ETV Bharat / state

হাতীমূৰা মথাউৰিৰ সুৰক্ষা বান্ধক লৈ সামাজিক মাধ্য়মত কি ক'লে পীযুষ হাজৰীকাই ? - Minister Pijush Hazarika

author img

By ETV Bharat Assamese Team

Published : Jul 29, 2024, 10:25 PM IST

Hatimura Embankment : কলিয়াবৰৰ ৰাইজৰ মাজৰ পৰা আঁতৰা নাই বান বিভীষিকা । শ্লুইছ গে'ট সংলগ্ন হাতীমূৰা মথাউৰিৰ ভগ্ন অংশক লৈ শংকিত হৈ আছে জনতা । ইয়াৰ মাজতেই কলিয়াবৰবাসীৰ বাবে ভাল খবৰ দিলে মন্ত্ৰী পীযুষ হাজৰীকাই ।

Hatimura Embankment
হাতীমূৰা মথাউৰি (ETV Bharat Assam)

কলিয়াবৰ, ২৯ জুলাই: ২৭ দিনৰ পাচত শ্লুইছ গে'ট সংলগ্ন হাতীমূৰা মথাউৰিৰ ভগ্ন অংশটোৰ সন্মুখৰ সুৰক্ষা বান্ধটো মেৰামতি কৰিবলৈ সক্ষম হৈছে জলসম্পদ বিভাগ । সামাজিক মাধ্যম যোগে এই বিষয়ে উল্লেখ কৰিছে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই ।

হাতীমূৰা মথাউৰি (ETV Bharat Assam)

জলসম্পদৰ অভিযন্তা-কৰ্মচাৰীক প্ৰশংসা :

এই সন্দৰ্ভত ফেচবুক যোগে মন্ত্ৰী পীযুষ হাজৰীকাই লিখিছে," শ্লুইছ গে'টৰ সন্মুখত থকা কফাৰডেমটো মেৰামতি কৰি দুয়োমূৰ সংযোগকৰণেৰে কলংমুখত বান নিয়ন্ত্ৰণৰ বাবে জলসম্পদ বিভাগে দিনে-নিশাই অবিৰতভাৱে প্ৰয়াস অব্যাহত ৰাখিছিল । উল্লেখ্য যে ভৰালুইতৰ পানীৰ তীব্ৰ সোঁত আৰু আনুষংগিক ভিন্ন প্ৰত্যাহ্বানৰ বাবে এই কাম অতি সহজে সম্ভৱপৰ হৈ উঠা নাছিল যদিও বিভাগীয় অভিযন্তা-কৰ্মচাৰীৰ তৎপৰতা তথা অশেষ শ্ৰম-কষ্টৰ ফলত জিঅ’বেগ, পাৰ্কুপাইন আদিৰ প্ৰয়োগেৰে কফাৰডেমৰ ছিগা অংশ আজি পুৱা সংযোগ কৰিবলৈ সক্ষম হৈছে । এই অংশত প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী কৰিবলৈ বিভাগীয় অভিযন্তা-কৰ্মচাৰীসকলে এতিয়াও কাম অব্যাহত ৰাখিছে ।"

মেৰামতিৰ বুজ ল'লে মুখ্য অভিযন্তাই :

ইপিনে,সোমবাৰে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা ভাস্কৰ শৰ্মা হাতীমূৰাত উপস্থিত হৈ কফাৰডেম মেৰামতিৰ বিষয়ে বুজ লোৱাৰ উপৰি বিভাগীয়া বিষয়া-কৰ্মচাৰী, ঠিকাদাৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰে আলোচনাত মিলিত হয় । এই সন্দৰ্ভত মুখ্য অভিযন্তাগৰাকীয়ে কয়," ব্ৰহ্মপুত্ৰৰ জলস্তৰৰ উচ্চতা আৰু তীব্ৰ সোঁতৰ বাবে কলঙৰে সংযোগী নলাটো বন্ধ কৰোতে ভবাতকৈ অধিক সময় লাগিল । নলাটো বন্ধ হৈছে যদিও কফাৰডেমৰ মেৰামতি এতিয়াও সম্পূৰ্ণ হোৱা নাই । নলাটো বন্ধ কৰা স্থানত জি'অ'টিউব বহুৱাই বান্ধটো অধিক শক্তিশালী কৰিবলৈ দুদিনমান সময় লাগিব । "

যোৱা সময়ছোৱাত বানৰ কৱলত পৰি কলিয়াবৰৰ লগতে নগাঁৱৰ কিছু অঞ্চলৰ যি ক্ষতি হ'ল তাৰ বাবে দুখ প্ৰকাশ কৰি অভিযন্তাগৰাকীয়ে লগতে কয়," ই এক অনাকাংখিত ঘটনা আছিল, যাৰ বাবে আমি দুঃখিত । বান্ধটো মেৰামতি হ'লে কলিয়াবৰৰ ৰাইজ যি শংকাত আছে সেয়া মুক্ত হ'ব পাৰিব । ভগ্ন মথাউৰিৰ সন্মুখৰ কফাৰডেমটো বন্ধ কৰাৰ লগতে হাতীমূৰা মথাউৰিৰ ভগ্ন অংশৰ কলঙৰ ফালে এটা বান্ধ নিৰ্মাণৰ কৰি আছে জলসম্পদ বিভাগে । এই সুৰক্ষা বান্ধটো পূৰ্বৰ দৰে সম্পূৰ্ণভাৱে নিৰ্মাণ কৰিবলৈ এতিয়াও দিনে-নিশাই কাম কৰি আছে জলসম্পদ বিভাগে । তথাপি এতিয়াও অসমত বাৰিষাৰ সমাপ্তি নোহোৱালৈ চাই সজাগ আৰু সচেতন হৈ থকা ভাল । "

শ্লুইছ গেট নিৰ্মাণকাৰী প্ৰতিষ্ঠানক ব্লেক লিষ্টেড কৰাৰ দাবী জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ - AJYCP protest

বানৰ সময়ত ৰাজনীতি কৰা উচিত নহয় : দেৱব্ৰত শইকীয়াৰ ক্ষোভৰ কাৰণ কি জানেনে ? - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.