নলবাৰী, ৩১ আগষ্ট : নলবাৰীত শীঘ্ৰে স্থাপন হ’ব এখন মিনি চিৰিয়াখানা ৷ নলবাৰীত ঘোষণা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ৷ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত অনুষ্ঠিত ‘ছাত্ৰীৰ সৈতে কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মত-বিনিময়’ শীৰ্ষক এক অনুষ্ঠানত অংশ লৈ সাংবাদিকৰ আগত এই ঘোষণা মন্ত্ৰীগৰাকীৰ ৷ অৱশ্যে মিনি চিৰিয়াখানা স্থাপনৰ কাম এতিয়াও প্ৰাৰম্ভিক অৱস্থাতে আছে বুলি জনায় মন্ত্ৰীগৰাকীয়ে ৷
মিনি চিৰিয়াখানাখন স্থাপনৰ ক্ষেত্ৰত ইতিমধ্যে জিলা আয়ুক্ত আৰু উত্তৰ কামৰূপ ডিভিজনে ঠাই পৰিদৰ্শন কৰি থকা বুলিও জনায় ৷ নলবাৰীবাসীক পৰ্যটনৰ ক্ষেত্ৰত কিছু আগুৱাই নিবলৈ মিনি চিৰিয়াখানাখনৰ বাবে পৰিকল্পনা সম্পূৰ্ণ বুলি জনাই মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ।
উল্লেখযোগ্য যে শনিবাৰে নলবাৰীৰ আগশাৰীৰ স্ত্ৰীশিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ ছাত্ৰঘৰে এক মত-বিনিময় শীৰ্ষক অনুষ্ঠান অনুষ্ঠিত কৰে শনিবাৰে । য’ত ছাত্ৰীসকলকৰ মনৰ কথা, সমস্যা আদিৰ বুজ লোৱাৰ উদ্দেশ্যে আজি পোনপটীয়াকৈ এই মত-বিনিময় অনুষ্ঠানটো অনুষ্ঠিত হয় ৷ ছাত্ৰীসকলে বিভিন্ন সমস্যাৰ প্ৰসংগত মন্ত্ৰীগৰাকীক প্ৰশ্ন সোধে আৰু মন্ত্ৰীগৰাকীয়েও সেইসমূহ প্ৰশ্নৰ উত্তৰ দি যায় ৷
এগৰাকী ছাত্ৰীক মাহে তিনি হাজাৰকৈ দিব জয়ন্ত মল্লবৰুৱাই :
নলবাৰীৰ এম এন চি বালিকা মহাবিদ্যালয়ত চলি আছিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ সৈতে মহাবিদ্যালয়খনৰ ছাত্ৰীসকলৰ মত-বিনিময় অনুষ্ঠান । উক্ত মত-বিনিময় অনুষ্ঠানতে ছাত্ৰীসকলে বিভিন্ন অভিযোগ উত্থাপিত কৰি মন্ত্ৰীগৰাকীৰ পৰা সমাধান বিচাৰি উত্থাপন কৰিছিল বহুকেইটা প্ৰসংগ । ইয়াৰ মাজতে এগৰাকী ছাত্ৰীয়ে উচুপি উঠা দেখা পায় মন্ত্ৰীগৰাকীয়ে ৷ মহাবিদ্যালয়খনৰ শিক্ষা বিভাগৰ অতি মেধাৱী ছাত্ৰী নীলাক্ষী দাসে কান্দি কান্দি মন্ত্ৰীক অৱগত কৰালে পঢ়াত তেওঁ সন্মুখীন হোৱা সমস্যাৰ কথা । পিতৃৰ উপাৰ্জনৰ একমাত্ৰ মাধ্যম গাড়ীখন চুৰি হোৱাৰ পিছৰে পৰা তেওঁলোকে সমুখীন হোৱা সমস্যাৰ কথা মন্ত্ৰীগৰাকীক জনায় । নিজৰ মাটি নোহোৱাৰ বাবে জলপানি লাভৰ পৰাও ছাত্ৰীগৰাকী বঞ্চিত হোৱাৰ কথাও জয়ন্ত মল্লবৰুৱাক জনায় । তাৰ পিছতেই মন্ত্ৰীগৰাকীয়ে ছাত্ৰীগৰাকীক প্ৰতিমাহে তিনিহাজাৰ টকাকৈ এবছৰৰ খৰচৰ দায়িত্ব লোৱাৰ কথা ঘোষণা কৰে ।
উল্লেখযোগ্য যে জিলাখনৰ ধুৰকুছি গাৱঁৰ পৰা ১২ কিঃ মিঃ দূৰত্বত চহৰত অৱস্থিত মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়লৈ পঢ়িবলৈ দৈনিক অহা-যোৱা কৰাত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল নীলাক্ষী । পূৰ্বতে পিতৃৰ টেম্পোখনতেই কলেজলৈ আহি আছিল যদিও বিগত বৰ্ষৰ দুৰ্গা পূজাৰ পিছত নীলাক্ষীৰ পিতৃৰ টেম্পোখন চোৰে লৈ গৈছিল । তাৰ পিছৰে পৰা ছাত্ৰীগৰাকীয়ে কলেজলৈ ইমান দূৰ বাট আহিবলৈ আৰ্থিকভাৱে সমস্যাৰ সন্মুখীন হৈছিল ।
লগতে পঢ়ক : মোদী-হিমন্তৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ
বিদ্যালয়লৈ যোৱাৰ পথত ছাত্ৰী অপহৰণৰ অপচেষ্টা, গ্ৰেপ্তাৰ দুই অভিযুক্ত