ETV Bharat / state

অম্বুবাচী মেলালৈ কোন সময়ত কিদৰে যাব পাৰিব- ক'লে মন্ত্রী জয়ন্ত মল্লবৰুৱাই - Ambubachi Mela 2024

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 10:55 PM IST

Ambubachi Mela : কামাখ্যাৰ প্ৰশান্তি টুৰিষ্ট ল'জত সংবাদমেলত অম্বুবাচী মেলাৰ সবিশেষ সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৷ এইবাৰ শনিবাৰৰ পৰা 27 জুনলৈ কোনো ধৰণৰ ভি আই পি পাছৰ ব্যৱস্থা নাথাকিব ৷ ভি আই পি দৰ্শনৰো কোনো ব্যৱস্থা নাথাকিব ৷ কামাখ্যা ৰে’ল ষ্টেছনত স্থাপন কৰা শিবিৰত 5-6 হাজাৰ লোক থকাৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

AMBUBACHI MELA
অম্বুবাচীক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল (ETV BHARAT ASSAM)

গুৱাহাটী, 21 জুন : অম্বুবাচী উপলক্ষ্যে মা কামাখ্যাৰ শৰণলৈ অহা লাখ লাখ ভক্ত-দৰ্শনাৰ্থীক আদৰিবলৈ যাৱতীয় সকলো প্ৰস্তুতিৰে সাজু হৈছে অসম চৰকাৰ ৷ আজি কামাখ্যাৰ প্ৰশান্তি টুৰিষ্ট ল'জত আয়োজন কৰা এখন সংবাদমেলত অম্বুবাচী মেলাৰ সবিশেষ সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷ তেওঁ কয় যে শনিবাৰৰ পৰা আৰম্ভ হ'ব মহা অম্বুবাচী মেলা ৷ এই মেলা সুকলমে সম্পন্ন কৰাৰ বাবে সকলো বিভাগ জড়িত হৈ আছে ৷ এইবাৰ শনিবাৰৰ পৰা 27 জুনলৈ কোনো ধৰণৰ ভি আই পি পাছৰ ব্যৱস্থা নাথাকিব ৷ ভি আই পি দৰ্শনৰো কোনো ব্যৱস্থা নাথাকিব ৷ এই ক্ষেত্ৰত ভি পি আই পাছৰ বাবে অনুৰোধ নজনোৱাৰ বাবে চুবুৰীয়া ৰাজ্যকো জনোৱা হৈছে ৷

অম্বুবাচী মেলাৰ সবিশেষ সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (ETV BHARAT ASSAM)

যাতে কোনেও বিশেষ দৰ্শনৰ বাবে আহ্বান নজনায় ৷ বিশেষকৈ মন্দিৰৰ দুৱাৰ খোলাৰ পাচত 26 আৰু 27 জুনত বিশেষ কোনো ব্যৱস্থা নাথাকিব ৷এনে হ'লে ভক্তসকলৰ অসুবিধা হয় ৷ দৰ্শনৰ বাবে কেবাদিনো অপেক্ষা কৰা ভক্তসকলে যাতে মন্দিৰ খোলাৰ পাচত দৰ্শনৰ বাবে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে এই ব্যৱস্থা কৰা হৈছে ৷ 27 জুনলৈ সকলোৰে বাবে একেই ব্যৱস্থা থাকিব বুলি জনায় মন্ত্ৰীজনে ৷

তেওঁ লগতে কয় যে কামাখ্যালৈ যোৱা মুখ্য পথেৰে কোনো গাড়ী ওপৰলৈ উঠিব নোৱাৰিব ৷ পাণ্ডুৰ ফালৰ পৰা বিকল্প পথেৰে উঠিব পাৰিব যদিও ফেৰী বাহনৰ ব্যৱস্থা থাকিব ৷ কোনেও নিজা বাহন লৈ যাব নোৱাৰিব বুলি তেওঁ কয় ৷ আনহাতে এইবাৰ কামাখ্যালৈ যোৱা মূল পথ নিশা 8 বজাত বন্ধ কৰি দিয়া হ'ব ৷ নিশা 8 বজাৰ পাচত কোনো লোক ওপৰলৈ যাব নোৱাৰিব ৷ সেইদৰে কামাখ্যালৈ যোৱা পাণ্ডুৰ বিকল্প পথেৰে নিশা 9 বজালৈ যাব পাৰিব ৷ নিশা 9 বজাৰ পাচত পাণ্ডু পথো বন্ধ কৰি দিয়া হ'ব ৷ কোনোবা যাব বিচাৰিলে ইয়াৰ আগতে যাব লাগিব বুলি প্ৰকাশ কৰে মন্ত্ৰী বৰুৱাই ৷

লগতে পঢ়ক : শনিবাৰৰ পৰা মহা অম্বুবাচী মেলা : আঠ বজাৰ পাচত পদাৰ্পণ কৰিব নোৱাৰিব কামাখ্যাত - AMBUBACHI MELA 2024

মন্ত্ৰীজনে লগতে কয় যে এইবাৰ সকলো ভক্তকে জোতা-ছেন্দেল কামাখ্যাৰ মূল পথতে থৈ আহিবলৈ আহ্বান জনোৱা হৈছে ৷ নীলাচল পাহাৰৰ মূল পথৰ উৰণ সেতুৰ তলত জোতা-ছেন্দেল ৰখাৰ বাবে ৰেকৰ ব্যৱস্থা কৰা হৈছে ৷ সকলোৱে তাতে নিজৰ জোতা-ছেন্দেল ৰাখি খালী ভৰিৰে ওপৰলৈ যাব লাগিব ৷ পূৰ্বৰ অভিজ্ঞতাৰ পৰা এই ব্যৱস্থা কৰা হৈছে ৷ অন্যথা পূৰ্বতে অম্বুবাচীৰ পাচত ট্ৰাকেৰে জোতা-ছেন্দেল পেলাব লগীয়া হৈছে ৷ এইবাৰ ওপৰত ৰখাৰ ব্যৱস্থা কৰা হোৱা নাই ৷ উৰণ সেতুৰ তলত ৰাখি উঠি যাবলৈ আহ্বান জনাই তেওঁ কয় যে বেছি গৰম হ'লে ৰাস্তাত পানী মৰাৰ ব্যৱস্থা কৰা হ'ব ৷ তদুপৰি প্ৰশান্তি টুৰিষ্ট ল'জৰ পৰা কামাখ্যালৈ কাৰ্পেটৰ ব্যৱস্থা কৰা হৈছে ৷ আনহাতে বাহিৰৰ পৰা অহা তীৰ্থযাত্ৰীৰ বাবে দুটা অস্থায়ী শিবিৰৰ ব্যৱস্থা কৰা হৈছে ৷ কামাখ্যা ৰে’ল ষ্টেছনত স্থাপন কৰা শিবিৰত 5-6 হাজাৰ লোক থকাৰ ব্যৱস্থা কৰা হৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

মন্ত্ৰী বৰুৱাই কয় যে, পাণ্ডু পৰ্টত 15-20 হাজাৰ লোক থকাৰ ব্যৱস্থা আছে ৷ প্ৰয়োজন হ'লে কামাখ্যা ষ্টেচনত আৰু ব্যৱস্থা কৰিব পৰা যাব ৷ অম্বুবাচী মেলাৰ কেইদিনত নিৰ্দিষ্ট কৰি দিয়া স্থানৰ বাহিৰে আন ঠাইত কোনো ব্যক্তিয়ে খাদ্য নাইবা পানী বিতৰণ কৰিব নোৱাৰিব ৷ অনুমতিবিহীনভাৱে কোনেও কোনো সামগ্ৰী বিতৰণ কৰিব নোৱাৰিব ৷ পানী যোগানৰ ব্যৱস্থা ঠায়ে ঠায়ে কৰা হৈছে ৷ তেওঁ সকলোকে নিয়ম মানি চলাৰ আহ্বান জনাই কয় যে শনিবাৰে সন্ধিয়া 6 বজাত পাণ্ডু পৰ্টত উদ্বোধন অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷ এইবাৰ বেছি প্ৰচাৰ কৰা নাই বুলি প্ৰকাশ কৰি তেওঁ কয় যে পূৰ্বতে অম্বুবাচীৰ কেইদিনত 20-25 লাখ লোকৰ সমাগম হয় ৷ প্ৰতি বছৰে এই সংখ্যা বাঢ়ি গৈ আছে ৷ এইবাৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি তেওঁ কয় ৷ অম্বুবাচীৰ বাবে ৰাজ্য চৰকাৰে 5 কোটি টকাৰ বাজেট ধাৰ্য কৰিছে বুলি সদৰী কৰি তেওঁ কয় যে এইবাৰ প্ৰচাৰৰ বাবে খৰচ কৰা হোৱা নাই ৷ নিৰাপত্তা আৰু সুৰক্ষাৰ ক্ষেত্ৰত যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : কামাখ্যা দেৱালয়ৰ 'অম্বুবাচী'ৰ প্ৰকৃত অৰ্থ কি ? - Ambubachi Mela 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.