ETV Bharat / state

চি বি আইৰ পৰা কোনেও ৰেহাই নাপায় : মন্ত্ৰী পীযুষ হাজৰীকা - online trading scam

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2024, 8:56 PM IST

Pijush Hazarika on online trading : ট্ৰেডিঙত বিজেপিৰ কোনো নাই, কংগ্ৰেছৰহে নাম থকা বুলি বাতৰিত পাইছোঁ । চি বি আইৰ পৰা কোনেও ৰেহাই নাপায় । জনজাতীয় লোকক কংগ্ৰেছে ক্ষমা খোজক । এই দাবী মন্ত্ৰী পীযুষ হাজৰীকাৰ ।

Pijush Hazarika on online trading
চি বি আইৰ পৰা কোনেও ৰেহাই নাপায় : মন্ত্ৰী পীযুষ হাজৰীকা (ETV Bharat Assam)

তেজপুৰ, ১৬ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিঙৰ ঘটনাই সমগ্ৰ ৰাজ্য জোকাৰি থকাৰ সময়তে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাই অনলাইন ট্ৰেডিং কেলেংকাৰীত কংগ্ৰেছ দলৰ লোকহে জড়িত থকাৰ দাবী জনাইছে । তেওঁ কয়, "আমাৰ কোনো লোক নাই, মই কংগ্ৰেছ দলৰ লোকহে জড়িত থকাৰ কথা কাকতত পঢ়িবলৈ পাইছোঁ ।"

মন্ত্ৰীগৰাকীয়ে লগতে কয়, "বিজেপিৰেই হওক বা কংগ্ৰেছৰেই হওক, যিজনেই ট্ৰেডিঙৰ সৈতে জড়িত আছে, সেইসকলৰ কোনো সাৰি যাব নোৱাৰে ৷ সকলোৱে শাস্তি পাবই ৷" তেজপুৰত এই মন্তব্য ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ ৷

তেজপুৰস্থিত শোণিতপুৰ আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত অংশ লোৱাৰ পিচত সংবাদ মাধ্যমৰ আগত ট্ৰেডিং সন্দৰ্ভত মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয়, "মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটত সিদ্ধান্ত লৈ গোচৰটোৰ তদন্ত দেশৰ সৰ্বোচ্চ তদন্তকাৰী সংস্থা চি বি আইক অৰ্পণ কৰিছে আৰু চি বি আইৰ তদন্তৰ পৰা ইয়াৰে জড়িত কোনোৱেই সাৰি যাব নোৱাৰে ৷"

চি বি আইৰ ওপৰত সম্পূৰ্ণ ভৰসা থকাৰ বিষয়ে উল্লেখ কৰি শোণিতপুৰৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই কয়, "চৰকাৰ এইক্ষেত্ৰত যথেষ্ট কঠোৰ আৰু সেইবাবেই ট্ৰেডিঙৰ বিষয়টো চৰ্চালৈ অহাৰ ১৫ দিনৰ ভিতৰতে ইয়াৰ তদন্ত চি বি আইক অৰ্পণ কৰা হৈছে ৷ চি বি আইক এইদৰে তদন্তৰ দায়িত্ব দিয়াৰ নজিৰ আগতে নাই ৷"

চি বি আই তদন্ত

আনহাতে, কংগ্ৰেছে অনা অভিযোগৰ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকাই কয়, “অলপ দিনৰ ভিতৰতে চি বি আইৰ দল অসমলৈ তদন্তৰ বাবে আহিব ৷ তেতিয়া তেওঁলোকে ইয়াৰ সৈতে জড়িত থকা সকলোকে মাতিবই ৷ এইকথা তেতিয়া সকলোৱে গমেই পাব ৷ চি বি আইৰ পৰা কোনো সাৰিব নোৱাৰে ৷ কিন্তু মই দৃঢ়তাৰে কওঁ, ইয়াৰ লগত আমি কোনো জড়িত নাই ৷ মই সতীৰ্থসকলকো সুধিছোঁ, কিন্তু আমাৰ কোনো ইয়াত জড়িত নাই ৷ ওলোটাই কাকতে-পত্ৰই কংগ্ৰেছৰহে কোনোবা কোনোবা জড়িত থকাৰ কথা পঢ়িবলৈ পাইছোঁ ৷”

সোণাপুৰ-কাণ্ড সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰীকা

ইফালে সোণাপুৰৰ কচুতলীৰ উচ্ছেদ সন্দৰ্ভত কংগ্ৰেছে কৰা বিৰোধিতাৰ তীব্ৰ সমালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয়, “কংগ্ৰেছ দলৰ এইটো চৰিত্ৰ ৷ ১৯৫০ চনত তেওঁলোকেই খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত জনজাতীয় বেল্ট ঘোষণা কৰিছিল ৷ পৰৱৰ্তী সময়ত ইয়াত কংগ্ৰেছৰ দিনতেই বহু সন্দেহজনক লোকে আহি দখল কৰিলে ৷ আমি নিয়ম অনুসৰি জনজাতীয় লোকসকলৰ ভূমিত উচ্ছেদ চলাইছোঁ ৷ আগতে বেদখলকাৰীসকলক জাননী দিয়া হৈছে ৷ কিন্তু তাৰপিচতো তেওঁলোক আঁতৰি নোযোৱাৰ বাবে উচ্ছেদ চলোৱা হৈছে ৷ কংগ্ৰেছ জনজাতীয় লোকৰ পক্ষত নাই ৷ জনজাতীয় লোকসকলক অসন্মান কৰাৰ বাবে তেওঁলোকক কংগ্ৰেছে ক্ষমা খোজাৰ বাবে মই দাবী জনাইছোঁ ৷”

লগতে পঢ়ক :কংগ্ৰেছক অসমৰ জনজাতীয় লোকক ক্ষমা খোজাৰ আহ্বান পীযুষৰ - Sonapur Eviction
লগতে পঢ়ক :ট্রেডিঙৰ জৰিয়তে মানুহক প্ৰবঞ্চনা কৰি কোনো সাৰি যাব নোৱাৰে: পীযুষ হাজৰীকা - Minister Pijush Hazarika

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.