গুৱাহাটী ২২ ছেপ্টেম্বৰ: আনুষ্ঠানিকভাৱে কাৰ্যভাৰ গ্ৰহণ কৰিলে আম আদমি পাৰ্টীৰ অসম প্ৰদেশৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰে । দেওবাৰে গুৱাহাটী মহানগৰীৰ গণেশগুৰিস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত আপ অসমৰ ৰাষ্ট্ৰীয় তত্বাৱধায়ক ৰাজেশ শৰ্মাৰ উপস্থিতিত নৱনিৰ্বাচিত সভাপতি মনোজ ধানোৱাৰে প্ৰাক্তন সভাপতি ডাঃ ভৱেন চৌধুৰীৰ পৰা আনুষ্ঠানিকভাৱে আপ অসমৰ দায়িত্বভাৰ গ্ৰহণ কৰে ।
ইয়াৰ পূৰ্বে আম আদমি পাৰ্টীৰ শতাধিক নেতা-কৰ্মীয়ে আজি ঢোলে-দগৰে আদৰণি জনায় আপ, অসমৰ নৱনিযুক্ত ৰাজ্যিক সভাপতি মনোজ ধানোৱাৰ আৰু ৰাষ্ট্ৰীয় যুটীয়া সচিব হিচাপে নিযুক্তি পোৱা পূৰ্বৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীক । ইয়াৰ পিছতে আয়োজন কৰা কৰ্মকৰ্তা সম্বোধন অনুষ্ঠানত কৰ্মকৰ্তাসকলক সম্বোধন কৰে নৱ নিযুক্ত সভাপতি মনোজ ধানোৱাৰে । লগতে আপ, অসমৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰা হয় ।
উল্লেখ্য যে যোৱা শুকুৰবাৰে আম আদমি পাৰ্টীয়ে মনোজ ধানোৱাৰক অসম প্ৰদেশৰ সভাপতি হিচাপে নিযুক্তি দিছিল । ইফালে প্ৰাক্তন ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীক ৰাষ্ট্ৰীয় যুটীয়া সচিব হিচাপে নিযুক্তি দিয়া দিছিল । শেহতীয়াকৈ লোকসভা নিৰ্বাচনত অসমৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা আপৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াই পৰাজিত হৈছিল মনোজ ধানোৱাৰ ।
দেওবাৰে দলৰ ৰাজ্যিক কাৰ্যালয়ত আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্ব লৈ মনোজ ধনোৱাৰে কয়, ‘‘আমি পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিম । বিজেপিয়ে সদস্য ভৰ্তি অভিযান চলাইছে কিন্তু সদস্য পলাই ফুৰিছে । আমি বিজেপিৰ দৰে কাম কৰিব পৰা নাই, আমাৰ বৃহৎ টীম নাই । আমাৰ লক্ষ্য 2026 ৰ বিধানসভা নিৰ্বাচন । উপ-নিৰ্বাচনত আপে প্ৰতিদ্বন্দিতা কৰাৰ বাবে এতিয়াও সিদ্ধান্ত লোৱা নাই ।’’
তেওঁ লগতে কয়, ‘‘ৰাজনীতিত প্ৰত্যাহ্বান অনিবাৰ্য ৷ কংগ্ৰেছ দলত আছিলো, কিন্তু মন খুলি কাম কৰিব পৰা নাছিলো ৷ এতিয়া কৰিম । অসমৰ ৰাইজে বিকল্প ৰাজনীতি বিচাৰিছে । 2026 ৰ বাবে প্ৰতিটো সমষ্টিত আমি কাম কৰি আছো । মিত্ৰতাৰ প্ৰসংগ সময়ত দেখা যাব ৷ দলীয় অনুশাসন মানি সকলোৱে কাম কৰিব লাগিব ৷’’ AAPৰ পৰা বিসম্বাদ কৰি ফালৰি কাটি যোৱা সকলোকো মিলা-প্ৰীতি কৰি কাম কৰাৰ পৰামৰ্শ মনোজ ধানোৱাৰৰ ।
লগতে পঢ়ক: আম আদমি পাৰ্টী অসমৰ সভাপতি হিচাপে নিযুক্তি মনোজ ধানোৱাৰক - AAP Assam