ETV Bharat / state

ধনশিৰিক খহনীয়াৰ কালৰূপ: যিকোনো মূহুৰ্তত গৃহহীন হোৱাৰ আশংকাত 16 টা নৈ পৰীয়া পৰিয়াল - Erosion of Dhansiri river

Dhansiri river erosion: শালমাৰা ধনশিৰি গাঁৱত ধনশিৰি নদীৰ খহনীয়া । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নদীত জাহ যোৱাৰ উপক্ৰম হোৱাত অসহায় হৈ পৰিছে নৈপৰীয়া ৰাইজ । সহায়ৰ বাবে চৰকাৰক আহ্বান ভুক্তভোগীৰ ।

Erosion Of Dhansiri River
প্ৰৱল খহনীয়াৰ গৰাহত গোলাঘাট (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 12:49 PM IST

গোলাঘাট, ২১ আগষ্ট : বানৰ পাছত এইবাৰ প্ৰৱল খহনীয়াৰ গৰাহত পৰিছে গোলাঘাট জিলাৰ একাংশ অঞ্চল । জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে নগৰৰ গাতে লাগি থকা খুমটাই সমষ্টিৰ অন্তৰ্গত শালমাৰা ধনশিৰি গাঁৱত সৃষ্টি হৈছে ভয়াৱহ খহনীয়া । যাৰ ফলত এতিয়া উজাগৰে নিশা অতিবাহিত কৰিবলগীয়া হৈছে ১৬ টাকৈ পৰিয়ালে । ইয়াৰে তিনিটা পৰিয়ালৰ বাসগৃহ নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হোৱাত তেওঁলোকে আশ্ৰয় শিবিৰত থাকিবলগীয়া হৈছে ।

প্ৰৱল খহনীয়াৰ গৰাহত গোলাঘাট (ETV Bharat Assam)

ধনশিৰি নদীৰ খহনীয়াৰ কবলত ১৬টা পৰিয়াল

এই খহনীয়াৰ কবলত পৰা এগৰাকী ভুক্তভোগী মহিলাই কয়, "অঞ্চলতটোত ১৬ টা পৰিয়াল এই ধনশিৰি নদীৰ খহনীয়াৰ কবলত পৰিছে । তাৰে তিনিটা পৰিয়ালৰ লোকৰ অৱস্থা বিপজ্জনক । খহনীয়াৰ ফলত ঘৰ মাটি নদীৰ বুকুত জাহ যোৱাত এতিয়া মানুহ থাকিব নোৱাৰা অৱস্থাৰ সৃষ্টি হৈছে । নিশা হ'লেই সন্তানৰ সৈতে উজাগৰে কটাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । ইয়াৰ উপৰি অহা-যোৱা কৰা একমাত্ৰ পথচোৱা এতিয়া নদীৰ বুকুত জাহ যোৱা বাবে লোকৰ ভেটিৰ ওপৰেদি যাতায়ত কৰিবলগীয়া হৈছে ।"

আন এগৰাকী মহিলাই নিজৰ অসহায় অৱস্থাৰ বিষয়ে উল্লেখ কৰি কয়, "আমি দিন হাজিৰা কৰা মানুহ, সদায় ঘৰত বহি থাকিলে পেটৰ ভাত মুঠি কেনেকৈ যোগাৰ কৰিম ? ইমান অসুবিধাৰ মাজতো আমি এনেকৈ দিন অতিবাহিত কৰিবলগীয়া হৈছে ।" এই অসহায় লোকসকলে তেওঁলোকৰ জীৱন-সম্পত্তিৰ সুৰক্ষা প্ৰদানৰ বাবে ভূমি আৱণ্টন দিবলৈ চৰকাৰক অনুৰোধ জনাইছে ।

পাকঘৰো নদীত জাহ গৈছে :

অঞ্চলটোৰ আন এগৰাকী ভুক্তভোগী মহিলাই কয়, "আমি বহু বিপজ্জনক অৱস্থাত দিন অতিবাহিত কৰিবলগীয়া হৈছে । কাৰণ ইতিমধ্যে আমাৰ পাকঘৰ নদীৰ বুকুত জাহ গৈছে । ইয়াৰ উপৰি আমি দৈনিক মজুৰি কৰি পেটৰ ভাতমুঠি যোগাৰ কৰাৰ লগতে সন্তানৰ শিক্ষা-দীক্ষাৰ ক্ষেত্ৰত বহু সমস্যাৰ সম্মুখীন হ'বলগীয়া হৈছে । বেলেগে কোনো ধৰণৰ ভূমি নাই আৰু ভাড়াঘৰত থাকিবলৈ আমাৰ সামৰ্থও নাই । নিশা বৰষুণ আহিলে আমাৰ টোপনি নাহে । কাৰণ কোন সময়ত থকা ঘৰটো খহনীয়াৰ কবলত পৰে ঠিক নাই । প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আমাক এটা বাসগৃহ আৱন্টন দিছিল যদিও আমি থাকিব পৰাই নাই । কাৰণ ইতিমধ্যে ঘৰৰ ভেটি নদীৰ বুকুত যাওঁ যাওঁ অৱস্থা । গতিকে চৰকাৰৰ ওচৰত অনুৰোধ কৰিছো যাতে আমাৰ জীৱন সম্পত্তিৰ সুৰক্ষা প্ৰদান কৰে । "

লগতে পঢ়ক:মাজুলীত উপায়ন্তৰ হৈ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি নদীত দিলে ভোগ - EROSION IN MAJULI

যিকোনো মুহূৰ্তত বুঢ়ীদিহিঙত বিলীন হ'ব মথাউৰি, অৰ্ধ শতাধিক গাঁৱলৈ ভাবুকি - Severe Erosion In Dibrugarh

লুইতৰ ভয়ংকৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজৰ নেদেখাজনক প্ৰাৰ্থনা - Massive Erosion

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.