ETV Bharat / state

নিৰ্বাপিত হোৱা নাই জুই, গেৰুৱা বানমুৰীৰ অগ্নিকাণ্ড স্থলীত উপস্থিত হৰমীত সিং - Morigaon Jute Warehouse Fire

Morigaon Jute Warehouse Fire : গেৰুৱা বানমুৰীত থকা চৰকাৰী মৰাপাট গুদামত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডস্থলী পৰিদৰ্শন অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙৰ ৷ ২৫-৩০ হাজাৰ কুইণ্টল মৰাপাট ভস্মীভূত হোৱাৰ সন্দেহ।

Morigaon Jute Warehouse Fire
25-30 হাজাৰ কুইন্টল মৰাপাট ভস্মীভূত
author img

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 10:04 PM IST

নিৰ্বাপিত হোৱা নাই ভূৰাগাঁৱৰ ভাৰতীয় মৰাপাট নিগমৰ গুদামৰ জুই

ধিং, 15 ফেব্ৰুৱাৰী : আজিও নিৰ্বাপিত হোৱা নাই ভূৰাগাঁৱৰ ভাৰতীয় মৰাপাট নিগমৰ গুদামৰ জুই ৷ এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত 25-30 হাজাৰ কুইণ্টল মৰাপাট ভস্মীভূত হয় ৷ ইতিমধ্যে জুই নিৰ্বাপন কৰিবলৈ 20 খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে চেষ্টা অব্যাহত ৰাখিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বানমূৰীত অৱস্থিত ভাৰতীয় মৰাপাট নিগমৰ ভূৰাগাঁও শাখাৰ মৰাপাট ভৰ্তি গুদামত বুধবাৰে সংঘটিত হৈছিল এক ভয়ংকৰ অগ্নিকাণ্ড ৷ শুকুৰবাৰে বিয়লি চাৰি বজাত সংঘটিত হোৱা অগ্নিকাণ্ডত গুদামৰ লগতে বাহিৰত দ'ম কৰি থোৱা বুজন সংখ্যক মৰাপাট ভস্মীভূত হয় ৷ অগ্নিকাণ্ড সংঘটিত হোৱা 24 ঘন্টা পাৰ হোৱাৰ পিছতো নিৰ্বাপিত হোৱা নাই জুই ৷ বুধবাৰে সন্ধিয়াৰ পৰা 15-20 খনকৈ গাড়ীৰে জুই নুমুৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে অগ্নি নিৰ্বাপক বাহিনীয়ে ৷ জুই নিৰ্বাপন কৰিবলৈ স্থানীয় আৰু জিলা প্ৰশাসনেও পূৰ্ণ সহায়-সহযোগ আগবঢ়াইছে ৷

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ জুই নিৰ্বাপন কাৰ্যৰ তদাৰক কৰিছে ৷ এই জুই সম্পূৰ্ণৰূপে নিৰ্বাপন কৰিবলৈ আৰু 24 ঘন্টাৰ প্ৰয়োজন বুলি অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়া সকলে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰে ৷ ইফালে এই অগ্নিকাণ্ডত ভাৰতীয় মৰাপাট নিগমৰ কিমান ক্ষয়ক্ষতি হৈছে তাৰ বিষয়ে নিগমৰ বিষয়া কৰ্মচাৰীসকলে সঠিককৈ প্ৰকাশ কৰা নাই যদিও 25-30 হাজাৰ কুইন্টল মৰাপাট ভস্মীভূত হোৱাৰ ইংগিত দিয়ে ৷ এই অগ্নিকাণ্ডত ক্ষয়ক্ষতিৰ পৰিমাণ প্ৰায় 16 কোটি হ’ব বুলি ভাৰতীয় মৰাপাট নিগমৰ কৰ্মচাৰীয়ে অনুমান কৰিছে ৷

ইফালে গুদামৰ বাহিৰত সংঘটিত হোৱা জুই নুমুৱাবলৈ সক্ষম হৈছে যদিও বাতৰি লিখাৰ পৰলৈকে গুদামৰ জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত আছে ৷ এই বিধ্বংসী অগ্নিকাণ্ডই সমগ্ৰ অঞ্চলজুৰি এক আতংকময় পৰিবেশৰ কৰিছে ৷ অৱশ্যে এই অগ্নিকাণ্ডত গাঁওবাসীৰ কোনো ক্ষয়ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে ৷ এই অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই ৷ গুদামৰ বাহিৰত জে চি আইৰ কৰ্মচাৰী সকলে অসুৰক্ষিত ভাৱে মৰাপাট মজুত কৰাৰ বাবেই এনেধৰণৰ ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱা বুলি একাংশই অভিযোগ কৰিছে ৷

আনহাতে বৃহস্পতিবাৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমীত সিঙে ঘটনাস্থলী পৰিদৰ্শন কৰে ৷ লগতে উপস্থিত হয় মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা ৷ এই মৰাপাট গুদামত কেনেকৈ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ’ল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ৷ কোটি কোটি টকাৰ মৰাপাট ভস্মীভূত হোৱাৰ এই ঘটনাটোত কোনো দুস্কৃতিকাৰী জৰিত হৈ আছে নেকি তাকে লৈ ৰাইজৰ মাজত ব্যাপক চৰ্চা আৰম্ভ হৈছে ৷

লগতে পঢ়ক : তিনিচুকীয়াত একেদিনাই দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.