ETV Bharat / state

ধিঙৰ জঘন্য ঘটনাৰ বাবে চৰকাৰে যি কৰিব লাগে কৰিব: পীযুষ হাজৰীকা - Dhing rape case - DHING RAPE CASE

Dhing rape case: নগাঁৱৰ ধিঙত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ জঘন্য ঘটনাক লৈ সৃষ্টি হৈছে ৰাজ্যজুৰি ক্ষোভ-প্ৰতিবাদ । এই ঘটনা সন্দৰ্ভত শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই । দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ মন্ত্ৰীগৰাকীৰ ।

Minister Pijush Hazarika react on incident of Dhing
ধিঙত নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনাত পীযুষ হাজৰীকাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 23, 2024, 6:00 PM IST

গুৱাহাটী,২৩ আগষ্ট: "ধিঙৰ ঘটনা বৰ্বৰোচিত ঘটনা, গৰিহণা দিয়াৰো ভাষা নাই । ঘটনাৰে জড়িত কোনো বাচি যাব নোৱাৰে, কঠোৰ শাস্তি হ’ব দোষীৰ । এই জঘন্য ঘটনাৰ বাবে চৰকাৰে যি কৰিব লাগে কৰিব ।" - এই মন্তব্য মন্ত্রী পীযুষ হাজৰীকাৰ । নগাঁৱৰ ধিঙত এগৰাকী নাবালিকাক দলবদ্ধ ধৰ্ষণৰ জঘন্য ঘটনা সন্দভৰ্ত সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ।

ধিঙত নাবালিকাক দলবদ্ধ ধৰ্ষণৰ ঘটনাত পীযুষ হাজৰীকাৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

মন্ত্রীগৰাকীয়ে কয়,"দলবদ্ধ ধৰ্ষণৰ এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছো যদিও অন্তৰৰ কথা প্ৰকাশ কৰিব পৰা নাই । এই বৰ্বৰ ঘটনাৰ বাবে ক'বলৈ মই শব্দ বিচাৰি পোৱা নাই । ইয়াৰ বিৰুদ্ধে নিশ্চয়কৈ কঠোৰ শাস্তি হ'ব । মুখ্যমন্ত্রীয়ে ইতিমধ্যে টুইটযোগে জনাইছে যে দোষীক ৰেহাই দিয়া নহ'ব । ঘটনাস্থলীলৈ আৰক্ষী সঞ্চালক প্ৰধান গৈছে । মুখ্যমন্ত্রীয়ে মোকো ধিঙলৈ যাবলৈ নিৰ্দেশ দিছে ।"

লগতে তেওঁ কয়,"এটা কথা অসমবাসীক ক'ব খোজো যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে এই জঘন্য ঘটনাৰ কাৰণে যি কৰিব লাগে, যিমানখিনি কৰিব লাগে সকলোখিনি কৰিব । কোনোৱে ইয়াৰ পৰা সাৰি যাব নোৱাৰিব আৰু দোষীয়ে কঠোৰৰ পৰা কঠোৰতম শাস্তি লাভ কৰিব ।"

মন্ত্রীগৰাকীয়ে লগতে কয়,"ঘটনাটোৰ বাবে ৰাইজ ওলাই অহাটো স্বাভাৱিক । কাৰণ এনেকৈ বাৰে বাৰে য'তে ত'তে এই ঘটনাবিলাক হৈ আছে আৰু নিৰ্দ্দিষ্ট কিছুমান মানুহে এই কাম কৰি আছে । ৰাইজ অশান্তিত তথা ক্ষোভত থকাটো স্বাভাৱিক । মই নগাঁও জিলাৰ অভিভাৱক মন্ত্রী । মই কালিৰে পৰাই জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰে যোগাযোগত আছো । এনেকুৱা বেয়া ঘটনা হৈ থাকিলে মানুহৰ ক্ষোভ নিশ্চয়কৈ হ'ব । আমাৰ কি হ'ব, অসম কোন দিশে গৈ আছে সেয়া চিন্তাৰ কথা । কিছু নিৰ্দ্দিষ্ট মানুহে অসমীয়া মানুহক বাৰে বাৰে আক্ৰমণ কৰিছে । বাৰে বাৰে সন্ত্রাসিত কৰিছে, বিভিন্ন প্ৰকাৰে নিৰ্যাতন চলাইছে । আমি আৰু অধিক কঠোৰ হ'ব লাগিব । চৰকাৰ বহি নাথাকে ।"

উল্লেখ্য যে নগাঁৱৰ ধিঙৰ জঘন্য-বৰ্বৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । সকলোৱে এই ঘটনাক একমুখে ধিক্কাৰ দিছে আৰু দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবী উত্থাপন কৰিছে । টিউচনৰ পৰা ঘৰলৈ উভতি অহাৰ সময়ত দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল নাবালিকাগৰাকী । নিশা মুমূৰ্ষু অৱস্থাত উদ্ধাৰ হৈছিল নাবালিকাগৰাকী । ঘটনাটোক কেন্দ্ৰ কৰি ৰাজ্যজুৰি জোকাৰণিৰ সৃষ্টি হৈছে । বিভিন্ন দল-সংগঠনে এই ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰাৰ লগতে দোষীক কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে ।

লগতে পঢ়ক: মানুহৰ ভিতৰত থকা জন্তুটো কেনেকৈ চৰকাৰে বুজি উঠিব ? ধিং কাণ্ডক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া - Assam CM reacts on Dhing rape case

ধিংকাণ্ড : দোষীক ফাঁচীৰ দাবী আলফা স্বাধীনৰ - Dhing rape case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.