গুৱাহাটী,৮ অক্টোবৰ : "কংগ্ৰেছে আকাশত চাং পতাৰ দৰে কথা কৈ লাভ নাই । প্ৰথম কথা হ'ল তেওঁলোকৰ চৰকাৰ হ'ব লাগিব, তেতিয়াহে ভূপেন বৰা মুখ্যমন্ত্ৰী হ'ব পাৰিব ।" সোমবাৰে এই মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । বিৰোধীক তীব্ৰ কটাক্ষ কৰি সাংবাদিকৰ আগত ৰহাৰ আঁহতগুৰিত এইদৰে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।
তেওঁ কয়, "মই যি শুনি আছো ভূপেন বৰা ডাঙৰীয়াই সমষ্টি বদলাইছে । লুৰীণজ্যোতি গগৈ ডাঙৰীয়াইও সমষ্টি বদলাব । তেওঁলোকৰ নিজৰ জিকাৰে ঠিক নাই । নিজৰ যদি জিকা ঠিক থাকে সমষ্টি বদলাই ফুৰে নেকি ?" তেওঁ কয়,"তেওঁলোকৰ নিজৰে জিকাৰ ঠিক নাই, ক'ত চৰকাৰ হ'ব ? গতিকে এইবিলাক আকাশত চাং পতাৰ কথা । আমি ৰাইজৰ কাম কৰিছো, ৰাইজক সুশাসন দিছো, আমি আকৌ চৰকাৰ গঠন কৰিম । হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব ।"
বিৰোধীৰ নাম সলনিক কটাক্ষ :
বিৰোধী ঐক্য মঞ্চৰ নাম সলনিক লৈও মন্ত্ৰীগৰাকীয়ে বিৰোধীক তীব্ৰ কটাক্ষ কৰে । মন্ত্ৰীগৰাকীয়ে কয়,"জ্যোতিষীৰ কথা মতে হয়তো তেওঁলোকে নাম বদলাইছে, নাম যিয়েই নহওঁক তেওঁলোকক কোনেও ৰক্ষা কৰিব নোৱাৰে, মানুহে আমাক ৰক্ষা কৰিব ।"
বিত্তীয় সংকট :
আনহাতে, চৰকাৰখন আৰ্থিক সংকটত ভোগা বুলি বিৰোধীয়ে তোলা অভিযোগ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলাই কয় যে চৰকাৰ অলপো আৰ্থিক সংকটত ভোগা নাই । মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ দিয়া ভাষ্যৰ কথা উল্লেখ কৰি তেওঁ কয়, "আমি প্ৰত্যেক মাহে অৰুণোদয়ৰ টকা দি আছো । প্ৰত্যেক মাহে আমি পেঞ্চন দিয়ে আছো বা আমাৰ যিমানবিলাক আঁচনি আছে সকলোবোৰ সুন্দৰভাৱে চলি আছে । সৌ সিদিনা আমি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত ২৫,৫০০ ল'ৰাক ৭৫ হাজাৰকৈ টকা দিলো । কালি অসমৰ ১ লাখ ৫৭ হাজাৰ ৫০০ ছোৱালীক মাহে ১২৫০ আৰু ২৫০০ কৈ টকা দিলো । ৰাস্তা-পথৰ কাম চলি আছে, দলঙৰ কাম চলি আছে, মেডিকেল কলেজৰ কাম চলি আছে, ক'ত চৰকাৰ দেউলীয়া হৈছে ? তেওঁলোকে এইবোৰ অপপ্ৰচাৰ চলাইছে । কোনে অপপ্ৰচাৰ চলায়, ৰাইজে জানে অপপ্ৰচাৰকাৰীৰ কথাত ৰাইজ ভোল নাযায় ৷"
আনহাতে, উপ-নিৰ্বাচনত ৫ টা সমষ্টিতে বিজেপিয়ে জয়লাভ কৰিব বুলিও সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে ।
লগতে পঢ়ক :দুৰ্ঘটনামুক্ত দুৰ্গোৎসৱ উদযাপনৰ লক্ষ্যৰে আৰম্ভ ৰাজ্যিক পথ সুৰক্ষা সপ্তাহ