ETV Bharat / state

জি এছ টিৰ নামত জালিয়াতিৰে লুণ্ঠন কোটি টকা : ধেমাজিত ভুক্তভোগী ব্যৱসায়ীৰ ন্যায়ৰ বাবে আহ্বান - GST Fraudster Arrested in Dhemaji - GST FRAUDSTER ARRESTED IN DHEMAJI

GST Fraudster Arrested in Dhemaji : জি এছ টি পৰিশোধ কৰাৰ নামত ব্যৱসায়ীৰ পৰা ৫০ কোটি টকা সৰকোৱা শিৱাংগ পাল অৱশেষত আৰক্ষীৰ জালত ৷ তিনিবছৰে অন্তৰ্ধান শিৱাংগক পশ্চিমবংগত গ্ৰেপ্তাৰ ৷ ধেমাজি প্ৰেছ ক্লাবত সংবাদমেল পাতি ভুক্তভোগী ব্যৱসায়ীয়ে বিচাৰিলে উচিত ন্যায় ।

GST Fraudster Arrested in Dhemaji
ন্যায় বিচাৰি সংবাদমেল ভুক্তভোগী ব্যৱসায়ীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 4:51 PM IST

ধেমাজি, ২৯ মে' : ধেমাজি নগৰত জি এছ টিৰ পৰামৰ্শদাতা কেন্দ্ৰ খুলি ৰমৰমীয়া ব্যবসায়েৰে ৫০ কোটিৰো অধিক টকা জালিয়াতিৰে সৰকাই তিনিবছৰ ধৰি পলাই থকা শিৱাংগ পালক ইতিমধ্যে ধেমাজি আৰক্ষীয়ে কৰায়ত্ত কৰিছে । অসমীয়া খাটিখোৱা ব্যৱসায়ীৰ অজ্ঞতা আৰু সৰলতাৰ সুযোগ লৈ কোটি কোটি টকা আত্মসাৎ কৰি তিনি বছৰে পলাতক হৈ আছিল শিৱাংগ পাল ৷

ভুক্তভোগী ব্যৱসায়ীৰ সংবাদমেল (ETV Bharat Assam)

শিৱাংগ পালে ২০১৭ চনমানৰ পৰা ধেমাজি তিলিআলিত 'টেক্স কনছালটেন্সী'ৰ কাম কৰি আছিল ৷ প্ৰথমাৱস্থাত ঠিকেই আছিল যদিও ২০২১ চনৰ মাজভাগত পালৰ ভণ্ডামি তথা লুটৰাজৰ কথা পোহৰলৈ আহে ৷ কে'বাগৰাকী ব্যৱসায়ীৰ এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৬/৪৬৮ ধাৰাৰ অধীনত (গোচৰ নং ১৫৯/২০২১) তেওঁৰ বিৰুদ্ধে তদন্ত অব্যাহত আছিল ৷

কিন্তু বিগত তিনি বছৰে পলাতক শিৱাংগ পালক বিশেষ সূত্ৰৰ পম খেদি শনিবাৰে ধেমাজি আৰক্ষীয়ে পশ্চিমবংগত গ্ৰেপ্তাৰ কৰে ৷ ইতিমধ্যে ধেমাজি সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শিৱাংগ পালৰ কেলেংকাৰী সন্দৰ্ভত অৱগত কৰিবলৈ বুধবাৰে ভুক্তভোগী ব্যৱসায়ীৰ একাংশই ধেমাজি প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে ৷

সংবাদমেলত ব্যৱসায়ীসকলে চৰকাৰে নতুনকৈ প্ৰৱৰ্তন কৰা জি এছ টিৰ কাম নজনাৰ বাবে দুবছৰৰো অধিককাল শিৱাংগ পালৰ জৰিয়তে 'টেক্স ৰিটাৰ্ণ' কৰি আহিছিল । ইয়াৰ বিনিময়ত পালক প্রয়োজনীয় নথি-পত্ৰৰ লগতে সময়মতে নির্ধাৰিত হাৰত পাৰিশ্ৰমিক আদিও পৰিশোধ কৰিছিল । কিন্তু হঠাতে উক্ত ব্যৱসায়ীসকলৰ জি এছ টি নম্বৰবোৰ বন্ধ হৈ পৰে ।

উপায়হীন হৈ উক্ত ব্যবসায়ীসকলে ধেমাজিত থকা জি এছ টি অফিচলৈ গৈ খবৰ কৰাত তেওঁলোকৰ জি এছ টি নম্বৰৰ পৰা ক্ৰয়-বিক্ৰয়তকৈ অত্যধিক হাৰত জি এছ টি বিল দি থকা দেখুওৱাৰ ফলতে তেওঁলোকৰ জি এছ টি নম্বৰসমূহ বন্ধ হৈ পৰা বুলি জানিব পাৰে । লগে লগে ব্যৱসায়ীসকলে শিৱাংগ পালক ফোন কৰে যদিও ফোনসহ তেওঁৰ দোকান বন্ধ কৰি শিৱাংগ পালে ধেমাজিৰ পৰা পলায়ন কৰে ।

লগতে পঢ়ক :জি এছ টিৰ নামত হাৰাশাস্তিৰ সন্মুখীন ৰাজ্যৰ ব্যৱসায়ী : কি কয় ব্যৱসায়ী-জি এছ টি কৰ্মীয়ে - GST In Assam

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.