ডিব্ৰুগড়,৫ জুলাই: ৰাজ্যত বলিয়া বানে সৃষ্টি কৰিছে জটিল পৰিস্থিতি । কেইবাটাও স্থানত মথাউৰি ছিগাৰ ফলত দুখ-দুৰ্দশা বৃদ্ধি পাইছে বানাক্ৰান্তৰ । বানৰ ভয়াবহতাৰ মাজত শাসক-বিৰোধী নামি পৰিছে ৰাজনৈতিক বাক-বিতণ্ডাত । অসমৰ বান পৰিস্থিতিক লৈ বিধানসভাৰ বিশেষ অধিবেশন অনুষ্ঠিত কৰিবলৈ দাবী জনাই বিধায়ক অখিল গগৈয়ে । আনহাতে গৌৰৱ গগৈয়ে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, "অসম চৰকাৰৰ শক্তিশালী মন্ত্রীৰ লগত মিলি জলসম্পদ বিভাগৰ ঠিকাদাৰে অতি নিম্ন মানৰ কাম কৰি আহিছে । সেয়া মথাউৰিয়ে হওক, ড্ৰেইনেই হওক । সমগ্ৰ অসমতে এইদৰে নিম্ন মানৰ কাম কৰা হৈছে ।"
বিৰোধী দুই নেতাৰ সমালোচনাৰ পাচতে এতিয়া মুখ খুলিছে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ডিব্ৰুগড়ৰ খোৱাঙত বান পৰিস্থিতি বুজ ল'বলৈ অহা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই শুকুৰবাৰে খোৱাঙৰ ভগ্ন মথাউৰি-ৰিংবান্ধ শীঘ্ৰেই শক্তিশালীকৈ নিৰ্মাণৰ আশ্বাস দিয়ে ৷ বান পৰিস্থিতি শাম কটাৰ পাচত নিজে আহি পুনৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷
আনহাতে গৌৰৱ গগৈৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ পীযুষ হাজৰীকাই কয়, "কংগ্ৰেছৰ দিনত মথাউৰি বেছি ভাগিছিল, বিজেপিৰ দিনত সেয়া কম হৈছে ৷ গৌৰৱ গগৈৰ পিতৃৰ দিনত ৩৫৪ টালৈকে মথাউৰি ভাঙিছিল, এতিয়া ১৫-২০ টাহে মথাউৰি ভাঙে ।" খোৱাঙৰ ছিগা ৰিংবান্ধ কংগ্ৰেছৰ দিনত বনোৱা বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ৷ আনহাতে বৰ্তমান চৰকাৰক সমালোচনা কৰাতকৈ গৌৰৱ গগৈৰ পিতৃ মুখ্যমন্ত্ৰী থকা সময়ৰ কথা মনত পেলাবলৈ কয় মন্ত্ৰীগৰাকীয়ে ৷
ইফালে অখিল গগৈক চৰকাৰক সমালোচনা কৰাৰ পৰিৱৰ্তে, বিধানসভাৰ বিশেষ অধিবেশনৰ চিন্তা কৰি বিপৰীতে ৰাইজৰ মাজলৈ গৈ দুখ-দুৰ্দশাৰ খবৰ ল'বলৈ আহ্বান জনাই মন্ত্রী হাজৰীকাই । এনে বিপদৰ সময়ত ৰাজনীতি নকৰি আৰ্তজনক সহায় কৰিবলৈ অখিল গগৈক পৰামৰ্শ দিয়ে মন্ত্ৰীগৰাকীয়ে ।