ETV Bharat / state

চাহ উদ্যোগৰ প্ৰত্যাহ্বান আৰু ভৱিষ্যতৰ সম্ভাৱনা শীৰ্ষক মিনিমাম ফ্ল’ৰ প্ৰাইচ গ্ৰন্থ উন্মোচন - BOOK RELEASE IN VIVANTA BY TAJ

author img

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 2:26 PM IST

Book related to assam tea industry: চাহ উদ্যোগৰ প্ৰত্যাহ্বান আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ কিছু কথাৰে বুধবাৰে উন্মোচন কৰা হয় মিনিমাম ফ্ল’ৰ প্ৰাইচ অৱ টি- দ্য অনলি ৱে টু মেক দ্য টি প্লেনটেচন ছাচটেইনেবল’ শীৰ্ষক এখন নতুন গ্ৰন্থ ৷ চাওক সবিশেষ খবৰ...

BOOK RELEASE IN VIVANTA BY TAJ
গ্ৰন্থ উন্মোচন (ETV Bharat Assam)

গুৱাহাটী, 15 আগষ্ট: বুধবাৰে উন্মোচন কৰা হয় "মিনিমাম ফ্ল’ৰ প্ৰাইচ অৱ টি- দ্য অনলি ৱে টু মেক দ্য টি প্লেনটেচন ছাচটেইনেবল" শীৰ্ষক এখন নতুন গ্ৰন্থ ৷ মহানগৰীৰ তাজ বাই ভিভান্তাত অনুষ্ঠিত এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকি ধুনছেৰী গ্ৰুপৰ অধ্যক্ষ তথা গ্ৰন্থখনৰ লেখক চন্দ্ৰ কুমাৰ ধনুকাই গ্ৰন্থখনৰ বিশেষত্ব সম্পৰ্কে মতামত প্ৰকাশ কৰে ৷

মিনিমাম ফ্ল’ৰ প্ৰাইচ গ্ৰন্থ উন্মোচন (ETV Bharat Assam)

ধনুকাই উক্ত অনুষ্ঠানত গ্ৰন্থখনৰ সন্দৰ্ভত মতামত প্ৰকাশ কৰি উল্লেখ কৰে, "বৰ্তমান চাহ উদ্যোগত বছৰি প্ৰায় ৫২% বজাৰ দখল কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰায় ৭০২ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰাৰ বিপৰীতে বৃহৎ চাহ খেতিয়কসকলে বজাৰৰ প্ৰায় ৪৮% অংশ দখল কৰা উৎপাদকসকলে প্ৰায় ৬৪৮ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন কৰে ৷ প্ৰায় ৩০ লাখ লোকক জীৱিকা প্ৰদান কৰা চাহ উদ্যোগৰ অংশীদাৰসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে ৷ যাৰ বিপৰীতে মধ্যভোগীসকলে এই সংখ্যাৰ ৫% তকৈও কম লোকক নিয়োগ কৰি আহিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথম কাৰ্যকালৰ সময়ত কৃষিজাত সামগ্ৰীৰ মুঠ ব্যয়ৰ ওপৰত ৫০% মাৰ্জিনৰ উল্লেখ কৰিছিল যদিও সেয়া বৰ্তমানৰ সময়লৈকে কাৰ্যকৰী হোৱা নাই ৷ যাৰ ফলত চাহ খেতিয়কসকলে উৎপাদন খৰচ বহন কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে ৷ চাহখণ্ডত কম মূল্য আৰু কীট-পতংগৰ ভয়ংকৰ আক্ৰমণৰ ফলত ক্ষুদ্ৰ আৰু বৃহৎ উৎপাদক উভয়ৰে বৃহৎ লোকচান হোৱাৰ লগতে দৰিদ্ৰ কৃষকৰ নূন্যতম জীৱন-ধাৰণৰ ক্ষমতাও বিপন্ন হৈ পৰিছে" ৷

"চাহ বাগানৰ যিসকল কৰ্মী, ক্ষুদ্ৰ চাহ খেতিয়ক, বৃহৎ চাহ খেতিয়ক তেওঁলোকৰ অৱস্থা ভাল নহয় ৷ তেওঁলোকে যিখিনি প্ৰাপ্য লাভ কৰিব লাগে, সেইখিনি নাই পোৱা ৷ সেইকাৰণে মই এখন কিতাপ লিখিছোঁ ৷ চাহৰ এটা ফ্ল’ৰ প্ৰাইচ নিৰ্ধাৰিত হ'ব লাগে আৰু সেই ফ্ল’ৰ প্ৰাইচৰ ওপৰত ভিত্তি কৰিহে চাহ বিক্ৰী হ'ব ৷ সকলো বস্তুৰে মূল্যবৃদ্ধি হৈছে কিন্তু চাহৰ দাম একেই আছে ৷ যাৰ বাবে চাহ খেতিয়কসকলৰ বহু লোকচান হৈছে ৷ এই সকলোবোৰ এই গ্ৰন্থখনত উল্লেখ কৰা হৈছে" বুলি ধনুকাই লগতে কয় ৷

উক্ত গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে আই টি এ-ৰ অধ্যক্ষ হেমন্ত বাংগুৰ, টি এ আইৰ অধ্যক্ষ সন্দীপ সিংহানীয়া, কনফাডেৰেশ্যন অৱ স্মল টি গ্ৰ’ৱাৰ এছ’চিয়েশ্যনৰ সভাপতি বিজয় গোপাল চক্ৰৱৰ্তী, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সংস্থাৰ সভাপতি ৰাজেন বৰা, ভাৰতীয় চাহ নিগমৰ ব’ৰ্ড সদস্য ৰাজীৱ গোঁহাই, অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক পৰিষদৰ সভাপতি নাৰায়ণ লাহন আৰু সদৌ বড়োলেণ্ড ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সভাপতি ৰবিৰাম বড়ো সহিতে বহু বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক: সৌমিত্ৰ যোগীৰ উপন্যাস 'বেণী' উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.