ETV Bharat / state

সম্প্ৰতি কাজিৰঙাত হাহাকাৰ; বাগৰিৰ পৰা হৰিণাৰ মাংসসহ গ্ৰেপ্তাৰ দুজন - Poaching deer meat

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 12:13 PM IST

Poachers arrested in Kaziranga: বানে ধোৱা কাজিৰঙাত সম্প্ৰতি এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । বন্য জন্তুবোৰে ৰাষ্ট্ৰীয় উদ্যানৰ অন্তঃভাগৰ পৰা ওলাই আশ্ৰয় লৈছে উদ্যানৰ পাৰ্শ্বৱৰ্তী এলেকাৰ লগতে কাৰ্বি পাহাৰত । এই বন্যপ্ৰাণীসমূহ সুৰক্ষাৰ বাবে বিভিন্নজনে দিন-ৰাতি একাকাৰ কৰাৰ সময়তে আন একাংশ দুৰ্বৃত্তই নিৰীহ জীৱবোৰক হত্যা কৰি বন্য উল্লাসত নিমত্ত হৈছে । শেহতীয়া খবৰ অনুসৰি, কাজিৰঙাত হৰিণাৰ মাংসসহ দুজনক গ্ৰেপ্তাৰ কৰা হৈছে । এই বাতৰি বিয়পি পৰাৰ পাচতে সচেতন মহলে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া ৷

men arrested for poaching deer meat in Kaziranga
বাগৰিৰ পৰা হৰিণাৰ মাংসসহ গ্ৰেপ্তাৰ দুজন (ETV Bharat Assam)

কাজিৰঙা, 4 জুলাই : ৰাজ্যত বানৰ তাণ্ডৱলীলা ৷ বন্য জীৱ-জন্তুৰ বিপদ-বিপত্তিৰ সীমা নোহোৱা হৈছে ৷ দিকবিদিক হেৰুৱাই আনকি মানুহৰ বাসস্থলীটো বন্য জীৱই আশ্ৰয় লোৱা দেখা গৈছে ৷ এনে দুৰ্যোগৰ সময়ত বন্যপ্ৰাণীক ৰক্ষণা-বেক্ষণ দিয়াৰ বিপৰীতে একাংশই তাৰে সুবিধা গ্ৰহণ কৰিছে ৷ একাংশ পহু তুল্য মানুহে হত্যা কৰিছে বন্য জীৱ-জন্তু ৷

কাজিৰঙাত পোহৰলৈ আহিছে এনে এক ঘটনা ৷ জানিব পৰা মতে, হৰিণা হত্যা কৰি গীতাঞ্জলি নামৰ AS 02AC 0219 নম্বৰৰ এখন ULTRA বাছেৰে দুজন যুৱকে মাংস নি আছিল ৷ এক বিশেষ সূত্ৰৰ জৰিয়তে এই খবৰ লাভ কৰিছিল কাজিৰঙা বন বিভাগৰ লোকে ৷ খবৰ পোৱাৰ মাত্ৰে অভিযান আৰম্ভ কৰে বন বিভাগৰ দলটোৱে ৷

তাৰ পাচতে বুধবাৰে নিশা কাজিৰঙাৰ বাগৰিত বাছখন অভিযান চলাই বন বিভাগৰ দলটোৱে কেবাকেজি ওজনৰ হৰিণাৰ মাংসখিনি উদ্ধাৰ কৰে ৷ লগতে আটক কৰে দুজন যুৱকক ৷ যুৱকদ্বয়ৰ নাম সুনীল তাঁতী আৰু অজয় মোদী বুলি জানিব পৰা গৈছে ৷ শেহতীয়া খবৰ অনুসৰি, ধৃত দুই যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ইফালে বন বিভাগৰ লোকে জানিবলৈ দিয়া অনুসৰি, জব্দকৃত মাংসখিনিৰ ওজন প্ৰায় 15 কেজি ৷

প্ৰাথমিক তদন্তত জব্দকৃত মাংসখিনি ঘৰত খাবলৈ নিয়া বুলিহে তথ্য লাভ কৰিছে বন বিভাগে । এই সন্দৰ্ভত অধিক তথ্যৰ বাবে কাজিৰঙা বন বিভাগে আৰম্ভ কৰিছে অভিযান ৷ কিন্তু এই বাতৰি পোহৰলৈ অহাৰ পাচতে সৰ্বত্ৰে চৰ্চিত হৈ পৰিছে ৷ সচেতন মহলে এই ঘটনাক একে মুখে নিন্দা কৰিছে ৷

লগতে পঢ়ক : কাজিৰঙাত মাকৰ পৰা বিচ্ছিন্ন হোৱা গঁড়ৰ পোৱালি উদ্ধাৰ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.