মৰাণ, 1 জুন : আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহে ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতামূলকভাৱে গুণগত উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৷ কিন্তু চাহ কোম্পানী সমূহৰ শোষণৰ সন্মুখীন হৈ এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া ক্ষুদ্ৰ চাহ খেতিয়কসকল ৷ কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰাৰ সময়তে কেঁচা চাহপাত আজিৰে পৰা কলঘৰত নোলোৱাৰ সিদ্ধান্তত হাহাকাৰ লাগিছে ৰাজ্যৰ হাজাৰ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ৷ কেঁচা চাহপাতত ৰাসায়নিক পদাৰ্থৰ সংমিশ্ৰণৰ গইনা লৈ চাহ ব’ৰ্ডে নতুন নতুন নিয়ম প্ৰৱৰ্তন কৰাৰ পাছতেই অসমৰ বটলিফ চাহ নির্মাতা সন্থাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
এই সম্পৰ্কত ডিব্ৰুগড়ত তীব্ৰ প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷ তেওঁ কয় যে, অসমৰ চাহ শিল্পক ধ্বংস কৰিবলৈ কূট কৌশল আৰম্ভ কৰা হৈছে ৷ অসমত 50 শতাংশতকৈ অধিক চাহ উৎপাদন কৰা ক্ষুদ্ৰ চাহ খেতিয়কসকলক লৈ চাহ ব’ৰ্ডে যি কৌশল ৰচনা কৰিছে ইয়ে ক্ষুদ্ৰ চাহ খেতিয়কক বিপদত পেলাব ৷ একে সময়তে বটলিফ চাহ নির্মাতা আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলক পেটে ভাতে মাৰিবলৈ চেষ্টা কৰিছে চৰকাৰ আৰু চাহ বৰ্ডে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী প্ৰমোদ ভ্ৰমণত ব্যস্ত থকাৰ বাবে উদ্যোগ বিভাগৰ বিষয়াই কোনো সিদ্ধান্ত দিব পৰা নাই ৷ কেৱল বহুজাতিক কোম্পানিৰ লগত মিতিৰালি কৰি ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাক লৈ গুৰুত্ব প্ৰদান কৰা নাই বুলি চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷
লগতে পঢ়ক : অখিল-লুৰীণে কাৰ পৰা টকা লৈছিল ? ক'লে বদৰুদ্দিন আজমলে - Badruddin Ajmal
লগতে পঢ়ক : গভীৰ অনিশ্চয়তাত ৰাজ্যৰ লাখ লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যৎ - Small Tea Planters