গুৱাহাটী : বেজৰ নাকতে খৰ ! কোটি কোটি টকাৰ জালিয়াতি কৰি মাত্ৰ কেইদিনমান আগতে মন্ত্ৰী যোগেন মহনৰ বিশেষ কৰ্তব্যৰত বিষয়া গ্ৰেপ্তাৰ হোৱাৰ পিছত এইবাৰ জালিয়াতিৰ বিস্ফোৰক অভিযোগ উঠিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ জ্যেষ্ঠ মন্ত্ৰী অশোক সিংহলৰ ব্যক্তিগত সহায়কৰ বিৰুদ্ধে ৷ অভিযোগ উঠিছে মন্ত্ৰী অশোক সিংহলৰ ব্যক্তিগত সহায়ক প্ৰণৱজ্যোতি ভূঞাৰ বিৰুদ্ধে ৷ বিস্ফোৰক অভিযোগেৰে মুখ্যমন্ত্ৰীলৈ তথ্যসহ অভিযোগপত্ৰ প্ৰেৰণ কৰিছে শিৱসাগৰৰ ছাহিদ আলী নামৰ এগৰাকী ব্যক্তিয়ে । এই পত্ৰই এতিয়া খলকনি তুলিছে দিছপুৰ আৰু জনতা ভৱনৰ ভিতৰচ'ৰাত ।
কোন এই প্ৰণৱজ্যোতি ভূঞা ?
যুৱকজনৰ নাম প্ৰণৱজ্যোতি ভূঞা ৷ তেওঁৰ সামাজিক মাধ্যমত স্পষ্টভাৱে উল্লেখ আছে অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলৰ ব্যক্তিগত সহায়ক বুলি ৷ প্ৰণৱজ্যোতি ভূঞাৰ পৰিচয় মন্ত্ৰী অশোক সিংহলৰ ব্যক্তিগত সহায়কতেই শেষ হোৱা নাই । মন্ত্ৰী সিংহলৰ ব্যক্তিগত সহায়ক হোৱাৰ সুবিধাত এতিয়া চৰম জালিয়াতিৰ আশ্ৰয় লৈ জলসিঞ্চন বিভাগৰ ঠিকা হস্তগত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অশোক সিংহলৰ এইগৰাকী ব্যক্তিগত সহায়কৰ বিৰুদ্ধে ৷
জলসিঞ্চন বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ হিচাপে পঞ্জীয়নত ভুৱা নথি !
এইজন প্ৰণৱজ্যোতি ভূঞা বৰ্তমান ৰাজ্যৰ জলসিঞ্চন বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ ৷ প্ৰণৱজ্যোতি ভূঞাই যোৱা ৩১ মাৰ্চত 'ভূঞা ব্ৰাডাৰ্ছ'ৰ নামত এখন ফাৰ্ম জলসিঞ্চন বিভাগত পঞ্জীয়ন কৰায় ৷ কিন্তু নিজৰ ঠিকা কৰাৰ পূৰ্বৰ অভিজ্ঞতাৰ প্ৰমাণ দিবলৈ তেওঁ কেইবাখনো ভুৱা প্ৰমাণপত্ৰ আৰু জালিয়াতিৰে প্ৰস্তুত কৰা নথি দাখিল কৰাৰ অভিযোগ উঠিছে । মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত স্পষ্টভাৱে এই কথা উল্লেখ কৰা হৈছে । মুখ্যমন্ত্ৰীলৈ দিয়া অভিযোগ পত্ৰত উল্লেখ কৰা হৈছে, মন্ত্ৰী অশোক সিংহলৰ সহায়ক প্ৰণৱজ্যোতি ভূঞাই নিজৰ অভিজ্ঞতাৰ প্ৰমাণ দিবলৈ দাখিল কৰিছে লোক নিৰ্মাণ বিভাগৰ প্ৰথম শ্ৰেণীৰ ঠিকাদাৰৰ পঞ্জীয়ন পত্ৰ আৰু এখন ৱৰ্ক অৰ্ডাৰ ৷
লোক নিৰ্মাণ বিভাগত তেওঁৰ ফাৰ্ম পঞ্জীয়নৰ প্ৰমাণপত্ৰও লগত মুখ্যমন্ত্ৰীলৈ গাঁঠি দিছে অভিযোগকাৰীয়ে ৷ এই অনুসৰি ২০২২ চনৰ ১০ অক্টোবৰত তেওঁ লোক নিৰ্মাণ বিভাগত ভূঞা ব্ৰাডাৰ্ছ নামৰ ফাৰ্ম পঞ্জীয়ন কৰা বুলি এখন প্ৰমাণপত্ৰ দাখিল কৰিছে ৷ য'ত তেওঁৰ ফাৰ্মৰ পঞ্জীয়ন নম্বৰ দেখুওৱা হৈছে –APWRD/R/1C/GNL/2022-25/52258 ৷ কিন্তু আচৰিত হ'বলগীয়া কথাটো হ'ল লোক নিৰ্মাণ বিভাগৰ ঠিকাদাৰৰ যি তালিকা বিভাগটোৰ ৱেবছাইটত উল্লেখ আছে, তাৰ কোনো স্থানতে এই পঞ্জীয়ন নম্বৰৰ ফাৰ্মৰ উল্লেখ নাই ৷ একেদৰেই তেওঁ গোৱালপাৰাত লোক নিৰ্মাণ বিভাগৰ এটা পথ নিৰ্মাণৰ ৱৰ্ক অৰ্ডাৰ এখনো অভিজ্ঞতাৰ প্ৰমাণপত্ৰ হিচাপে দাখিল কৰিছে ৷ কিন্তু প্ৰণৱজ্যোতি ভূঞাই গোৱালপাৰাতো এনে কোনো পথ নিৰ্মাণেই কৰা নাই বুলি অভিযোগ উঠিছে ৷ অভিযোগ অনুসৰি, গোৱালপাৰাৰ পথ বিভাগৰ অধীক্ষক অভিযন্তাৰ নামতো এই ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই লৈছে মন্ত্ৰী সিংহলৰ ব্যক্তিগত সহায়কজনে ৷
আৰক্ষীৰ প্ৰমাণপত্ৰও ভুৱা বুলি গুৰুতৰ অভিযোগ :
কেৱল অভিজ্ঞতাৰ প্ৰমাণপত্ৰতে জালিয়াতি নহয়, প্ৰণৱজ্যোতি ভূঞাৰ বিৰুদ্ধে উত্থাপন হৈছে আৰক্ষীৰ প্ৰমাণপত্ৰ জালিয়াতি কৰাৰ গুৰুতৰ অভিযোগ ৷ তেওঁ জলসিঞ্চন বিভাগৰ ঠিকাদাৰ হিচাপে পঞ্জীয়ন কৰিবলৈ আৰক্ষীৰ যি প্ৰমাণপত্ৰ দাখিল কৰিছে, সেইখনো ভুৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ অশোক সিংহলৰ ব্যক্তিগত সহায়কক চৰিত্ৰৰ প্ৰমাণপত্ৰ দিছে নলবাৰীৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে ৷ কিন্তু আশ্চৰ্যজনক কথাটো হ'ল এইগৰাকী প্ৰণৱজ্যোতি ভূঞাৰ স্থায়ী ঠিকনা-বিশ্বনাথ চাৰিআালি আৰু তেওঁৰ ফাৰ্মৰ ঠিকনা হ'ল গুৱাহাটী ৷ তেনেস্থলত তেওঁ নলবাৰীৰ আৰক্ষীৰ প্ৰমাণপত্ৰ দাখিল কৰাটোৱেই ৰহস্যজনক !
তদুপৰি তেওঁ যিখন প্ৰমাণপত্ৰ দাখিল কৰিছে সেইখনো ভুৱা বুলিয়েই গুৰুতৰ অভিযোগ উঠিছে ৷ মুখ্যমন্ত্ৰীৰ টেবুলত এতিয়া প্ৰণৱজ্যোতি ভূঞাৰ বিৰুদ্ধে তথ্যসহ অভিযোগপত্ৰ । যদি এই অভিযোগ সত্য প্ৰমাণিত হয় তেন্তে এই ভুৱা নথিপত্ৰৰ সহায়তে প্ৰণৱজ্যোতি ভূঞা হৈ পৰিছে জলসিঞ্চন মন্ত্ৰী অশোক সিংহলৰ বিভাগৰ এজন প্ৰথম শ্ৰেণীৰ ঠিকাদাৰ ৷ ইফালে কেৱল ঠিকাদাৰ হোৱাই নহয় মন্ত্ৰীৰ ব্যক্তিগত সহায়ক হৈ তেওঁ জলসিঞ্চন বিভাগৰ কেইবাটাও বিয়াগোম ঠিকা হস্তগত কৰিছে বুলি অভিযোগ উঠিছে ৷
ইতিমধ্যেই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে লাভ কৰিছে অশোক সিংহলৰ ব্যক্তিগত সহায়কজনৰ জালিয়াতিৰ তথ্য সম্বলিত অভিযোগ ৷ কিন্তু দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱা বুলি ঘোষণা কৰি অহা ৰাজ্য চৰকাৰে তেওঁৰ বিৰুদ্ধে তদন্ত বা আন একো ব্যৱস্থা বৰ্তমানলৈ গ্ৰহণ কৰা নাই ৷ এয়াও হৈ পৰিছে আন এক ৰহস্যৰ কাৰণ ৷ কাৰণ যোৱা অক্টোবৰ মাহৰ ১৪ তাৰিখেই এই অভিযোগ পত্ৰ লিখা হৈছিল ৷ মন্ত্ৰীৰ ব্যক্তিগত সহায়ক হোৱা বাবেই প্ৰণৱজ্যোতি ভূঞাই দিছপুৰৰ পৰা ৰক্ষণাবেক্ষণ লাভ কৰিছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে ৷
লোক নিৰ্মাণ বিভাগৰো পঞ্জীয়ন পত্ৰ ভুৱা বুলি কিয় সন্দেহ ?
মুখ্যমন্ত্ৰীলৈ লিখা অভিযোগ পত্ৰখনত উল্লেখ কৰা হৈছে যে পঞ্জীয়ন নম্বৰত ঠিকাদাৰৰ জাতিগত পৰিচয় 'GEN', 'OBC', 'SC', 'ST' আদি কোডত উল্লেখ থাকে ৷ সেই অনুসৰিয়ে ঠিকাদাৰ এজনে বিড চিকিউৰিটি জমা দিব লাগে ৷ কিন্তু প্ৰণৱজ্যোতি ভূঞাৰ ফাৰ্মৰ পঞ্জীয়ন নম্বৰক লৈ উঠিছে প্ৰশ্ন ৷ তেওঁৰ পঞ্জীয়ন নম্বৰ হৈছে-APWRD/R/1C/GNL/2022-25/52258 ৷ তেওঁৰ ঠিকাদাৰৰ জাতিগত পৰিচয়ত উল্লেখ আছে 'GNL' বুলি ৷ এনে পৰিচয় কোনো বিভাগৰে ঠিকাদাৰৰ পঞ্জীয়ন নম্বৰত উল্লেখ নাথাকে ৷ সাধাৰণ শ্ৰেণীৰ হ'লে 'GEN' বুলিহে উল্লেখ থাকে ৷ ইয়াৰ পৰাই সন্দেহ কৰা হৈছে যে প্ৰণৱজ্যোতি ভূঞাৰ লোক নিৰ্মাণ বিভাগৰ এই পঞ্জীয়ন পত্ৰ ভুৱা আৰু জালিয়াতিৰে প্ৰস্তুত কৰা ৷ এই কথাও অভিযোগ পত্ৰত সন্নিৱিষ্ট কৰিছে অভিযোগকাৰীয়ে ।
পঞ্জীয়ন হোৱাৰ আগতেই ৱৰ্ক অৰ্ডাৰ লাভ ভূঞা ব্ৰাডাৰ্ছৰ :
প্ৰণৱজ্যোতি ভূঞাৰ ঠিকাদাৰী ফাৰ্ম ভূঞা ব্ৰাডাৰ্ছে গোৱালপাৰাৰ লোকনিৰ্মাণ বিভাগৰ পৰা এটা ৱৰ্ক অৰ্ডাৰ লাভ কৰা বুলি উল্লেখ কৰা হৈছে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত ৷ ৱৰ্ক অৰ্ডাৰৰ প্ৰতিলিপিত তাৰিখ উল্লেখ আছে ২০২২ চনৰ ২২ ছেপ্টেম্বৰ বুলি ৷ আনহাতে তেওঁৰ ঠিকাদাৰী ফাৰ্ম পঞ্জীয়ন কৰা বুলি দেখুওৱা হৈছে ২০২২ চনৰ ১০ অক্টোবৰত ৷ অৰ্থাৎ পঞ্জীয়ন হোৱাৰ আগতেই লোক নিৰ্মাণ বিভাগৰ ঠিকাৰ ৱৰ্ক অৰ্ডাৰ লাভ কৰিলে ভূঞা ব্ৰাডাৰ্ছে ৷ এই সাধাৰণ বিশ্লেষণৰ পৰাই মন্ত্ৰী অশোক সিংহলৰ ব্যক্তিগত সহায়ক প্ৰণৱজ্যোতি ভূঞাই এখন এখনকৈ ভুৱা নথি প্ৰস্তুত কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছে অভিযোগকাৰীয়ে ৷ সি যিয়েই নহওঁক এতিয়া জলসিঞ্চন বিভাগৰ শক্তিশালী ঠিকাদাৰ হৈছে প্ৰণৱজ্যোতি ভূঞা ৷
প্ৰতিক্ৰিয়া প্ৰকাশৰ পৰা বিৰত প্ৰণৱজ্যোতি ভূঞা :
আনহাতে, এই প্ৰসংগত প্ৰতিক্ৰিয়া জানিবলৈ অভিযুক্ত প্ৰণৱজ্যোতি ভূঞাৰ ব্যক্তিগত ফোন নম্বৰত একাধিকবাৰ যোগাযোগ কৰা হৈছে যদিও তেওঁৰ পৰা সঁহাৰি লাভ কৰা হোৱা নাই । আনহাতে বৰ্তমান তেওঁৰ ফোন নম্বৰ যোগাযোগ সীমাৰ বাহিৰত থকাৰ বাবেই তেওঁৰ মতামত জানিব পৰা হোৱা নাই ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে মন্ত্ৰী অশোক সিংহলৰ ব্যক্তিগত সহায়কজনৰ বিৰুদ্ধে উঠা এই অভিযোগক কিমান গুৰুত্ব সহকাৰে লয় সেয়া হ'ব লক্ষণীয় ।
লগতে পঢ়ক :১৯৭ টা EVM, ১৫ ৰাউণ্ডৰ ভোটগণনাত নিৰ্ণয় হ'ব দিপ্লু-তানজিলৰ ভাগ্য