ETV Bharat / state

আৰু দুটা নৃশংস হত্য়াকাণ্ড: পত্নী আৰু 6 বছৰীয়া কন্যাক হত্যা - Nagarbera Murder Case

author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 8:41 PM IST

স্বামীয়ে হত্যা কৰিলে পত্নী-সন্তানক ৷ পাৰিবাৰিক কন্দলৰ বাবেই সংঘটিত কৰিলে এই অমানৱীয় কাণ্ড। থানাত আত্মসমৰ্পণ হত্যকাৰী স্বামীৰ।

MURDER IN KAMRUP
পত্নী-সন্তানক হত্যা
কামৰূপৰ নগৰবেৰাত নৃশংস ঘটনা

গোৱালপাৰা, 8 এপ্ৰিল : ৰাজ্যত পুনৰ সংঘটিত আন এক অমানৱীয় ঘটনা ৷ এইবাৰ পত্নীসহ সন্তানক হত্যা স্বামীৰ ৷ পাৰিবাৰিক কন্দলৰ বাবেই এই নৃশংস ঘটনা সংঘটিত কৰিলে হত্যাকাৰীয়ে ৷ এই পাশৱিক ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কামৰূপৰ নগৰবেৰাত সংঘটিত হৈছে এই নৃশংস ঘটনা ৷ স্বামীয়ে হত্যা কৰি দুছেও কৰিলে পত্নী আৰু নিজ সন্তানক ৷ পাৰিবাৰিক কন্দলৰ বাবেই হত্যাকাৰীয়ে সংঘটিত কৰিলে এই অমানৱীয় কাণ্ড ৷ হত্যাকাণ্ড সংঘটিত কৰি নগৰবেৰা থানাত আত্মসমৰ্পণ কৰে হত্যকাৰী স্বামীয়ে ৷ হত্যাকাৰীটোৰ নাম ভজন দাস বুলি জানিব পৰা গৈছে ৷

গোৱালপাৰা জিলাৰ সীমান্তৱৰ্তী তথা কামৰূপ জিলাৰ নগৰবেৰাৰ হৰিদোবাত এই অমানৱীয় ঘটনা সংঘটিত হৈছে ৷ পত্নী আৰু 6 বছৰীয়া জীয়াৰীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি হত্যা কৰে অভিযুক্ত ভজন দাসে ৷ আজি অৰ্থাৎ সোমাবাৰে দুপৰীয়াৰ ভাগত সংঘটিত হয় এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা ৷ জানিব পৰা মতে মৎস্য ব্যৱসায়েৰে ভজন দাসে নিজৰ পৰিয়াল পোহপাল দি আহিছিল ৷ ভজন দাসৰ প্ৰথমা পত্নী মৃত্যুৰ পিচত দ্বিতীয় বিবাহ কৰিছিল ৷ দ্বিতীয় পত্নীৰো পূৰ্বতে বিয়া হৈছিল ৷ পূৰ্বৰ স্বামীৰ ফালৰ পৰা তেওঁৰ আছিল দুটাকৈ লৰা-ছোৱালী ৷ সন্তান দুটিক লগত লৈ ভজন দাসে মালতী মালোৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছিল ৷

বিবাহৰ প্ৰথম কেইবছৰমান সকলো ঠিকে-ঠাকে আছিল যদিও হঠাৎ আজি পৰিয়ালটোলৈ নামি আহে কাল অমানিশা ৷ অভিযুক্ত হত্যাকাৰী ভজন দাসে সোমবাৰে দুপৰীয়াৰ ভাগত পৰিয়ালৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হয় ৷ তৰ্কাতৰ্কিয়ে পৰৱৰ্তী সময়ত ভয়ংকৰ ৰূপ লয় ৷ অভিযুক্ত ভজন দাসে মাছ কটা দাৰে আক্ৰমণ কৰি হত্যা কৰে 35 বছৰীয়া পত্নী মমতা মালো আৰু 6 বছৰীয়া কন্যাক ৷ পাৰিবাৰিক কন্দলৰ বাবেই এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ ইফালে এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত কৰিয়েই নগৰবেৰা থানাত আত্মসমৰ্পণ কৰে অভিযুক্ত ভজন দাসে ৷ এই হত্যাকাণ্ডৰ ঘটনাই নগৰবেৰা অঞ্চলত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

লগতে পঢ়ক : ৩ সন্তানক হত্যা কৰি আত্মহত্যাৰ চেষ্টা মহিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.