ETV Bharat / state

লুৰীণজ্যোতি গগৈৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্রস্ত - Lurinjyoti Gogoi Convoy Accident - LURINJYOTI GOGOI CONVOY ACCIDENT

Lurinjyoti Gogoi Convoy accident : বিহু অনুষ্ঠানলৈ গৈ থকাৰ পথত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্রস্ত হয় । এই দুৰ্ঘটনাত 6 গৰাকী দেহৰক্ষী আহত হোৱাৰ লগতে এগৰাকী চাইকেল আৰোহী আহত হয় ৷

ROAD ACCIDENT IN DIBRUGARH
লুৰীণজ্যোতি গগৈৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্রস্ত (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : May 14, 2024, 9:31 AM IST

Updated : May 14, 2024, 9:42 AM IST

লুৰীণজ্যোতি গগৈৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্রস্ত (ETV BHARAT ASSAM)

মৰাণ, 14 মে’ : সোমবাৰে নিশা ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ সভাপতি তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্রস্ত হয় । ডিব্ৰুগড়ৰ বকপৰা বাইপাছত লুৰীণজ্যোতি গগৈৰ দেহৰক্ষী বাহনখন পথ দুৰ্ঘটনাত পতিত হয় । ডিব্ৰুগড় চহৰৰ পৰা লাহোৱাল অভিমুখে গৈ থকা অৱস্থাত এজন ব্যক্তিক বচাবলৈ গৈ এই পথ দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে ।

অকস্মাতে এজন চাইকেল আৰোহীক বচাবলৈ যাওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা তলত বাগৰি পৰে বাহনখন । দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS 01BT6376 নম্বৰৰ ইন’ভা বাহন ৷ লুৰীণজ্যোতি গগৈ থকা বাহনখনৰ পাচতেই আছিল দুৰ্ঘটনাগ্রস্ত হোৱা এছক'ৰ্ট বাহনখন ।

ইতিমধ্যে এই দুৰ্ঘটনাত আহত হোৱা ছয়জন ব্যক্তিক AMCH ত ভৰ্তি কৰোৱা হৈছে । লগতে চাইকেল আৰোহী গৰাকীকো AMCHত ভৰ্তি কৰা হৈছে । ইফালে নিশাই সকলোৰে চিকিৎসাৰ তদাৰক কৰে লুৰীণজ্যোতি গগৈয়ে ।

গগৈয়ে ঘটনা সন্দৰ্ভত জানিবলৈ দিয়া অনুসৰি, তেওঁলোকে এটা বিহু অনুষ্ঠানৰ বাবে গৈ থকাৰ পথতে এই দুৰ্ঘটনা সংঘটিত হয় ৷ এগৰাকী চাইকেল আৰোহী বিপৰীত দিশৰ পৰা আহি থাকোতেই তেওঁক বচাবলৈ গৈ বাহনখনে ডিভাইডাৰত খুন্দাৰ মৰাৰ ফলত দুৰ্ঘটনাত পতিত হ’বলগীয়া হয় ৷ চাইকেল আৰোহীগৰাকীয়ে হাতত অলপ কষ্ট পাইছে ৷

চিকিৎসকে উল্লেক কৰা অনুসৰি, চাইকেল আৰোহীগৰাকীৰ মূৰত কষ্ট পাইছে নে নাই সেয়া চিটি স্কেনৰ ফলাফলৰ পিচতহে পোহৰলাৈ আহিব ৷ অৱশ্যে বৰ্তমানলৈকে চিন্তাৰ কাৰণ একো নাই বুলি তেওঁ কয় ৷ ইপালে আহতসকলৰ আশু আৰোগ্য কামনা কৰি গগৈয়ে সমগ্ৰ অসমবাসীক চিন্তা নকৰিবলৈ অনুৰোধ জনায় ৷

লগতে পঢ়ক: দুৰ্ঘটনাগ্ৰস্ত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ বাহন - Biswajit Daimary convoy accident

Last Updated : May 14, 2024, 9:42 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.