ETV Bharat / state

তিনিচুকীয়া-শিৱসাগৰত মহা শিৱৰাত্ৰিত ভক্তৰ লানি নিছিগা ভিৰ - Shiv Ratri Celebration at Tinsukia

Shivratri Celebration : শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে পবিত্ৰ মহা শিৱৰাত্ৰি । ৰাজ্যৰ চৌদিশে এতিয়া শিৱ বন্দনা । মহাদেৱৰ চৰণত আশিস গ্ৰহণ কৰিবৰ বাবে শিৱৰ আৰাধনাস্থলীত শিৱভক্তৰ ভিৰ । ব্যতিক্ৰম নহয় তিনিচুকীয়া আৰু শিৱসাগৰো ।

তিনিচুকীয়া-শিৱসাগৰত মহা শিৱৰাত্ৰি
তিনিচুকীয়া-শিৱসাগৰত মহা শিৱৰাত্ৰি
author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 7:16 PM IST

তিনিচুকীয়া-শিৱসাগৰত মহা শিৱৰাত্ৰিত ভক্তৰ লানি নিছিগা ভিৰ

তিনিচুকীয়া-শিৱসাগৰ, ৮ মাৰ্চ : পবিত্ৰ মহা শিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে তিনিচুকীয়াৰ ঐতিহাসিক শিৱধামলৈ আগমন ঘটিছে অগণন ভক্তৰ ৷ বিগত বৰ্ষসমূহৰ দৰেই এইবৰ্ষতো শুকুৰবাৰৰ পৰা তিনিদিনীয়াকৈ শিৱধামত পালন কৰা হৈছে মহা শিৱৰাত্ৰি ৷ এই উপলক্ষে পুৱতিনিশাৰে পৰা তিনিচুকীয়া জিলাৰ লগতে কাষৰীয়া স্থানসমূহৰ পৰাও আগমন ঘটে ভক্তৰ ৷

আনহাতে, শিৱধামলৈ পুৱাৰে পৰা আগমন ঘটা লক্ষাধিক ভক্তৰ প্ৰতি লক্ষ্য ৰাখি শিৱধাম পৰিচালনা সমিতিয়েও গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । সমান্তৰালভাৱে শিৱধামৰ প্ৰাংগণত তিনিদিনীয়াকৈ আয়োজন কৰা মহা শিৱৰাত্ৰি উপলক্ষে গঢ় লৈ উঠিছে আনন্দমেলা, খাদ্যমেলাৰ লগতে বাণিজ্য মেলা ।

ইপিনে, ৰাজ্যৰ অন্যান্য শিৱমন্দিৰসমূহৰ লগতে আহোম ৰাজত্বকালত ৰাণী অম্বিকাই নিৰ্মাণ কৰা শিৱসাগৰৰ শিৱদ'লত লক্ষাধিক ভক্তই ভিৰ কৰা পৰিলক্ষিত হয় । ১৭৩৩ খ্ৰীষ্টাব্দত ৰাণী অম্বিকাৰ দ্বাৰা নিৰ্মাণ কৰা শিৱদ'লত আহোম ৰাজত্বকালৰে পৰা শিৱপূজা পৰম্পৰাগতভাৱে চলি আহিছে । প্ৰতিবছৰৰ দৰে চলিত বছৰতো শিৱদ'লত ছয়দিনীয়াকৈ শিৱৰাত্ৰিৰ আয়োজন কৰা হৈছে । শুকুৰবাৰে হৈছে পঞ্চম দিন । এই দিনটোত ঐতিহাসিক শিৱদ'লত লক্ষাধিক ভক্তৰ ভিৰ পৰিলক্ষিত হয় ।

উল্লেখ্য যে মহা শিৱৰাত্ৰি হৈছে ভাৰতীয় হিন্দু ধৰ্মৰ এটা ধৰ্মীয় উৎসৱ । হিন্দুধৰ্মৰ দেৱতা শিৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে এই উৎসৱ পালন কৰা হয় । হিন্দু দিনপঞ্জী অনুসৰি প্ৰতিমাহৰে ত্ৰয়োদশ নিশা/চতুৰ্দশ দিনত এবাৰকৈ শিৱৰাত্ৰিৰ তিথি পৰে । কিন্তু বছৰত এবাৰকৈ ফাগুণত ধুমধামেৰে মহা শিৱৰাত্ৰি আয়োজন কৰা হয় । আনহাতে, কিছু কিছু লোকে কৈলাসত হৰ-গৌৰীৰ বিবাহৰ পবিত্ৰ দিন বুলিও মানি আহিছে । পুৱতিনিশাৰে পৰাই শিৱ বন্দনাৰ বাবে অগণন ভক্তৰ লানি নিছিগা শাৰী । ইয়াৰ বাবে দ'ল উন্নয়ন পৰিষদে পুৰুষ আৰু মহিলাসকলৰ বাবে পৃথক ব্যৱস্থা কৰিছে । শিৱসাগৰত শিৱৰাত্ৰি প্ৰসংগ আহিলেই আধ্যাত্মিক পৰিবেশৰ সমান্তৰালকৈ এক উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয় । শনিবাৰে অন্তিম দিন আৰু এই অন্তিম দিনটোত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে মহা শিৱৰাত্ৰিৰ অন্ত পৰিব ।

লগতে পঢ়ক :মহানগৰীত মহাশিৱৰাত্ৰি: পদযুগল থকা এটা জীয়াশিলৰ শিৱ মন্দিৰত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.