ধিং, 28 মাৰ্চ : মন্ত্ৰী পীযুষ হাজৰীকাৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ । বৃহস্পতিবাৰে মৈৰাবাৰী ইন্দিৰা খেলপথাৰত আয়োজিত বিশাল জনসভাত মন্ত্ৰী পীযুষ হাজৰীকাই প্ৰাৰ্থী সুৰেশ বৰাক লগত লৈ সংখ্যালঘূ ৰাইজক বিজেপি দলত ভোট দিবলৈ আহ্বান জনায় । মৈৰাবাৰীৰ ৰাজনৈতিক ইতিহাসত পোন প্ৰথমবাৰৰ বাবে আজি ইন্দিৰা খেলপথাৰত আয়োজিত হয় বিজেপি দলৰ বিশাল ৰাজনৈতিক সভা । যিখন সভাত মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বিজেপিয়ে কামৰ বিনিময়ত সংখ্যালঘূ ৰাইজৰ ভোট বিচাৰিছে ৷
মন্ত্ৰীগৰাকীয়ে লগতে কয়, ‘মৰিগাঁও জিলাখন আমাৰ জিলা ৷ আমি অসমৰ ভিতৰতে এক নম্বৰ জিলা হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰি আছো । মৈৰাবাৰী অঞ্চলৰ ৰাইজ আমাৰ মৰিগাঁও জিলাৰ ৰাইজ গতিকে আমাৰ লগতে থাকিব লাগিব । আপোনালোকৰ অধিকাৰ আপোনালোকে পাব লাগিব ।’
- " class="align-text-top noRightClick twitterSection" data="">
আজি অনুষ্ঠিত হোৱা এই বিশাল জনসভাই এটা কথা স্পষ্ট কৰিছে যে অসমৰ সংখ্যালঘূ ৰাইজে বিজেপিক আদৰি লৈছে । প্ৰাৰ্থী সুৰেশ বৰাই অতি নম্ৰ ভাষাত ৰাইজৰ ভোট বিচাৰে । তেওঁ কয়, ‘মৈৰাবাৰীৰ ৰাইজে মোক ভোট দিব বুলি বিশ্বাস কৰিছো । মোক ৰাইজৰ হৈ কাম কৰাৰ সুবিধা দিয়াৰ বাবে মৈৰাবাৰীৰ ৰাইজ আগবাঢ়ি আহিছে’ বুলি মন্তব্য কৰে তেওঁ । সভাত নগাঁও সমষ্টিৰ বিধায়ক ৰূপক শৰ্মায়ো ভাষণ দিয়ে ।
উল্লেখ্য যে, মৈৰাবাৰী ইন্দিৰা খেলপথাৰত আয়োজিত বিশাল জনসভাত মৈৰাবাৰী অঞ্চলৰ হেজাৰ হেজাৰ মুছলমান সম্প্ৰদায়ৰ লোকৰ সমাৱেশ ঘটাত এ আই ইউ ডি এফ দলত যে জোকাৰণিৰ সৃষ্টি কৰিছে এয়া খাটাং । বিজেপি দলৰ সংখ্যালঘূ মৰ্চাৰ খলিলুৰ ৰহমানৰ প্ৰচেষ্টাত এই বিশাল জনসভাই ৰাজনৈতিক মহলত ব্যাপক তাৎপৰ্য বহন কৰিছে । লক্ষ্যণীয় যে, নগাঁও লোকসভা সমষ্টিৰ ভিতৰত মৈৰাবাৰী অঞ্চলৰ সাধাৰণ ভোটাৰ হিচাপে এই নিৰ্বাচনৰ আটাইতকৈ শক্তিশালী ভোটাৰ হিচাপে চিহ্নিত হৈছে বুলি সকলোৱে একমুখে স্বীকাৰ কৰে ।
ৰাজনৈতিক ইতিহাসত পোন প্ৰথমবাৰৰ বাবে মৈৰাবাৰীত অনুষ্ঠিত হয় বিজেপি দলৰ এনে বিশাল ৰাজনৈতিক সভা । হেজাৰ হেজাৰ মুছলমান মহিলাই বিজেপি দলৰ সভাত অংশগ্ৰহণ কৰে । হেজাৰ হেজাৰ মুছলমান নৰ-নাৰীৰ অংশগ্ৰহণে মৈৰাবাৰীৰ ৰাজনৈতিক বতাহ গৰম কৰি তোলে । আজি একেদিনাই কংগ্ৰেছৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়েও মৈৰাবাৰীত অনুষ্ঠিত হোৱা আন এখন সভাত অংশগ্ৰহণ কৰি নিৰ্বাচনী প্ৰচাৰ অভিযান চলায় ।
লগতে পঢ়ক : পাঁচ লাখ ভোটত জিকিব সৰ্বানন্দ সোণোৱাল : প্ৰশান্ত ফুকনৰ ভৱিষ্যদ্বাণী - Lok Sabha Election 2024