন-

Price hike in Assam
ঘৰৰ মানুহেও কিয় গালি পাৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ? (Ranjeet Kumar Dass FB page)

নগাঁও, 11 ছেপ্টেম্বৰ: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে খাবলগীয়া হয় ঘৰৰ মানুহৰো গালি । এয়া আমাৰ কথা নহয়, বিৰোধী অথবা কোনো দল-সংগঠনৰো অভিযোগ নহয় । খোদ ৰাজ্য চৰকাৰৰ এগৰাকী কেবিনেট মন্ত্ৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত অকপটে স্বীকাৰ কৰিলে এই কথা । নিশ্চয় আপোনাৰো জানিবলৈ মন গৈছে ঘৰৰ মানুহৰ গালি কিয় খাব লাগে এই মন্ত্ৰীগৰাকীয়ে ৷

ঘৰৰ মানুহেও কিয় গালি পাৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ? (ETV Bharat)

ঘৰৰ মানুহৰ গালি খাবলগীয়া হোৱা মন্ত্ৰীগৰাকী হৈছে ৰাজ্যৰ বিয়াগোম খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰো দায়িত্বত থকা মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । আচলতে যোগান বিভাগৰ দায়িত্বত থকা বাবেই ঘৰৰ মানুহৰো গালি খাবলগীয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে । আপুনি হয়তো ভাবিছে মন্ত্ৰীয়েও ঘৰত গালি খাব লাগেনে ?

শেহতীয়াকৈ ৰাজ্যত অভাৱনীয় হাৰত বৃদ্ধি পোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি তুলেছে সৰ্বসাধাৰণ জনতাক । পাচলিৰ দাম শুনিলে গ্ৰাহকে এবাৰ পকেটলৈ এবাৰ হাতৰ মোনাখনলৈ চাবলগীয়া অৱস্থা । বজাৰ কৰিবলৈ গৈ পকেট খালি হৈ গ’লেও যেন পূৰ নহয় বজাৰ কৰিবলৈ হাতত লৈ যোৱা মোনাখন । কাৰণ প্ৰতিবিধ সামগ্ৰীৰেই বৃদ্ধি পাইছে দাম ।

মঙলবাৰে নগাঁৱত মূল্যবৃদ্ধি সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মূল্যবৃদ্ধিৰ কাৰণ ব্যাখ্যা কৰি মূল্যবৃদ্ধিৰ বাবেই নিজেও ঘৰৰ মানুহৰ গালি খোৱা বুলি অকপটে স্বীকাৰ কৰে । মন্ত্ৰী দাসে কয়, ‘‘অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি হোৱা বাবেই মই নিজেও সপ্তাহত দুদিনমান ঘৰৰ মানুহৰ গালি খাবলগীয়া হয় ।’’ মূল্যবৃদ্ধিক লৈ দেশৰ প্ৰধানমন্ত্ৰীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীও উদ্বিগ্ন বুলি মন্তব্য কৰে মন্ত্ৰী দাসে ।

লগতে অসমত হোৱা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰো কাৰণ ব্যাখ্যা কৰিলে মন্ত্ৰীগৰাকীয়ে । অসমক গ্ৰাহক ৰাজ্য বুলি উল্লেখ কৰি মূল্যবৃদ্ধি সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ দাসে কয় যে অসম তথা ভাৰতবৰ্ষ উৎপাদনশীল ৰাজ্য নহয় । বহিঃৰাষ্টৰ পৰা ক্ৰয় কৰিবলগীয়া হয় সৰিয়হৰ দৰে সামগ্ৰী । যাৰ বাবেই দেশ তথা অসমত বৃদ্ধি হয় মিঠাতেলৰ দাম ৷

যেতিয়ালৈকে ঘৰুৱাভাৱে অধিক উৎপাদন কৰা নহয়, তেতিয়ালৈকে মূল্যবৃদ্ধি ৰোধ কৰাটো অসম্ভৱ বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ সমগ্ৰ দেশ তথা অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন চিন্তা-চৰ্চা কৰি থকা বুলিও মঙলবাৰে নগাঁৱত সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ।

লগতে পঢ়ক: ৰাজ্যত কেতিয়া অনুষ্ঠিত হ’ব পঞ্চায়ত নিৰ্বাচন ? পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীয়ে দিলে ইংগিত - Panchayat election in Assam

বিদ্যালয়ক গ্ৰেডিং পদ্ধতি প্ৰদান সন্দৰ্ভত কি ক'লে শিক্ষামন্ত্রীয়ে ? - School Quality Assessment

মাটিৰ খাজনা বৃদ্ধি কৰা সন্দৰ্ভত কি ক’লে ৰাজহ মন্ত্ৰী যোগেন মহনে - Minister Jogen Mohan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.