ETV Bharat / state

দুবছৰেই পীযুষ হাজৰীকাই পূৰণ নকৰিলে প্ৰতিশ্ৰুতি, ক্ষোভ আইতাৰ - Massive erosion of Jhanji river

Jhanji river erosion:জলসম্পদ মন্ত্ৰী আৰু বিধায়কে জাঁজী নদীৰ ভয়ংকৰ খহনীয়া প্ৰতিৰোধৰ প্ৰতিশ্ৰুতি দিছিল । সকলোৱে আশা কৰিছিল খহনীয়াৰ পৰা ৰক্ষা পৰিব । কিন্তু ৰাইজে নাপালে সুফল ।

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 7:00 PM IST

Jhanji river erosion
জাঁজী নদীৰ প্ৰৱল খহনীয়া (ETV BHARAT ASSAM)

যোৰহাট, ৭ জুলাই: এগৰাকী অসহায় ৮০ উৰ্ধৰ মহিলা । জাঁজী নদীৰ প্ৰৱল খহনীয়াৰ পৰা এইগৰাকী মহিলাৰ পৰিয়ালটোক ৰক্ষা কৰিবলৈ দুবছৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই । এই প্ৰতিশ্ৰুতি পূৰণৰ আশাত বন্দী হৈ আছে মৰিয়নীৰ এইগৰাকী মহিলা । পিচে অসহায় মহিলাগৰাকীক দুবছৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি আজিও পূৰণ নহ'ল ।

মহিলাগৰাকীৰ সন্মুখত এতিয়া ভয়ংকৰ বিপদ । প্ৰকৃততে সেই প্ৰতিশ্ৰুতি আছিল আইতাৰ পৰিয়ালৰ লগতে বহুকেইটা পৰিয়ালৰ ঘৰ মাটি জাঁজী নদীৰ বুকুত জাহ যোৱাৰ পৰা ৰক্ষা কৰাৰ । জাঁজী নদীৰ ভয়ংকৰ খহনীয়াৰ কৱলত পৰিছে মৰিয়নী সমষ্টিৰ চেলেংহাট হাটিমূৰীয়া গাঁৱৰ কেইবাটাও পৰিয়াল । যিকোনো মুহুৰ্ততে নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে ১০টাৰো অধিক খিলঞ্জীয়া পৰিয়ালৰ মাটি-ভেঁটি । দুবছৰ পূৰ্বে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই নিজে আহি এই ভয়ংকৰ খহনীয়া প্ৰত্যক্ষ কৰি গৈছিল । কাষত বিধায়ক ৰূপজ্যোতি কুৰ্মীক বহুৱাই গাঁওবাসীক প্ৰতিশ্ৰুতি দিছিল হাটিমূৰীয়া গাঁৱৰ খহনীয়াৰ স্থায়ী সমাধান কৰা হ’ব বুলি ।

এইগৰাকী মহিলাই মন্ত্ৰীগৰাকীক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ কাতৰ অনুৰোধ জনাইছিল । মন্ত্ৰী পীযুষ হাজৰীকাই তেওঁৰ হাতত ধৰি প্ৰতিশ্ৰুতি দিছিল ' মই আপোনালোকক ৰক্ষা কৰিম '। মন্ত্ৰীগৰাকীৰ সেই প্ৰতিশ্ৰুতি দুবছৰে মাত্ৰ প্ৰতিশ্ৰুতি হৈয়ে থাকিল । স্থানীয় ৰাইজে মন্ত্ৰী পীযুষ হাজৰীকাক শীঘ্ৰে এই ক্ষেত্ৰত বিশেষ ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । যদিহে জাঁজী নদীৰ প্ৰৱল খহনীয়া অতি শীঘ্ৰে প্ৰতিৰোধ কৰিবলৈ চৰকাৰ আগবাঢ়ি নাহে তেতিয়াহ'লে নদীৰ বুকুত জাহ যাব কেইবাটাও পৰিয়ালৰ মাটি-ভেঁটি ।

লগতে পঢ়ক:উজনি-নামনি সকলোতে প্ৰকৃতিৰ ধ্বংসলীলা - Assam Flood 2024

বেকীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে বিকল্প ৰাজ্যিক ঘাইপথলৈ - Beki river erosion in Kalgachia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.