ETV Bharat / state

মাল গোঁসাই পূজা : উজলিল ৰজাদিনীয়া পৰম্পৰাগত সংস্কৃতি - Traditional Festival

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 10:53 PM IST

Traditional Festival: ডিমৰীয়াৰ ধোপগুৰিত মাল গোঁসাই পূজা । ঐক্য আৰু সংস্কৃতিৰ মহামিলনৰে অগণন লোকৰ সমাৱেশ এই পূজাত । গৃহস্থই শ্ৰদ্ধা ভক্তি সহকাৰে মাল দেৱতালৈ আগবঢ়ালে শৰাই-শলিতা ।

A tradition from the ancient king's days
মাল গোঁসাই পূজা (ETV Bharat Assam)

সোণাপুৰ,২ জুলাই: মধ্যযুগৰ ৰজাদিনীয়া পৰম্পৰাৰে মঙলবাৰে ডিমৰীয়াৰ ধোপগুৰিত অগণন লোকৰ সমাগমেৰে অনুষ্ঠিত হয় গৰখীয়া মাল গোঁসাই পূজা । মধ্যযুগৰ ডিমৰীয়া আৰু অন্যান্য স্বাধীন ৰজাসকলৰ দিনত মাল যুঁজ ৰাজকীয় পৃষ্ঠপোষকতা লাভ কৰিছিল আৰু প্ৰতি ৰাজ্যতে মাল যুঁজৰ চৰ্চা আৰু মালযুঁজৰ আৰাধ্য কোনো দেৱতাক পূজা কৰা ৰীতিয়ে কালক্ৰমত মাল গোঁসাই পূজাৰ ৰূপ গ্ৰহণ কৰিছিল । আনহাতে সততে যুদ্ধ বিগ্ৰহত লিপ্ত থাকিবলগীয়া ৰজাসকলে শিৱ আৰু শক্তিৰ অধিষ্ঠাত্ৰী দেৱীক পূজা কৰিছিল ।

মাল গোঁসাই পূজা (ETV Bharat Assam)

সেয়েহে মাল গোঁসাই পূজাত শিৱৰ উগ্ৰ প্ৰচণ্ড ৰূপ মহা মালেশ্বৰ আৰু দেৱী মহামায়াক আৰাধনা কৰা হয় । মধ্যযুগৰ পৰা ৰজাৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ অহা এই পূজাত বাঁহৰে নিৰ্মান কৰা হয় এখন চাঙী । তান্ত্ৰিক মন্ত্ৰৰে এই চাঙীক আলৌকিকতা প্ৰদান কৰা হয় । পাচত চাৰিজন বলিষ্ঠ ডেকাই চাঙী দেৱতাৰ নিৰ্দেশ মতে সমগ্ৰ অঞ্চল জুই-পানীক একাকাৰ কৰি পৰিভ্ৰমণ কৰে । অঞ্চলটোৰ প্ৰতিঘৰতে প্ৰৱেশ কৰে চাঙী বহন কৰা লোকসকলে । গৃহস্থই শ্ৰদ্ধা ভক্তি সহকাৰে মাল দেৱতালৈ আগবঢ়াই শৰাই-শলিতা ।

উল্লেখ্য ডিমৰীয়াৰ পঞ্চ দেৱতা কেইজনৰ ভিতৰত মাল গোঁসাই অন্যতম । এই মাল গোঁসাই দুজন, ডেকা বা গৰখীয়া মাল আৰু বুঢ়া মাল । ডেকা বা গৰখীয়া মাল প্ৰতি বছৰে আহাৰ মাহত অনুষ্ঠিত কৰাৰ বিপৰীতে বুঢ়া মাল প্ৰতি পাঁচ বছৰৰ অন্তৰে অন্তৰে অনুষ্ঠিত কৰা হয় । ৰজাদিনীয়া এই ঐতিহাসিক পূজা আজিও পৰম্পৰাগত সংস্কৃতি ৰূপে প্ৰাণৱন্ত হৈ জীয়াই আছে ডিমৰীয়াৰ খিলঞ্জীয়া ৰাইজৰ স্বতঃস্ফূত অংশগ্ৰহণৰ জৰিয়তে ।

মাল গোঁসাই পূজাৰ ভেটিত ডিমৰীয়াৰ বিভিন্ন জনগোষ্ঠীৰ মাজত গঢ়ি উঠিছে ঐক্য আৰু সংস্কৃতিৰ মহামিলন । তাহানিতে ৰজাই নিজ ৰাজ্যক বহিঃশত্ৰুৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ উদেশ্যৰে বল-বিক্ৰম অৰ্জন কৰাৰ লগতে সমাজৰ অপায়-অমংগল ৰোধ, শষ্য-মৎস্যৰ শ্ৰীবৃদ্ধি কামনাৰে এই ঐতিহাসিক পূজাভাগ পালন কৰি আহিছিল । মঙলবাৰেও ইয়াৰ ব্যতিক্ৰম নহ'ল, পৰম্পৰা ৰক্ষা কৰি ধোপগুৰিৰ ৰাইজে অনুষ্ঠিত কৰিলে গৰখীয়া মাল গোঁসাই পূজা । য'ত সমাৱেশ হ'ল হেজাৰ হেজাৰ লোক । ৰাইজে ৰচিলে সমন্বয়ৰ সেঁতু ।

লগতে পঢ়ক: সৰা ৰজাৰ বংশধৰ সমৰসিং ডেকাৰ ৰাজ অভিষেকcoronation Of The King - Coronation Ceremony For King Sara

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.