ETV Bharat / state

জনজাতিৰ স্বীকৃতিৰ দাবীত পাঁচটা মটক সংগঠনৰ ধৰ্ণা - Matak Organization Protest

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 5:16 PM IST

Demand for tribal status : ১১ টাকৈ দাবীৰ সমৰ্থনত পুনৰ উত্তাল ৰাজ্য় । এইবাৰ পাঁচটা মটক জনগোষ্ঠীয় সংগঠনে একেলগে কৰিলে প্ৰতিবাদ । শীঘ্ৰে দাবী পূৰণৰ আহ্বান ।

Demand for tribal status
পাঁচটা মটক জনগোষ্ঠীয় সংগঠনে একেলগে কৰিলে প্ৰতিবাদ (ETV Bharat Assam)

তিনিচুকীয়া/লখিমপুৰ, ২৭ আগষ্ট: জনজাতিকৰণৰ দাবীত পাঁচটা মটক জনগোষ্ঠীয় সংগঠনে মঙলবাৰে ৰাজ্য়জুৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে ৰাজ্য়ৰ আন ঠাইৰ লগতে তিনিচুকীয়া আৰু লখিমপুৰতো ধৰ্ণা দিয়ে । জনগোষ্ঠীটোক অতি শীঘ্ৰেই জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবী জনাই চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰে জিলা আয়ুক্তৰ কাৰ্যালয় ।

পাঁচ সংগঠনৰ প্ৰতিবাদত উত্তাল তিনিচুকীয়া :

জনগোষ্ঠীটো জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিষয়টো চৰকাৰী ফাইলৰ মাজতে সীমাবদ্ধ হৈ ৰোৱাৰ অভিযোগ উত্থাপন কৰি আজি মটক জনগোষ্ঠীৰ কেউটা সংগঠনে একত্রিত হৈ তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলন, সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ, সদৌ অসম মটক ছাত্ৰ সন্থা, সদৌ অসম মটক মহিলা পৰিষদে সাব্যস্ত কৰা প্ৰতিবাদৰ সময়ত 'মটক জনগোষ্ঠীক জনজাতিকৰণ কৰক','জনজাতিকৰণৰ নামত প্ৰতাৰণা নকৰিব' আদি বিভিন্ন শ্ল’গানেৰে তিনিচুকীয়াৰ পৰিবেশ উত্তাল কৰি তোলে ৷

১১ টাকৈ দাবী সম্বলিত এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ :

উক্ত প্ৰতিবাদৰ জৰিয়তে পৰৱৰ্তী সময়ত ১১ টাকৈ দাবী সম্বলিত এখন স্মাৰকপত্ৰ পাঁচোটা সংগঠনৰ নেতৃত্বই স্বাক্ষৰ কৰি জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে ৷ এই স্মাৰকপত্ৰত মটক জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিৰ সংবিধানিক মৰ্যাদা প্রদান ,মটক জনগোষ্ঠীক পূর্ণ স্বায়ত্তশাসন প্রদানেৰে এখন পূর্ণাঙ্গ মটক স্বায়ত্তশাসিত পৰিষদ গঠন কৰা, অত্যাধুনিক বিজ্ঞান-প্রযুক্তিৰে তথা বিজ্ঞানসম্মতভাৱে প্রতিবছৰে অসমত সৃষ্টি হোৱা ভয়াবহ কৃত্রিম বানপানী সমস্যাৰ স্থায়ী সমাধান,অসমত যাতে এজনো হিন্দু অথবা মুছলমান বাংলাদেশী অনুপ্রবেশকাৰী প্ৰৱেশ কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে তাৎক্ষণিকভাবে যাবতীয় ব্যৱস্থা গ্রহণ কৰা, অসম চৰকাৰৰ অধীনস্থ নিকায় নিগমসমূহত মটক জনগোষ্ঠীৰ যোগ্য ব্যক্তিক অগ্রাধিকাৰ দিয়া, মটক ৰজা স্বৰ্গদেউ সর্বানন্দ সিংহ দিৱস ২৪ মে' তাৰিখটো স্থায়ীভাৱে ৰাজ্যিক বন্ধদিন হিচাপে ঘোষণা কৰা, মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্রণমূলক ফুটবল খেলৰ শিতানত প্ৰতি বছৰে পঞ্চাশ লাখ টকা ধাৰ্য কৰাৰ দাবী জনায় ।

তদুপৰি ডিব্ৰুগড়-যোৰহাট সংলগ্ন ৩৭ নং জৰাজীৰ্ণ চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় পথছোৱাৰ নিৰ্মাণ কাৰ্য ক্ষীপ্ৰতাৰে সমাপন কৰিবলৈ যাৱতীয় ব্যবস্থা গ্ৰহণৰ বাবে অসম চৰকাৰে কেন্দ্রীয় চৰকাৰক হেঁচা প্রয়োগ কৰা, অসমত ছানি ধৰা মাৰাত্মক ড্ৰাগছৰ পয়োভৰ (বিশেষকৈ ডিব্ৰুগড় আৰু তিনিচুকীয়াত) অতি শীঘ্রে নির্মূল কৰণার্থে যাবতীয় বিহিত ব্যৱস্থা গ্রহণ কৰি উঠি অহা নৰ-প্ৰজন্মক সম্ভাব্য ধ্বংসৰ গৰাহৰ পৰা উদ্ধাৰ কৰা, বি, ফার্ম (B. Pharm) পাঠ্যক্রমত মটক জনগোষ্ঠীৰ শিক্ষার্থীৰ বাবে যথোপযুক্ত আসন সংৰক্ষণ কৰা, মটক জনগোষ্ঠীৰ ঐতিহাসিক কীর্তিচিহ্নসমূহৰ সংৰক্ষণ আৰু সৌন্দর্যবর্ধন কৰাৰ লগতে বেদখলমুক্ত কৰাৰ দাবী জনায় ।

লখিমপুৰত তিনিটা মটক সংগঠনৰ প্ৰতিবাদ :

লখিমপুৰতো তিনিটাকৈ মটক সংগঠনে একে দাবীতেই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ উপৰি নগৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিয়ায় । সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্র সন্মিলন আৰু সদৌ অসম মটক মহিলা পৰিষদে যৌথভাৱে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । তেওঁলোকে ১২ টা দাবী পূৰণৰ বাবে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্ত বৃহত্তৰ ৰাজগড় অঞ্চলত বন্য হস্তীয়ে দীর্ঘদিন ধৰি ধাৰাবাহিকভাৱে মানুহ হত্যা কৰা, ঘৰ-দুৱাৰ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বিস্তৰ ক্ষতি সাধন কৰি আহিছে । সেই বন্যহস্তী কেইটা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ কৰাৰো দাবী জনায়।এই কাৰ্যসূচীত সদৌ অসম মটক যুৱ ছাত্র সন্মিলনীৰ উপদেষ্টা অৰূপ বৰুৱাকে ধৰি সংগঠন কেইটাৰ কেইবাগৰাকী নেতা উপস্থিত থাকে ।

লগতে পঢ়ক:মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত উত্তাল লখিমপুৰ - Matak Organization Protest

জনজাতিকৰণৰ দাবীত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ টাইপাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.