ETV Bharat / state

লাভলীনা বৰগোঁহাই : স্কুলৰ খেলপথাৰৰ পৰা অলিম্পিকৰ ক্ৰীড়াংগনলৈ অদম্য সপোনৰ এক জীয়া বাস্তৱ - PARIS OLYMPICS 2024

author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 4:33 PM IST

Updated : Jul 27, 2024, 5:16 PM IST

Lovlina Borgohain : জ্যোতিপ্ৰসাদ আগৰৱালাই লিখি থৈ গৈছে, "... গাঁৱলীয়া বাটেৰে লুইতৰ ঘাটেৰে পৃথিৱী চাবলে' ওলালি কোন, গাঁৱৰে সোণ তয়ে হ'বি দেশৰে জিলিকা জোন...।" সঁচাকৈয়ে গাঁৱৰে সোণ লাভলীনা এতিয়া দেশৰ জোন হৈ জিলিকিছে বিশ্ব দৰবাৰত । বজ্ৰমুঠিৰে জগত কঁপাই তুলিছে এইগৰাকী বোকাৰ পদুমে । পেৰিছ অলিম্পিকত নিজৰ যাত্ৰা আৰম্ভ কৰাৰ প্ৰাক-মুহূৰ্তত লাভলীনাৰ অতীত আৰু বৰ্তমান সামৰি ই টিভি ভাৰতৰ সাংবাদিক যুগল মেধিৰ এক বিশেষ প্ৰতিবেদন ।

Lovlina Borgohain
লাভলীনা বৰগোঁহাই (Photo BFI and ETV Bharat Assam)

সৰুপথাৰ, ২৭ জুলাই : "গাঁৱৰে জীয়ৰী, সপোন সুন্দৰী, গাঁৱতে সৰগ ৰচোঁ মই, মাটিতে সৰগ ৰচোঁ মই, দেৱতায়ো ৰ লাগি চায়... ৷" এইগৰাকী গাঁৱৰ জীয়ৰী, সপোন সুন্দৰী লাভলীনা বৰগোঁহাই হৈছে এতিয়া দেশৰ এটি উজ্জ্বল ক্ৰীড়া নক্ষত্ৰ । টকিঅ' অলিম্পিকত ইতিহাস ৰচনা কৰি এইবাৰ স্বৰ্ণজয়ৰ লক্ষ্যৰে পেৰিছত উপস্থিত হৈছে লাভলীনা । লগতে কোটি কোটি ভাৰতীয়ৰো বুকুত এক হেঁপাহে বাহ বান্ধিছে । কিন্তু বৰপথাৰৰ পৰা লাভলীনাৰ এই বিশ্বমুখী যাত্ৰা জানো ইমান সহজ আছিল ? নিশ্চয় নহয় ।

অতিকে পিচপৰা এটা অঞ্চলৰ পৰা বক্সিঙৰ দৰে কোনোধৰণৰ ক্ৰীড়া আন্তঃগাঁথনি নোহোৱাকৈয়ে বিশ্বত নিজৰ স্থান দখল কৰাৰ দুৰ্বাৰ বাসনা আৰু দৃঢ় প্ৰতিজ্ঞ মনোভাবেই তেওঁৰ সফলতাৰ অন্যতম চাবিকাঠি ।

লাভলীনা বৰগোঁহাই : স্কুলৰ খেলপথাৰৰ পৰা অলিম্পিকৰ ক্ৰীড়াংগনলৈ অদম্য সপোনৰ এক জীয়া বাস্তৱ (ETV Bharat Assam)

এইবাৰ ৭৫ কেজি শাখাত অংশগ্ৰহণ কৰিব লাভলীনাই

পেৰিছ অলিম্পিক গেমছত অসমৰ একমাত্ৰ খেলুৱৈ হিচাপে অংশগ্ৰহণ কৰিছে লাভলীনা বৰগোঁহায়ে । মহিলাৰ ৭৫ কেজি শাখাত অংশগ্ৰহণ কৰিব অসমকন্যা লাভলীনা বৰগোঁহায়ে । ৩১ জুলাইত প্ৰথম মেচত নৰৱে'ৰ ছুন্নিভা হবষ্টেডৰ বিৰুদ্ধে ৰিঙত নামিব লাভলীনা ।

টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰিছিল ৬৯ কেজি শাখাত

২০২০ চনৰ টকিঅ' অলিম্পিকত ৬৯ কেজি শাখাত অংশগ্ৰহণ কৰিছিল লাভলীনাই । টকিঅ'ত ব্ৰঞ্জৰ পদক জয় কৰি অসমৰ ক্ৰীড়া ইতিহাসত ৰচনা কৰিছিল এক স্বৰ্ণিল অধ্যায় । বিগত সময়ছোৱাৰ খেলৰ ধাৰা অব্যাহত ৰাখি লাভলীনা বৰগোঁহায়ে পেৰিছত পুনৰ ইতিহাস ৰচিবলৈ সাজু হৈছে । টকিঅ'ত ব্ৰঞ্জৰ পদক বিজয়েৰে বিশ্ব জয় কৰিবলৈ সক্ষম হৈছিল বৰপথাৰৰ বাৰমুখয়ীয়াৰ লাভলীনাই । এইবাৰ লক্ষ্য স্বৰ্ণ জয় ।

লাভলীনাৰ যাত্ৰাপথ

বৰপথাৰৰ আদৰ্শ হিন্দী হাইস্কুল প্ৰাঙ্গণৰ খেলপথাৰত প্ৰথমতে প্ৰশিক্ষণ লৈছিল অলিম্পিক বিজয়ী লাভলীনা বৰগোঁহায়ে । বৰষুণৰ বতৰত কেঁচা বোকা গচকি প্ৰশিক্ষণ গ্ৰহণ কৰিবলৈ অহা বাৰমুখীয়া গাঁৱৰ ছোৱালীজনী আজি বিশ্বৰ এটা চিনাকি নাম । এই স্মৃতি সুঁৱৰিলে লাভলীনাৰ প্ৰথমগৰাকী প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসে ।

কেনেদৰে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল লাভলীনাই ?

লাভলীনাৰ আদিগুৰু প্ৰশান্ত কুমাৰ দাসে স্মৰণ কৰে সেই সময়ৰ কথা । বৰপথাৰ আদৰ্শ হিন্দী হাইস্কুলৰ খেলপথাৰৰ পৰাই বক্সিঙৰ যাত্ৰা আৰম্ভ কৰিছিল লাভলীনাই । বৰপথাৰৰ বোকা গচকি গৈ টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক বিজয় কৰিছিল লাভলীনাই । তাৰ পিচত ইটোৰ পিচত সিটো সফলতা আৰু এতিয়া দ্বিতীয়বাৰৰ বাবে পেৰিছ অলিম্পিকত অংশগ্ৰহণ । বৰপথাৰ আদৰ্শ হিন্দী হাইস্কুল কৰ্তৃপক্ষকো সহায়ৰ বাবে বিশেষভাৱে কৃতজ্ঞতা জনায় প্ৰশিক্ষকগৰাকীয়ে ।

লগতে পঢ়ক :পেৰিছ অলিম্পিক : কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাভলীনা বৰগোহাঁই-নিখাত জাৰীন - Paris Olympics 2024

কি ক’লে আদিগুৰু প্ৰশান্ত কুমাৰ দাসে

প্ৰশান্ত কুমাৰ দাসে লাভলীনাক দ্বিতীয়বাৰৰ বাবে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰাৰ বাবে অভিনন্দন জনাই কয়, "31 জুলাই তেওঁ পেৰিছ অলিম্পিকত প্ৰথমখন খেল ৰাউণ্ড অৱ ১৬ ত অৱৰ্তীণ হ’ব আৰু তাৰবাবে মোৰ তৰফৰ পৰা শুভেচ্ছা থাকিল ৷ তেওঁ ৰাউণ্ড অৱ ১৬ ত নৰৱে’ৰ চুন্নিৱা হফষ্টাডৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব ৷ মই আশা কৰো সেই খেলখনত লাভলীনা বৃহৎ ব্যৱধানত জয়ী হ’ব আৰু কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব ৷ পেৰিছ অলিম্পিকত সোণৰ পদক লাভ কৰাৰ লাভলীনাৰ যি সপোন সেয়া বাস্তৱত পৰিণত হওক মই সেইয়াই আশা কৰো ৷"

শিষ্যাক লৈ প্ৰৱল বিশ্বাসী প্ৰশিক্ষক

লাভলীনাই এইবাৰ পেৰিছ অলিম্পিকত ৭৫ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ৷ লাভলীনাৰ এইবাৰৰ প্ৰত্যাশা সন্দৰ্ভত প্ৰথম প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাস সম্পূৰ্ণ আশাবাদী । তেওঁ কয়, " মই ব্যক্তগতভাৱে ভাবো ৭৫ কেজি শাখা লাভলীনাৰ বাবে শুভ ৷ লাভলীনাই ইয়াৰ পূৰ্বে এই শাখাত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছে ৷ তেওঁ এই শাখাত ৱল্ড বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক আৰু এছিয়ান গেমছত ৰূপৰ পদক লাভ কৰি পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে ৷ তেওঁৰ খেলৰ শৈলী আৰু নিপুণতা অধিক দক্ষ হোৱাৰ লগতে আত্মবিশ্বাস যথেষ্ট ওপৰত আছে ৷"

ৱৰ্ল্ড ৰেংকিং ছিৰিজত লাভলীনাই শীৰ্ষস্থান দখলৰ আশা প্ৰশান্ত কুমাৰ দাসৰ

প্ৰশিক্ষক প্ৰশান্ত কুমাৰ দাসে লগতে কয়, "লাভলীনা বৰ্তমান ৱৰ্ল্ড ৰেকিং ছিৰিজত তিনি নম্বৰত আছে ৷ লাভলীনাই কৰা কষ্টৰ ফলত আজি এই স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু সমগ্ৰ বিশ্বৰ সন্মুখনত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ মই আশা কৰো পেৰিছ অলিম্পিকত ভাল প্ৰদৰ্শন কৰি ৱৰ্ল্ড ৰেংকিং ছিৰিজত শীৰ্ষস্থান দখল কৰিব বুলি মই আশা কৰিছে ৷"

আশাবাদী লাভলীনাৰ পৰিয়াল

গোলাঘাট জিলাৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱৰ বাসগৃহৰ পৰা লাভলীনা বৰগোঁহাইৰ পিতৃয়েও একেধৰণৰ আশাবাদী মন্তব্য কৰে । লাভলীনাৰ পৰা পদক লাভ কৰাৰ ক্ষেত্ৰত প্ৰবল আশাবাদী পিতৃ টিকেন বৰগোঁহাই । লাভলীনা বৰগোহাঁইৰ পৰিয়ালৰ সদস্যৰ ভিতৰত পিতৃ-মাতৃসহ দুই জ্যেষ্ঠ ভগ্নী । মাতৃ মামণি বৰগোঁহাই ।

আনহাতে, দুই ভগ্নী লীমা বৰগোঁহাই আৰু লীছা বৰগোঁহাই সেনাবাহিনীত কৰ্মৰত । পিতৃ টিকেন বৰগোঁহাই এগৰাকী আদৰ্শ কৃষক । বিগত সময়ছোৱাত তেওঁ এগৰাকী ৱাৰ্ড সদস্য আছিল ।

লাভলীনালৈ শুভেচ্ছা আদি গুৰু আৰু আছুৰ প্ৰতিনিধিৰ

বৰপথাৰৰ প্ৰশান্ত কুমাৰ দাসৰ ওচৰত প্ৰথমে প্ৰশিক্ষণ গ্ৰহণ কৰিছিল লাভলীনা বৰগোহাঁয়ে । তেওঁ কেনেদৰে প্ৰথমে বক্সিঙৰ প্ৰশিক্ষণ আৰম্ভ কৰিছিল আৰু কেনেকৈ নিৰ্বাচিত হ'ল এই কথাও উল্লেখ কৰে প্ৰশিক্ষকগৰাকীয়ে । আনহাতে, দ্বিতীয়বাৰৰ বাবে অলিম্পিকত অংশ লোৱাৰ বাবে লাভলীনালৈ শুভেচ্ছা জ্ঞাপন কৰিছে তেওঁৰ আদিগুৰুৱে ।

তেওঁ প্ৰবল আশাবাদী যে পেৰিছ অলিম্পিকত লাভলীনাই স্বৰ্ণ জয় কৰিব । ইফালে লাভলীনালৈ শুভেচ্ছামূলক মন্তব্য আগবঢ়ায় ধনশিৰি মহকুমা ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে ।

লগতে পঢ়ক :ভাৰতৰ ধ্বজাবাহক হোৱাটো মোৰ বাবে অন্যতম ডাঙৰ সন্মান : পি ভি সিন্ধু - Paris Olympics 2024

Last Updated : Jul 27, 2024, 5:16 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.