ETV Bharat / state

আকৌ প্ৰাণ পাব যোৰহাটৰ চ’ক বজাৰে : পুনৰ নিৰ্মাণকাৰ্যৰ ভূমি পূজন মন্ত্ৰী অজন্তা নেওগৰ - Jorhat Chowk Bazaar - JORHAT CHOWK BAZAAR

Jorhat Chowk Bazaar : জুইৰ লেলিহান শিখাই ধ্বংস কৰা ঐতিহাসিক চ'ক বজাৰে আকৌ প্ৰাণ পাই উঠিব । পুনৰ হাজাৰ হাজাৰ লোকৰ মুখলৈ আনিব হাঁহি। ভূমি পূজনেৰে মন্ত্ৰী অজন্তা নেওগে শুভাৰম্ভ কৰিলে নিৰ্মাণকাৰ্যৰ ।

BHUMI PUJAN OF CHOWK BAZAAR
ঐতিহাসিক চ'ক বজাৰৰ ভূমি পূজন সম্পন্ন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 17, 2024, 4:55 PM IST

যোৰহাট, 17 আগষ্ট : যোৰহাটৰ ঐতিহাসিক চ'ক বজাৰৰ গৃহ নিৰ্মানৰ আজি ভূমি পূজন সম্পন্ন হয় ৷ মন্ত্ৰী অজন্তা নেওগে শনিবাৰে এই ভূমি পূজন কাৰ্যসূচী সম্পন্ন কৰে ৷ 4 কোটি টকা ব্যয়েৰে পুনৰ নিৰ্মাণ হ’ব যোৰহাটৰ ঐতিহ্যমণ্ডিত চ’ক বজাৰ ৷ চাৰি মহলীয়া নতুন বজাৰ গৃহটোত থাকিব প্ৰায় চাৰিশখন ব্যৱসায়িক প্ৰতিষ্ঠান ৷ প্ৰয়োজনত আৰু ব্যৱসায়িক প্ৰতিষ্ঠান সংযোজন হ'ব ৷

ঐতিহাসিক চ’ক বজাৰৰ পুনৰ নিৰ্মাণ কাৰ্যৰ ভূমি পূজন (ETV Bharat Assam)

এই বজাৰ গৃহটোত লগতে থাকিব 6 টাকৈ হল আৰু চাৰিটা লিফ্ট ৷ 44 কোটি টকা ব্যয়েৰে ৰাজ্য চৰকাৰে অত্যাধুনিক ৰূপত নিৰ্মাণ কৰিব যোৰহাটৰ ঐতিহাসিক চ’ক বজাৰ ৷ 2023 চনৰ 16 ফেব্ৰুৱাৰীত নিশাৰ ভাগত জুইৰ লেলিহান শিখাই নিমিষতে ছাই কৰি পেলাইছিল ব্ৰিটিছৰ দিনতেই নিৰ্মাণ কৰা যোৰহাটৰ ঐতিহ্যমণ্ডিত চ’ক বজাৰ ৷ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবে সূত্ৰপাত হোৱা জুয়ে হাজাৰ হাজাৰ লোকৰ জীৱিকাৰ সম্বল ঐতিহাসিক চ’ক বজাৰখন গ্ৰাস কৰিছিল ৷ অগ্নিকাণ্ডত শেষ হৈ গৈছিল প্ৰায় 3000 টা পৰিয়ালৰ জীৱন-জীৱিকাৰ পথ ৷

লগতে পঢ়ক : সপোনৰ ঘৰখন বালি-পলসৰ তলত; জোনাইৰ এখন গাঁৱৰ ৫০ টা পৰিয়ালৰ হিয়াভগা বিননি - Assam Flood 2024

প্ৰায় দুটা বছৰে জীৱন-জীৱিকাৰ পথ বিচাৰি চিৎকাৰ কৰি আছিল এই বজাৰখনত ব্যৱসায়িক প্ৰতিষ্ঠান থকা বহু ব্যৱসায়ীয়ে ৷ অৱশেষত আজি তেওঁলোকৰ আশা পূৰণ কৰি বজাৰ গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰে চৰকাৰে ৷ মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীৰ তৎপৰতাত ধ্বংসস্তুপত পৰিণত হোৱা চ’ক বজাৰখনৰ পুনৰ নিৰ্মাণৰ কাম হাতত লৈছে লোকনিৰ্মান বিভাগে ৷ ডেৰ লাখ বৰ্গফুটৰ নতুন বজাৰ গৃহটোৰ ভূমি পূজন কৰি এক ৰাজহুৱা সভাত অংশ লয় যোৰহাটৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগে ৷ ঠিকাদাৰক 16 মাহৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়ে মন্ত্ৰী নেওগে ৷ উল্লেখ্য যে, প্ৰায় 123 বছৰ পূৰ্বে অৰ্থাৎ 1880 চনতে পৰিকল্পিতভাৱে নিৰ্মাণ কৰা হৈছিল যোৰহাটৰ চ’ক বজাৰখন ৷

লগতে পঢ়ক : Jorhat Chowk Bazaar fire: চ’ক বজাৰৰ ক্ষতিগ্ৰস্ত ব্যৱসায়ীক 50 হাজাৰকৈ এককালীন সাহায্য প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.