ETV Bharat / state

জালত পৰিল বনৰজা, আমগুৰিবাসীয়ে এৰিলে স্বস্তিৰ নিশ্বাস - Leopard Scare In Assam

LEOPARD CAGED : দীৰ্ঘদিনে ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকী পিঞ্জৰাবদ্ধ । আমগুৰিৰ চামগুৰিত নিশা পিঞ্জৰাবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকীতো । চামগুৰিৰ যুৱ সমাজে শনিবাৰে নিশা পিঞ্জৰা পতাৰ আধাঘণ্টা পিচতেই পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকীটো ।

Leopard caged at Amguri in Sivsagar
জালত পৰিল বনৰজা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 9:38 AM IST

আমগুৰি, ২৩ জুন : শিৱসাগৰ জিলাৰ আমগুৰিত শনিবাৰে নিশা পিঞ্জৰাবদ্ধ হয় এটা নাহৰফুটুকী । আমগুৰিৰ চামগুৰিত নিশা পিঞ্জৰাবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকীটো । অঞ্চলটোত দীৰ্ঘদিন ধৰি উপদ্ৰৱ চলাই আহিছিল নাহৰফুটুকীটোৱে । গৰু, ছাগলী, কুকুৰা আদি ভক্ষণ কৰি দীৰ্ঘদিন ধৰি নাহৰফুটুকীটোৱে আতংকৰ সৃষ্টি কৰি আহিছিল অঞ্চলটোত ।

জালত পৰিল বনৰজা (ETV Bharat Assam)

অঞ্চলটোত ১০ টাৰো অধিক নাহৰফুটুকী থকাৰ সন্দেহ কৰিছে স্থানীয় লোকে । চামগুৰিৰ যুৱ সমাজে শনিবাৰে নিশা পিঞ্জৰা পতাৰ আধাঘণ্টা পিচতেই নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয় । নাহৰফুটুকীটো চাবলৈ কেইবা শতাধিক লোকে ভিৰ কৰে অঞ্চলটোত ।

জানিব পৰা মতে চামগুৰি, চটাইচিগা অঞ্চলত চাহ বাগানকে ধৰি হাবি-জংঘলত বহুকেইটা বাঘৰ উপস্থিতি প্ৰত্যক্ষ কৰিছে স্থানীয় লোকে । স্থানীয় যুৱ সমাজে বন বিভাগক নাহৰফুটুকী পিঞ্জৰাবদ্ধ কৰিবলৈ দাবী জনাই আহিছিল । শনিবাৰে নিশা পিঞ্জৰা পতাৰ আধাঘণ্টা পিচতেই নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হয় ।

নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাৰ পিছতেই স্থানীয় আমগুৰি, হালোৱাটিং আৰু শিৱসাগৰৰ বন বিভাগৰ লোক উপস্থিত হৈ নাহৰফুটুকীটো উদ্ধাৰ কৰে । বন বিভাগৰ লোকে নাহৰফুটুকীটো উদ্ধাৰ কৰি সোনাৰীস্থিত ৰিজাৰ্ভত মুকলি কৰি দিব বুলি প্ৰকাশ কৰে । উল্লেখ্য যে শিৱসাগৰৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনে বাঘৰ আতংক বিৰাজ কৰি আহিছে । বন বিভাগে এই ক্ষেত্ৰত কোনো বিশেষ ভূমিকা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি আহিছে ৰাইজে ।

বিগত কিছুদিন পূৰ্বে আমগুৰিত উদ্ধাৰ হৈছিল দুটাকৈ নাহৰফুটুকী । খৰাগড় লোণপুৰীয়াত উদ্ধাৰ হয় নাহৰফুটুকী দুটা । তেতিয়াও বন বিভাগৰ গুৰুত্বহীনতাৰ বাবেই নাহৰফুটুকী দুটা মৃত্যুমুখত পৰাৰ অভিযোগ উত্থাপন কৰিছিল ৰাইজে ।

লগতে পঢ়ক: লাহোৱালৰ আলিমূৰত উদ্ধাৰ দুটা নাহৰফুটুকীৰ মৃতদেহ - Leopards Body Found In Dibrugarh

মৰিয়নীত নাহৰফুটুকীৰ মুক্ত বিচৰণত আতংক - Leopard Scare In Assam

শোৱনি কোঠাত সোমাল বনৰজা: উপায়হীন গৃহস্থই এৰিলে ঘৰ - Leopard Terror In Mariani

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.