ETV Bharat / state

অসভ্য সমাজক পুলিয়ে-পোখাই উভালিব লাগিব : অশোক গোৱেলৰ বাসগৃহত মন্ত্ৰী অশোক সিংহলৰ মন্তব্য - Goalpara Businessman Murder Case - GOALPARA BUSINESSMAN MURDER CASE

Goalpara Businessman Murder Case : গোৱালপাৰাত দুৰ্বৃত্তৰ গুলীত নিহত অশোক গোৱেলৰ বাসগৃহত উপস্থিত মন্ত্ৰী অশোক সিংহল । সময় হৈছে অসভ্য সমাজক লৈ সভ্য সমাজে যুঁজ দিয়াৰ । অসভ্য সমাজক কঠোৰ হাতেৰে দমন কৰিবলৈ সভ্য সমাজ একত্ৰিত হ'ব লাগিব । অশোক সিংহলৰ মন্তব্য ।

Goalpara Businessman Murder Case
অশোক গোৱেলৰ বাসগৃহত উপস্থিত মন্ত্ৰী অশোক সিংহল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 4:08 PM IST

গোৱালপাৰা, ১৯ জুলাই : দুৰ্বৃত্তৰ গুলীত নিহত ব্যৱসায়ী অশোক গোৱেলৰ গোৱালপাৰা চহৰৰ বৰবজাৰস্থিত বাসগৃহত শুকুৰবাৰে উপস্থিত হয় জিলাখনৰ অভিভাৱক মন্ত্ৰী অশোক সিংহল । নিহত অশোক গোৱেলৰ বাসগৃহত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে পৰিয়ালৰ লোকক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে । লগতে এই ঘটনাৰ সৈতে জড়িত ব্যক্তিক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়া হ'ব বুলিও পৰিয়ালৰ লোকক আশ্বাস দিয়ে ।

অশোক গোৱেলৰ বাসগৃহত মন্ত্ৰী অশোক সিংহল (ETV Bharat Assam)

আনহাতে, দুৰ্ভগীয়া পৰিয়ালক সাক্ষাতৰ অন্তত মন্ত্ৰী অশোক সিংহলে সংবাদ মাধ্যমৰ আগত কয়, "যোৱা সোমবাৰে দুৰ্বৃত্তৰ দল এটাই অশোক গোৱেলক পুত্ৰৰ সন্মুখতে শূন্য-দূৰত্বৰ পৰা গুলীয়াই হত্যা কৰা ঘটনাটো অতি দুৰ্ভাগ্যজনক । পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী ব্যক্তি অশোক গোৱেলৰ মৃত্যুত পৰিয়ালৰ লোকসকল শোকত ভাগি পৰিছে । অশোক গোৱেলৰ পত্নীও কৰ্কট ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে । নিহত গোৱেলৰ পৰিয়ালক অসম চৰকাৰে আৰ্থিক সাহায্য প্ৰদান কৰাৰ লগতে কৰ্কট ৰোগত আক্ৰান্ত গোৱেলৰ পত্নীৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব ।"

মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দুৰ্বৃত্তৰ গুলীত নিহত অশোক গোৱেলৰ হত্যাকাণ্ডৰ সৈতে জড়িত অভিযুক্তক ইতিমধ্যে গোৱালপাৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে । এই ঘটনাৰ সৈতে জড়িত আনকেইজনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে । আনহাতে, মন্ত্ৰী অশোক সিংহলে সংবাদ মাধ্যমৰ আগত কয়, "এই ঘটনাৰ সৈতে জড়িত আছে এখন অসভ্য সমাজ । বিশেষকৈ এই অসভ্য সমাজখন নামনি অসমত বেছিকৈ আছে । ক'ৰবাত যদি মহিলাক ধর্ষণ কৰা হৈছে, আন ক'ৰবাত আকৌ ধৰ্ষণৰ অপচেষ্টা কৰা হৈছে । গতিকে সভ্য সমাজ একত্ৰিত হৈ এই অসভ্য সমাজক কঠোৰ হাতেৰে দমন কৰিব লাগিব ।"

এক বিশেষ সম্প্ৰদায়ক লক্ষ্য কৰি মন্ত্ৰী সিংহলে লগতে কয়, "এই অসভ্য সমাজৰ মানুহক সভ্য সমাজে কেতিয়াও বিশ্বাস কৰিব নালাগে । এতিয়া সভ্য আৰু অসভ্য সামজৰ মাজত যুজঁ চলিছে । এই যুঁজত সমগ্ৰ অসমৰে সভ্য সমাজ একত্ৰিত হৈ অসভ্য সামজক দমন কৰিব লাগিব ।"

ইফালে মুখ্যমন্ত্ৰীৰ প্ৰসংগ উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসভ্য সমাজক কেনেকৈ দমন কৰিব লাগে তাৰ ব্যৱস্থাও ইতিমধ্যে আৰম্ভ কৰিছে ।" আনহাতে, শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে অসমত মুছলমান জনসংখ্যা বৃদ্ধি হৈ ৪০ শতাংশ হোৱা বুলি উল্লেখ কৰা বিষয়ৰ আঁতধৰি মন্ত্ৰী অশোক সিংহলে কয় যে ৪০ নহয়, এই সংখ্যা হয়তো ৪২-৪৫ শতাংশও হ'ব পাৰে । জনসংখ্যা বৃদ্ধিৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসভ্য সমাজৰ মানুহে চাৰি-পাঁচটাকৈ বিয়া পাতি দহ-বাৰটাকৈ সন্তান জন্ম দিয়ে । গতিকে জনসংখ্যা কেনেদৰে নিয়ন্ত্ৰণ কৰিব পাৰিব ।

লগতে পঢ়ক :ৰাজপথত চিনেমাৰ কায়দাৰে হত্যা ব্যৱসায়ীক; হত্যাৰ কাহিনী শুনিলে মূৰে-কপালে হাত দিব আপুনিও - Businessman shot dead
লগতে পঢ়ক :প্ৰতিবেশীৰ আক্ৰমণত নিহত এজন, পলাতক অভিযুক্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.