ETV Bharat / state

দামৰ হ্ৰাস-বৃদ্ধি: গাখীৰৰ গ্ৰাহকৰ খং, সুৰাপায়ীৰ মনত অপাৰ ৰং - Milk price in Guwahati - MILK PRICE IN GUWAHATI

Milk price rise: এফালে ৰাজ্যজুৰি সুৰাৰ দাম হ্ৰাস পোৱাৰ দিনটোতে গুৱাহাটী মহানগৰীত বৃদ্ধি পালে গাখীৰৰ মূল্য ৷

Milk price rise
মহঙা হ’ল গাখীৰ; দাম কমিল সুৰাৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 1, 2024, 4:49 PM IST

Updated : Sep 1, 2024, 5:00 PM IST

গুৱাহাটী, ১ ছেপ্টেম্বৰ: গুৱাহাটীত আজিৰে পৰা মহঙা হ'ল গাখীৰ, আনহাতে ৰাজ্যজুৰি হ্ৰাস পালে সুৰাৰ দাম । গাখীৰৰ দামৰ ক্ষেত্ৰত প্ৰতি লিটাৰত তিনিটকাকৈ বঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুগ্ধ ব্যৱসায়ীসকলে ৷ ইফালে ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে পূৰ্বে প্ৰকাশ কৰা এক জাননী অনুসৰি আজি অৰ্থাৎ ১ ছেপ্টেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যত সুৰাৰ মূল্যৰ ক্ষেত্ৰত ব্যাপক হ্ৰাসৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ গাখীৰ আৰু সুৰাৰ দাম বৃদ্ধি আৰু হ্ৰাসৰ বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে ৷

প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি গাখীৰৰ মূল্য:

গুৱাহাটী মহানগৰীত দেওবাৰৰ পৰা প্ৰতি লিটাৰ গাখীৰৰ দাম তিনি টকাকৈ বৃদ্ধি পায় । সেই হিচাপত প্ৰতি লিটাৰ গাখীৰৰ খুচুৰা দাম হ'ল ৬৭ টকা । পূৰ্বতে গাখীৰৰ খুচুৰা দাম আছিল ৬৪ টকা । তিনি টকা বৃদ্ধিৰ পিছত পাইকাৰী দাম হ’ল প্ৰতি লিটাৰত ৬৪.৪০ টকা । পূৰ্বতে পাইকাৰী দাম ৬১.৪০ টকা । বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই গাখীৰৰ দাম বৃদ্ধি কৰাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই ।

গো-পালক সন্থাই কিমান বৃদ্ধি কৰিছে গাখীৰৰ মূল্য ?

বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্মণ শৰ্মাই জনোৱা মতে, বৃহত্তৰ গুৱাহাটী গো-পালক সন্থাই প্ৰতি লিটাৰ গাখীৰৰ দাম ২.৬০ টকাকৈ বৃদ্ধি কৰিছে আৰু যিটো ১৭ আগষ্টৰ পৰা কাৰ্যকৰী হৈছে । যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰতি লিটাৰ গাখীৰৰ দাম ৩ টকাকৈ বৃদ্ধি কৰিছে । সেই অনুসৰি দেওবাৰৰ পৰা গাখীৰৰ খুচুৰা দাম প্ৰতি লিটাৰত ৬৭ টকা হ'ব আৰু পাইকাৰী দাম হ'ব ৬৪.৪০ টকা ।

হ্ৰাস পালে সুৰাৰ মূল্য:

আবকাৰী বিভাগে ইতিপূৰ্বে জাৰি কৰা বিবৃতি অনুসৰি আজিৰে পৰা ৰাজ্যত কাৰ্যকৰী হ’ল সুৰাৰ নতুন দাম । সেই অনুসৰি বিভিন্ন ব্ৰেণ্ডৰ বিলাতী সুৰাৰ দাম ২২ টকাৰ পৰা আৰম্ভ কৰি ২১৪ টকালৈকে হ্ৰাস কৰিছে আবকাৰী বিভাগে । সেই অনুসৰি বিলাতী সুৰাৰ নতুন নিৰিখ এনেধৰণৰ-

  • ৫ শতাংশ এলকহলযুক্ত ৬৫০ মিলি লিটাৰৰ বীয়েৰৰ দাম ২২ টকাকৈ হ্ৰাস
  • ৫ শতাংশৰ অধিক এলকহলযুক্ত ৬৫০ মিলি লিটাৰৰ বীয়েৰৰ দাম ৩৪ টকাকৈ হ্ৰাস
  • জেনেৰেল ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ ৰামত ১১৭ টকাকৈ হ্ৰাস
  • লাক্সাৰী ব্ৰেণ্ডৰ ৩৫০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলি লিটাৰৰ ৰামৰ দাম ১৬৬ টকাকৈ হ্ৰাস
  • ৰেগুলাৰ ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰৰ হুইস্কী, জীংক আদিৰ দাম ১৪৪ টকাকৈ হ্ৰাস
  • লাক্সাৰী ব্ৰেণ্ডৰ ৩৬০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলি লিটাৰৰ হুইস্কী, ব্ৰেণ্ডী, জীংকৰ দাম ১৬৬ টকাকৈ হ্ৰাস
  • এলিগেন্ট ব্ৰেণ্ডৰ ৫০০ টকাৰ পৰা ৭০০ টকাৰ ভিতৰৰ ৭৫০ মিলি লিটাৰৰ ব্ৰেণ্ডী, জীংক, হুইস্কীৰ ২১৪ টকাকৈ হ্ৰাস

লগতে পঢ়ক: দেওবাৰৰ পৰা গাখীৰ মহঙা, মদ পানীৰ দামত - Milk and Liquor Price

উশাহ ঘূৰিল সুৰাপায়ীৰ: 1 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত হ্ৰাস পাব সুৰাৰ দাম - LIQUOR PRICE REDUCE

কংগ্ৰেছৰ প্ৰাৰ্থীৰ কথা মোৰ লগত আলোচনা কিয় কৰে ? সাংবাদিকক প্ৰশ্ন মুখ্যমন্ত্ৰীৰ - CM Himanta Biswa Sarma

Last Updated : Sep 1, 2024, 5:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.