ETV Bharat / state

কেনে আছে কলিয়াবৰত ত্ৰাস সৃষ্টি কৰা ঢেকীয়াপতীয়াটো ? - LEOPARD RESCUED IN KALIABOR

পিঞ্জৰাবদ্ধ হ’ল কলিয়াবৰত ত্ৰাস সৃষ্টি কৰা ঢেকীয়াপতীয়াটো ৷ বাঘটোক ট্ৰেংকুইলাইজড কৰি বন বিভাগে পিঞ্জৰাবদ্ধ কৰে ৷

TIGER TERROR IN KALIABOR
পিঞ্জৰাবদ্ধ ঢেকীয়াপতীয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 4:39 PM IST

কলিয়াবৰ: অৱশেষত পিঞ্জৰাবদ্ধ কলিয়াবৰত ত্ৰাসৰ সৃষ্টি কৰি অহা ঢেকীয়াপতীয়া বাঘটো ৷ বুধবাৰে দিনটো দৌৰি-ঢাপৰি আঘাতপ্ৰাপ্ত বাঘটো কলঙৰ পাৰতে প্ৰায় ১০ ঘন্টা ধৰি লেবেজান হৈ শুই পৰিছিল ৷ চেগ বুজি বুধবাৰে বাঘটোক ট্ৰেংকুইলাইজড কৰি বন বিভাগে পিঞ্জৰাবদ্ধ কৰে ৷

উল্লেখ্য যে, বুধবাৰে কলং সুঁতি পাৰ হ'বলৈ চেষ্টা কৰা ঢেকীয়াপতীয়াটোলৈ লক্ষ কৰি একাংশ লোকে শিলগুটি নিক্ষেপ কৰি আঘাত কৰিছিল । ফলত চকু আৰু ভৰিত গুৰুতৰভাৱে আঘাত পাইছিল বাঘটোৱে ।

পিঞ্জৰাবদ্ধ ঢেকীয়াপতীয়া বাঘটো (ETV Bharat Assam)

বুধবাৰে বিয়লি বাঘটোক উক্ত স্থানৰ পৰা খেদি পঠিয়াবলৈ বন বিভাগে চেষ্টা কৰিছিল ৷ কিন্তু শৰীৰত আঘাত পোৱাৰ বাবে অসুস্থ বাঘটোৱে শুই থকা স্থানৰ পৰা লৰচৰ কৰিব পৰা নাছিল ।

তাৰ পাছতে বাঘটো উদ্ধাৰৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যঘ্ৰ প্ৰকল্পৰ পাণবাৰী বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰৰ এটা বিশেষজ্ঞৰ দলৰ লোক উক্ত স্থানত উপস্থিত হয় । অৱশেষত বহু চেষ্টাৰ অন্তত দুখনকৈ এক্সকেভেটৰত উঠি বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰ (CWRC)ৰ কৰ্মী তথা পশু চিকিৎসক আৰু বন বিভাগৰ দলে বাঘটো ট্ৰেংকুইলাইজড কৰে ।

সাধাৰণ দৃষ্টিত বাঘটো সুস্থ অৱস্থাত আছে যদিও কেন্দ্ৰলৈ নি পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্ততহে ইয়াৰ স্বাস্থ্যৰ বিষয়ে জানিব পৰা যাব ৷ সংবাদ মাধ্যমৰ আগত এই কথা অৱগত কৰে চিকিৎসক তথা বন বিভাগৰ লোকে ৷

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, বন বিভাগ, আৰক্ষী, কলিয়াবৰ সম-জিলা প্ৰশাসনৰ দণ্ডাধীশৰ উপস্থিতিত বুধবাৰে নিশা বাঘটোক পিঞ্জৰাবদ্ধ কৰা হয় । বিগত ৫ মাহ ধৰি কলিয়াবৰৰ জনাঞ্চলত বনৰজাই ত্ৰাসৰ সৃষ্টি কৰিছিল । যোৱা সোমবাৰে কলিয়াবৰৰ ৬ খনকৈ গাঁৱত বিচৰণ কৰিছিল এই বনৰজাটোৱে ।

বনৰজাৰ বিচৰণ তথা জনসাধাৰণক সুৰক্ষিত কৰাৰ বাবে প্ৰশাসনে নিৰ্দিষ্ট পথ আৰু গাঁওকেইখনত জাৰি কৰিছিল নিষেধাজ্ঞা । বুধবাৰে দেৱসত্ৰৰ পৰা বাঘটো ওলাই আহি তপাহোলা, কেৰিবাকৰি অঞ্চলত বিচৰণ কৰিছিল । বহু চেষ্টাৰ অন্তত পুৱতি নিশা ট্ৰেংকুইলাইজ কৰি বনৰজাক পিঞ্জৰাৱদ্ধ কৰা হয় । তাৰ পাছতে নিশাই পিঞ্জৰাৰ সৈতে বাঘটোক চিকিৎসাৰ বাবে CWRC কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক : ভাগৰি-জুগৰি শুই পৰিল বনৰজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.