ETV Bharat / state

‘কা’ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ কালৈ আহ্বান বিশিষ্ট সংগীত পৰিচালক মানস ৰবীনৰ ! - Manas Robin on Caa

Manas Robin on CAA: জুবিন গাৰ্গৰ পিচতে ‘কা’ সন্দৰ্ভত পোষ্ট বিশিষ্ট সংগীত পৰিচালক মানস ৰবীনৰ । ‘কা’ ৰ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান শিল্পীগৰাকীৰ ।

Etv Bharat
Etv Bharat
author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 1:31 PM IST

গুৱাহাটী, 27 মাৰ্চ: দেশজুৰি নাগৰিকত্ব (সংশোধনী) আইন চমুকৈ ‘কা’ ৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ ৷ ‘কা’ ৰ বিৰুদ্ধে সবল প্ৰতিবাদী স্থিতি গ্ৰহণ কৰি আহিছে বিশিষ্ট সংগীত পৰিচালক, কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ মানস ৰবীনে । ভিন্ন সময়ত ‘কা’ সন্দৰ্ভত স্থিতি স্পষ্ট কৰি অহা পৰিলক্ষিত হৈছে শিল্পীগৰাকীক । শেহতীয়াকৈ স্পৰ্শকাতৰ বিষয়টোক লৈ পুনৰ সৰৱ হোৱা দেখা গৈছে মানস ৰবীনক ৷ পিচে সমান্তৰালকৈ কাৰোবাক নিজৰ মন্তব্যৰ লক্ষ্য কৰি ল’লে নেকি মানস ৰবীনে ?

দৰাচলতে মঙলবাৰে কণ্ঠশিল্পী মানস ৰবীনে সামাজিক মাধ্যমযোগে আগবঢ়ায় এটা পোষ্ট ৷ পোষ্টযোগে মানস ৰবীনে উল্লেখ কৰে,‘কা’ মই নামানো বুলি কৈ দিলেই বা ফেচবুকত এলাইন লিখি দিলেই মোৰ বা আপোনাৰ দায়িত্ব শেষ নেকি ? ‘কা’ এখন আইন । এখন আইন প্ৰণয়ন কৰে চৰকাৰে । 'কা'-ৰ বিৰোধিতা কৰা মানে চৰকাৰৰো বিৰোধিতা কৰা । এহাতে চৰকাৰক সমৰ্থন কৰি আনহাতে ‘কা’ ৰ বিৰোধিতা কৰাটো মোৰ বা আপোনাৰ চূড়ান্ত সুবিধাবাদ আৰু জাতিধ্বংসী স্থিতিৰ বাদে আন একো নহয় । সময় থাকো‍ঁতেই স্থিতি স্পষ্ট কৰক । নহ'লে ইতিহাসে কাকো ক্ষমা নকৰিব ।"

Manas Robin post on Citizenship Amendment Act in social media
‘কা’ সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান বিশিষ্ট সংগীত পৰিচাল মানস ৰবীনৰ

শিল্পীগৰাকীৰ এই সামাজিক পোষ্টটোৱে নেটিজেনৰ মাজত বিশেষ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷ পিচে যিটো কথাই সকলোৰে মাজত চৰ্চা লাভ কৰিছে সেয়া হ’ল কাক উদ্দেশ্যি মানস ৰবীনৰ এই পোষ্ট ?

লক্ষণীয় বিষয় যে, মঙলবাৰে কণ্ঠশিল্পী জুবিন গাৰ্গে 'কা’ সন্দৰ্ভত নিজৰ স্থিতি প্ৰকাশ কৰি সামাজিক মাধ্যমযোগে আগবঢ়াইছিল এটা ফেচবুক পোষ্ট । পোষ্টটোত জুবিনে লিখিছিল, " ‘কা’ ৰ ক্ষেত্ৰত মোৰ স্থিতি একেই আছে, ‘কা’ কেতিয়াও মানি লোৱা নহয় । এইখন এখন অদৰকাৰী আইন । মই ৰাজনীতি কৰা মানুহ নহয় । মই ৰাজনীতি বেয়া পাওঁ । মই 'কা' বিৰোধ কৰিছিলোঁ আৰু তাত কোনো লৰ-চৰ নাই । কোন মানুহ কোন পার্টীত আছে মই নাজানো । মই নিজৰ জেগাত আছোঁ । যদি মানুহে মোক নুবুজে, তেনেহ'লে মোৰ উপায় নাই । মই নিজৰ ঠাইত নিজৰ আদৰ্শত কাম কৰি যাম ।"

ইয়াৰোপৰি, 'কা' ৰ বিৰোধিতা কৰি ৰাজপথৰ বিপৰীতে মঞ্চত অথবা ছ'চিয়েল মিডিয়াৰ যোগেৰে ‘কা’ ৰ প্ৰতিবাদ কৰি যাব বুলি শিল্পী জুবিন গাৰ্গে উল্লেখ কৰিছিল । হাৰ্টথ্ৰব জুবিন গাৰ্গৰ এই ফেচবুক পোষ্টৰ পাছতেই ‘কা’ সন্দৰ্ভত মানস ৰবীনে আগবঢ়োৱা পোষ্টে সামাজিক মাধ্যমত বিশেষ খলকনি তোলা পৰিলক্ষিত হৈছে

লগতে পঢ়ক: ৰাজপথত নহয়, মঞ্চ-ছ'চিয়েল মিডিয়াৰ যোগেৰে "কা"ৰ প্ৰতিবাদ কৰিব জুবিন গাৰ্গে - Zubeen Garg on CAA Protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.