ETV Bharat / state

শৰাইত গামোচা, তামোল-পাণ লৈ ক্ষমা বিচাৰিলে অনা অসমীয়া ব্যৱসায়ী সমাজে - Player Attack in Sivasagar - PLAYER ATTACK IN SIVASAGAR

Player attack case in Sivasagar : শিৱসাগৰত ক্ষমা প্ৰাৰ্থনা অনা অসমীয়া ব্যৱসায়ী সমাজৰ ৷ জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৰ উপস্থিতিত ক্ষমা বিচাৰে মাৰোৱাৰী সমাজে ৷ ভুক্তভোগীলৈ দুই লাখ টকাৰ আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি ৷

Marwa society of sivasagar apologized in sivasagar
চৰকাৰ-প্ৰশাসনৰ সমুখত ক্ষমা-প্ৰাৰ্থনা অনা অসমীয়া ব্যৱসায়ীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 8:17 PM IST

শিৱসাগৰ, 20 আগষ্ট: অৱশেষত চৰকাৰ-প্ৰশাসনৰ সমুখত ক্ষমা বিচাৰিলে শিৱসাগৰৰ স্থানীয় মাৰোৱাৰী সমাজে ৷ উল্লেখ্য যে, শিৱসাগৰত এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈক বহিৰাগত বণিয়াই প্ৰহাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অৰাজক পৰিস্থিতিৰ পাছত মঙলবাৰে শিৱসাগৰৰ যুৱদলত জিলাখনৰ 30 জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সৈতে জিলাখনৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগু এক বৈঠকত মিলিত হয় । সদৌ তাই আহোম ছাত্ৰ সন্থা, বীৰ লাচিত সেনা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ আদিকে ধৰি 30 টা দল-সংগঠনৰ সৈতে হোৱা বৈঠকত মন্ত্ৰী ৰণোজ পেগুৱে বিষয়টো অসম চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বুলি উল্লেখ কৰে ।

চৰকাৰ-প্ৰশাসনৰ সমুখত ক্ষমা-প্ৰাৰ্থনা অনা অসমীয়া ব্যৱসায়ীৰ (ETV Bharat Assam)

মন্ত্ৰী পেগুৱে বৈঠকৰ পাছত সংবাদ মাধ্যমৰ সৈতে আগত কয় যে জাতীয় সংগঠনসমূহে খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰ, ভূমি সুৰক্ষিত কৰাৰ লগতে উত্থাপন কৰা দাবীসমূহৰ প্ৰতি অসম চৰকাৰে সঠিকভাৱে গুৰুত্ব প্ৰদান কৰিব । সমান্তৰালভাৱে নাৰীৰ সুৰক্ষাজনিত বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি নিজক সুৰক্ষা প্ৰদান কৰিব পৰা কাৰ্যসূচীৰ সংখ্যা বৃদ্ধি কৰিব বুলিও কয় পেগুৱে ৷ আনহাতে, কলকাতাকে ধৰি অন্যান্য ধৰ্ষণ-উৎপীড়নৰ ঘটনাক নিন্দা কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইতিমধ্যে সকলোৰে জ্ঞাত যে শিৱসাগৰৰ বাবুপট্টিত যোৱা 13 আগষ্টত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈক বহিৰাগত বণিয়াই প্ৰহাৰ কৰিছিল ৷ বহিৰাগত বণিয়াৰ প্ৰহাৰত শাৰীৰিক আৰু মানসিকভাৱে আঘাতপ্ৰাপ্ত হৈছিল 18 বছৰীয়া অসমীয়া পাঞ্জা খেলুৱৈগৰাকী ৷ দলবদ্ধ আক্ৰমণৰ ফলত মূৰ আৰু পেটত গুৰুতভাৱে আঘাত পাইছিল খেলুৱৈগৰাকীয়ে ৷

এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈগৰাকীক ন্যায়ৰ দাবীত প্ৰতিবাদত নামি পৰে শিৱসাগৰৰ 30 টা দল-সংগঠনৰ লগতে সহস্ৰাধিক লোকে ৷ শিৱসাগৰ নগৰত এক আচলাৱস্থাৰ সৃষ্টি কৰা পৰিস্থিতিৰ পাছতেই মঙলবাৰে স্থানীয় ব্যৱসায়ী মহল-দল সংগঠন আৰু জিলা প্ৰশাসনৰ মাজত এই ত্ৰিপাক্ষিক বৈঠকৰ আয়োজন কৰা হৈছিল আৰু বৈঠকৰ সিদ্ধান্ত মৰ্মে ৰাজস্থানী ব্যৱসায়ী সমাজৰ প্ৰতিনিধিয়ে সভাত ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা বিচাৰে । শৰাইত গামোচা, তামোল-পাণ লৈ ৰাজস্থানী সমাজে সমূহীয়াভাৱে অসমীয়াৰ ওচৰত ক্ষমা বিচাৰে । এই বৈঠকতে ভুক্তভোগী জিমি দাসৰ চিকিৎসাৰ বাবদ ৰাজস্থানী (মাৰোৱাৰী) সমাজে দুই লাখ টকা আৰ্থিক সাহাৰ্য আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

লগতে পঢ়ক: খিলঞ্জীয়া যুৱতীৰ ওপৰত অনা অসমীয়া দুৰ্বৃত্তৰ আক্ৰমণ: শিৱসাগৰত 30 টা সংগঠনৰ প্ৰতিবাদ - Protest in Sivasagar

শিৱসাগৰত বহিৰাগতৰ আক্ৰমণৰ বলি ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ: অভিযুক্তক উপযুক্ত শাস্তিৰ দাবীত তীব্ৰ প্ৰতিবাদ - Player Attack Case in Sivasagar

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.