ETV Bharat / state

ৰঙাপৰাত মন্ত্ৰী নন্দিতা গাৰ্লোচা: পাঁচটা প্ৰকল্পৰ আধাৰশিলা স্থাপন - বিকাশ যাত্ৰা

Vikas Yatra Assam: ৰঙাপৰাত উপস্থিত হৈ মন্ত্ৰী নন্দিতা গাৰ্লোচাই আধাৰশিলা স্থাপন কৰিলে পাঁচটা প্ৰকল্পৰ । ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময়ো কৰে মন্ত্ৰীগৰাকীয়ে ৷

Nandita Gorlosa in Rangapara
ৰঙাপৰাত মন্ত্ৰী নন্দিতা গাৰ্লোচা
author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 9:09 PM IST

ৰঙাপৰাত মন্ত্ৰী নন্দিতা গাৰ্লোচা

ৰঙাপৰা, 5 মাৰ্চ: শোণিতপুৰ জিলাৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ ফুলগুৰিত মঙলবাৰে উপস্থিত হয় অসম চৰকাৰৰ শক্তি, ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচা । মন্ত্ৰীগৰাকীয়ে ফুলগুৰিৰ পি এম শ্ৰী কদমতল উচ্চ মাধ্যমিক বিদ্যালয়খনত উপস্থিত হৈ অসম চৰকাৰৰ বিকাশ যাত্ৰাৰ অংশ হিচাপে একেটা স্থানৰ পৰা পাঁচটা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে আধাৰশিলা স্থাপন অনুষ্ঠানটোত অসম চৰকাৰৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ লগতে শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, শোণিতপুৰ জিলা পৰিষদৰ প্ৰাক্তন সভানেত্ৰী ডলী চুৰিণ, জিলাসমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, বালিপৰা প্ৰাথমিক শিক্ষাখণ্ডৰ বিষয়া মনিশ ঠাকুৰ, ৰঙাপৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া মিনাক্ষী দিহিঙ্গীয়া, লোকনিৰ্মাণ বিভাগৰ অধীক্ষক বিজয় শৰ্মা, চাৰিদুৱাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া ড৹ ক্ষীৰোদ কমল হাজৰিকা, বিজেপিৰ শোণিতপুৰ জিলাৰ সভানেত্ৰী দীপামণি শইকীয়া, ৰঙাপৰা পৌৰসভাৰ পৌৰপতি হৰিসাধন দাসে ধৰি বহুকেইগৰাকী অতিথি উপস্থিত থাকে ।

জাতীয় সংগীতেৰে অনুষ্ঠিত হোৱা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে পি এম শ্ৰী কদমতল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন চক্ৰৱৰ্তীয়ে । ইফালে ৰঙাপৰাৰ পি এম শ্ৰী কদমতল উচ্চ মাধ্যমিক বিদ্যালয়খনৰ পৰাই মন্ত্ৰী নন্দিতা গাৰ্লোচাই ফুলবাৰী চাহ বাগিচাৰ জগন্নাথ সমূহীয়া ভৱন, আদাবাৰী চাহ বাগিচাৰ জগন্নাথ সমূহীয়া ভৱন, গ্ৰামীণ আন্তগাঁথনি বিকাশ পুঁজিৰ দ্বাৰা ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাথঁনি উন্নয়ন, সমগ্ৰ শিক্ষা অভিযান অধীনত কদমতল উচ্চ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়খনলৈ উন্নীতকৰণ, গ্ৰামীণ আন্তগাঁথনি বিকাশ পুঁজিৰ দ্বাৰা ঘোঁৰামাৰী হেমবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰে ।

অসম চৰকাৰে বিকাশ যাত্ৰাৰ জৰিয়তে বিশেষকৈ শিক্ষানুষ্ঠানসমূহত আন্তঃগাথঁনিৰে উন্নয়ন কৰাৰ লক্ষ্য বান্ধি লোৱা বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে । সভাৰ অন্তত মন্ত্ৰীগৰাকীয়ে বিদ্যালয়ৰখনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে ।

লগতে পঢ়ক: বঙাইগাঁৱত বিকাশ যাত্ৰা কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.