ETV Bharat / state

বিশ্বৰ যাদুকৰক একত্ৰিত কৰাৰ লক্ষ্যৰে 'ইন্দ্ৰজাল যাদু মহোৎসৱ' - MAYONG INDRAJAL MAGIC FESTIVAL

author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 10:37 PM IST

MAYONG INDRAJAL MAGIC FESTIVAL 2024 :ইন্দ্ৰজাল যাদু মহোৎসৱত ১০১ গৰাকী স্থানীয় যাদুকৰ তথা বেজৰ তন্ত্ৰ-মন্ত্ৰৰ বিষয়কেন্দ্ৰিক প্ৰদৰ্শনীত অংশগ্ৰহণ । বৰ্ণাঢ্য় শোভাযাত্ৰাত বিভিন্ন তন্ত্ৰ-মন্ত্ৰৰ প্ৰতীকী ৰূপত প্ৰতিফলিত হয় ।

MAYONG INDRAJAL MAGIC FESTIVAL 2024
ইন্দ্ৰজাল যাদু মহোৎসৱ (ETV Bharat Assam)

মৰিগাঁও, ১৮ আগষ্ট : এদিনীয়া বৰ্ণাঢ্য় কাৰ্যসূচীৰে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত মায়ংবাসী ৰাইজৰ সহযোগত দেওবাৰে প্ৰথমবাৰৰ বাবে মায়ঙত অনুষ্ঠিত হয় 'ইন্দ্ৰজাল যাদু মহোৎসৱ'। এই উপলক্ষে আজি উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা । এই বৰ্ণাঢ্য় শোভাযাত্ৰাত বিভিন্ন তন্ত্ৰ-মন্ত্ৰৰ প্ৰতীকী ৰূপত মায়ঙৰ যাদুকৰসকলে অংশগ্ৰহণ কৰে । যাদুক আকৰ্ষণীয় ৰূপত দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে এই ইন্দ্ৰজাল যাদু মহোৎসৱত ।

১০১ গৰাকী যাদুকৰ তথা বেজৰ প্ৰদৰ্শনীত অংশগ্ৰহণ :

যাদু আৰু তন্ত্ৰ মন্ত্ৰৰ দেশত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে মায়ং ইন্দ্ৰজাল যাদু মহোৎসৱ ২০২৪ । মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত বৃহত্তৰ মায়ং অঞ্চলৰ ৰাইজৰ ব্যাপক সহযোগত মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ খেলপথাৰত এদিনীয়াকৈ অনুষ্ঠিত হোৱা যাদু মহোৎসৱত ১০১ গৰাকী স্থানীয় যাদুকৰ তথা বেজৰ তন্ত্ৰ-মন্ত্ৰৰ বিষয়কেন্দ্ৰিক প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে ।

বিশ্ব যাদু মহোৎসৱলৈ উন্নীত কৰাৰ লক্ষ্য় :

মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাই এই সন্দৰ্ভত কয়," পাঁচ সহস্ৰাধিক লোকৰ উপস্থিতিত সকলো কাৰ্যসূচী ৰূপায়ন কৰা হৈছে । যাদুৰ দেশ মায়ঙক বিশ্ব যাদু মহোৎসৱলৈ উন্নীত কৰি বিশ্ববাসীৰ আগত যায়ঙৰ ঐতিহ্য তথা যাদুক আকৰ্ষণীয় কৰি মায়ঙৰ সামাজিক, সাংস্কৃতিক আৰু আৰ্থ-সামাজিক দিশত আগবঢ়াই নিয়াৰ লক্ষ্যৰে এই মহোৎসৱ অনুষ্ঠিত কৰা হৈছে । আশা কৰিছো মৰিগাঁও জিলাবাসী, মায়ঙৰ আয়োজক সকলে এই ধাৰা অব্যাহত ৰাখিব ।"

বিশ্বৰ যাদুকৰক একত্ৰিত কৰাৰ লক্ষ্য:

এই সন্দৰ্ভত মায়ং যাদু সংগ্ৰহালয়ৰ সম্পাদক ড৹ উৎপল কুমাৰ নাথে কয়," তন্ত্ৰ-মন্ত্ৰ তথা যাদু এক বিজ্ঞান । সম্ভৱতঃ ভাৰততে এয়া প্ৰথমটো যাদুৰ মহোৎসৱ । হেৰাই যাব ধৰা যাদুক সাংস্কৃতিক ৰূপত জীয়াই ৰখাৰ উদ্দেশ্যে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু মায়ঙৰ ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত অনুষ্ঠিত হৈছে যাদু মহোৎসৱ ।" তেওঁ পুনৰ কয়," সপ্তম, অষ্টম শতিকাৰ শৈল ভাষ্কৰ্যকে ধৰি মায়ঙৰ বক্ষত থকা পৌৰাণিক সমল সমূহৰ ঐতিহ্য বিশ্ব পৰ্যটন ক্ষেত্ৰখনত দাঙি ধৰি দেশৰ ভিতৰতে প্ৰথমটো যাদু কেন্দ্ৰিক পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰাৰ লক্ষ্য আছে । ইয়াৰ উপৰি আগন্তুক বৰ্ষত সাতদিনীয়া যাদু মহোৎসৱত বিশ্বৰ সকলো যাদুকৰক একত্ৰিত কৰাৰ লক্ষ্য আছে ।"

লগতে পঢ়ক: 8 আৰু 9 নৱেম্বৰত অনুষ্ঠিত হ’ব জাতিংগা মহোৎসৱ: ঘোষণা দেৱলাল গাৰ্লোচাৰ - Jatinga Festival 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.