ETV Bharat / state

ট্ৰেডিং কেলেংকাৰী প্ৰসংগত বহুকেইটা বিস্ফোৰক অভিযোগ বিৰোধী দলপতি শইকীয়াৰ - OPPOSITION LEADER DEBABRATA SAIKIA

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 4:38 PM IST

Assam trading scam: ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত সৰৱ দেৱব্ৰত শইকীয়া । অনলাইন ট্রেডিং কেলেংকাৰীৰ গুজৰাটৰ সৈতে সংযোগ থকাৰ দাবী শইকীয়াৰ । চৰকাৰৰ বৰঘৰৰ লগতে ডাঙৰ বিজেপি নেতাৰ সৈতে ঠগ-প্ৰৱঞ্চকৰ ঘনিষ্ঠ সম্পর্ক থকাৰ বাবেই ছেবি, ই ডিৰ দৰে সংস্থাসমূহে কঠোৰ ব্যৱস্থা ল'বলৈ ভয় কৰে বুলি মন্তব্য শইকীয়াৰ । ৭০০০ কোটি টকা লুণ্ঠন কৰা দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে এতিয়ালৈকে ই ডিয়ে গোচৰ ৰুজু কৰা নাই কিয় বুলিও শইকীয়াৰ প্ৰশ্ন ৷ গুজৰাটী কোম্পানীৰ আদৱ-কায়দা কপি কৰা এনেধৰণৰ প্ৰৱঞ্চকক ৰয়েল গ্ল'ৱেলৰ দৰে ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ে পৃষ্ঠপোষকতা কৰাৰ অভিযোগ বিৰোধী দলপতিগৰাকীৰ ।

Assam trading scam
বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল (Etv Bharat Assam)

গুৱাহাটী, ১১ ছেপ্টেম্বৰ: " অসমত শেহতীয়াকৈ পোহৰলৈ অহা অনলাইন ট্রেডিং কেলেংকাৰীৰ আছে এক আওপকীয়া গুজৰাট কানেকশ্যন । ক'বলৈ গ'লে গুজৰাটে দেখুৱাই দিয়া বাটেৰেই সমগ্ৰ দেশতে এই অনলাইন ট্রেডিঙৰ জাল বিস্তাৰিত হৈ পৰিছে । শ্বেয়াৰ মাৰ্কেটৰ নামত অসমত সংঘটিত এই পঞ্জি স্কেমৰ তদন্ত প্রক্রিয়াও এতিয়া গুজৰাট মডেলতে চলিছে বুলিব পাৰি ।" এই অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ । ৰাজ্যৰ বিয়াগোম অনলাইন ট্ৰেডিং কেলেংকাৰী সন্দৰ্ভত বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ।

সংবাদমেলত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয়, "গুজৰাটৰ এটা কোম্পানীয়ে সমগ্ৰ দেশৰে হাজাৰ হাজাৰ লোকক ভুৱা সপোন দেখুৱাই কোটি কোটি টকা কাঢ়ি নিয়াৰ ঘটনা বিগত জানুৱাৰী মাহত পোহৰলৈ আহিছিল । এই সকলোবোৰ ঘটি থকাৰ পিছতো কিন্তু এনে অবৈধ বিত্তীয় লেনদেনৰ নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ দায়িত্বত থকা National Stock Exchange of India চমুকৈ NSE আৰু ছেবিৰ দৰে সংস্থাই কোনো কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল । ফলত হাজাৰ হাজাৰ লোকৰ কোটি কোটি টকা লৈ অতি সহজে বিদেশলৈ পলায়ন কৰিবলৈ সমৰ্থ হৈছিল এই গুজৰাটী কোম্পানীটোৰ স্বত্বাধিকাৰী ধৱল ছোলানি ।

লগতে পঢ়ক: দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে পল্টনবজাৰ আৰক্ষী থানাত দাখিল গোচৰ - DB Stock Consultancy case

তেওঁ লগতে কয়, "যেতিয়া ধৱল ছোলানিৰ ট্রেডিং কোম্পানী 'ক্রেডিট বুল'ৰ কেলেংকাৰী পোহৰলৈ আহিছিল তেতিয়া NSE-এ এখন মাত্র এডভাইজৰি জাৰি কৰিয়েই গা এৰা দিছিল । NSE-ৰ দায়িত্ব হৈছে যদিহে কোনো অনিয়ম প্রত্যক্ষ কৰে তেন্তে সেই সম্পর্কে ছেবিক তাৎক্ষণিকভাৱে অৱগত কৰাব লাগে । কিন্তু সেয়া নকৰিলে বাবে ধৱল ছোলানি আৰু তেওঁৰ মূল সহযোগীসকলে সাধাৰণ জনতাৰ পৰা কৌশলেৰে নিজৰ কৰি লোৱা ধন বিদেশী একাউন্টলৈ ট্ৰেন্সফাৰ কৰি ডুবাই হৈ মৰক্কোলৈ পলায়নৰ সুযোগ লাভ কৰে ৷"

"NSE, ছেবিৰ দৰে সংস্থাসমূহে গুজৰাটী কোম্পানীটোৰ বিৰুদ্ধে কিয় কঠোৰ ব্যৱস্থা নল'লে বুলি সকলোৰে মনত প্ৰশ্নৰ উদয় হ'ব পাৰে । ইয়াৰ উত্তৰ পিছে তেনেই সহজ । ২০১৮-১৯ৰ পৰা আৰম্ভ কৰিবলৈ লোৱা এই কোম্পানীটোৰ মালিক ধৱল ছোলানিক তদানীন্তন কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে নেশ্যনেল ৰিকগনিশ্যন পুৰস্কাৰেৰে সন্মানিত কৰিছিল । ইমানেই নহয় গুজৰাটৰ আটাইতকৈ সফল বিত্তীয় কোম্পানীৰ পুৰস্কাৰো প্ৰদান কৰিছিল গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পাটিলে । চৰকাৰৰ বৰঘৰৰ সৈতে ডাঙৰ বিজেপি নেতাৰ সৈতে এইসকল ঠগ-প্ৰৱঞ্চকৰ ঘনিষ্ঠ সম্পর্ক আছে বাবেই ছেবি, ইডিৰ দৰে সংস্থাসমূহে কঠোৰ ব্যৱস্থা ল'বলৈ ভয় কৰে । ছেবিৰ দৰে গুৰুত্বপূৰ্ণ সংস্থা এটাত যেতিয়া Madhabi Puri Buchৰ দৰে দুৰ্নীতিগ্ৰস্ত বিষয়া চেয়াৰমেন হৈ থাকিব তেতিয়া এনে ঘটনাবোৰ দেশত বৃদ্ধি পোৱাটোৱেই স্বাভাৱিক।" বিৰোধী দলপতি শইকীয়াই কয় ৷

লগতে পঢ়ক: ডি বি ষ্টকত সাঁচতীয়া ধন থৈ হাহাকাৰ বিনিয়োগকাৰীৰ : থানাত ভিৰ বাঢ়িছে গ্ৰাহকৰ - DB STOCK BROKING CASE

শইকীয়াই আৰু কয়, "আজি গুজৰাটৰ এই পঞ্জি স্কিম চলোৱা কোম্পানীটোৰ প্ৰতিষ্ঠাপক ধৱল ছোলানিৰ দৰেই অসমতো ডি বি ষ্টক ব্ৰ'কিঙৰ প্ৰতিষ্ঠাপক দীপাংকৰ বৰ্মনে পলায়ন কৰিবলৈ সুযোগ লাভ কৰিছে । পঞ্জি স্কিম চলোৱা বিশাল ফুকন আৰক্ষীৰ জালত পৰাটো অসমৰ ৰাইজৰ বাবে ভাল খবৰ যদিও বিশাল ফুকনতকৈয়ো ভয়াৱহ কেলেংকাৰী সংঘটিত কৰা দীপাংকৰ বৰ্মনক কৰায়ত্ত কৰিব নোৱৰাটো কিন্তু চৰকাৰ-প্ৰশাসনৰ চূড়ান্ত ব্যর্থতা ৷ সমগ্ৰ দেশৰ লগতে অসমতো ২০২১ চনমানৰ পৰা ফাইনেন্স কোম্পানীৰ সংখ্যা বাঢ়িবলৈ লৈছিল । চৰকাৰে এই কথা গম পোৱাৰ পিছতো এই ফাইনেন্স কোম্পানীসমূহে নিয়ম মানি কাম কৰিছে নে নাই সেয়া কিয় চোৱা-চিতা কৰা নাছিল ?"

বিৰোধী দলপতিগৰাকীয়ে লগতে প্ৰশ্ন উত্থাপন কৰে যে শ্বেয়াৰ মাৰ্কেটৰ নাম লৈ চলি থকা এই কোম্পানীসমূহৰ ছেবি ৰেজিষ্ট্ৰেশ্যন আছে নে নাই সেয়া পৰীক্ষা নকৰাকৈ কেনেকৈ চলি থাকিবলৈ দিয়া হৈছিল ? তাতোকৈয়ে গুৰুত্বপূৰ্ণ কথা এয়ে যে যি ডিবি ষ্টক ব্ৰকিঙৰ পঞ্জি স্কেমৰ কথা পোহৰলৈ আহিছে সেই কোম্পানীটোৰ প্ৰতিষ্ঠাপক প্ৰৱঞ্চক দীপাংকৰ বৰ্মনে দেশৰ প্ৰতিষ্ঠিত ষ্টক ব্ৰ'কাৰ কোম্পানী DB(International) Stock Brokers Limitedৰ নাম কপি কৰি মানুহক প্ৰৱঞ্চনা কৰি গৈছিল । বম্বে ষ্টক একছেঞ্জৰ লিষ্টেড কোম্পানী DB (International) Stock Brokers Limited গঠিত হৈছিল ১৯৯২ চনতেই । এই প্রতিষ্ঠিত কোম্পানীটোৰ নাম লৈ দীপাংকৰ বৰ্মনে ২৩ হাজাৰ লোকক জালত পেলাই গৈছিল । সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে অষ্ট্ৰেলিয়াতো দীপাংকৰৰ গ্ৰাহক আছিল । অর্থাৎ দীপাংকৰ বৰ্মনে ইণ্টাৰনেশ্যনেল কানেকশ্যনো কৰি লৈছিল । তাৰ পিছতো ছেবি, ই ডিৰ দৰে সংস্থাসমূহে ইমানদিনে কিয় একো গমকেই পোৱা নাছিল ?

লগতে পঢ়ক: মুখ্যমন্ত্রীৰ গেৰাণ্টীৰ কোনো গুৰুত্ব নাই: দেৱব্ৰত শইকীয়া - Lok sabha Election 2024

সংবাদমেলত তেওঁ লগতে কয়, "অসমৰ দৰে এখন ব্যৱসায়-বাণিজ্যত পিছপৰা ৰাজ্যত এনেকৈ হাজাৰ হাজাৰ কোটি টকা অনলাইন ব্যৱসায়ত বতাহত উৰি গ'ল মুখ্যমন্ত্ৰীৰ অগোচৰে । দক্ষ মুখ্যমন্ত্ৰীয়ে নিজৰ আৰক্ষী বিভাগক নির্দেশ দি এতিয়ালৈকে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰৱঞ্চনাৰ লগত জড়িত মূল খলনায়কসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয়? অসমত মাত্র ১.১ শতাংশ শ্বেয়াৰ মাৰ্কেটৰ বজাৰ আছে । কিন্তু অনলাইন ষ্টক ব্ৰ'কিঙৰ নামত দীপাকংৰ বর্মনে প্রায় ৭০০০ কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ আহিছে । এই দীপাংকৰ বৰ্মনৰ বিৰুদ্ধে এতিয়ালৈকে ই ডিয়ে গোচৰ ৰুজু কৰা নাই কিয় ? বিৰোধী নেতাৰ পিছত ই ডিক ব্যৱহাৰ কৰি কৰি এইখন চৰকাৰে ই ডিক মূল কামবিলাকৰ পৰা আঁতৰাই নিছে নেকি ? ডিবি ষ্টক ব্ৰ'কিং নামৰ প্ৰৱঞ্চক প্ৰতিষ্ঠানটোৱে ২০১৮ চনৰ পৰা ষ্টক মাৰ্কেটত বিনিয়োগ কৰাৰ নামত অসমৰ ৰাইজক বুৰ্বক সজাই আহিছে । গুজৰাটী কোম্পানীৰ আদৱ-কায়দা কপি কৰা এনেধৰণৰ প্ৰৱঞ্চকক পৃষ্ঠপোষকতা কৰিছে ৰয়েল গ্ল'ৱেলৰ দৰে ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ে ।"

তেওঁ আৰু কয়, "জানিব পৰা মতে ৰয়েল গ্ল'ৱেল বিশ্ববিদ্যালয়ৰ সকলোধৰণৰ অনুষ্ঠান স্পনছ’ৰ কৰে ডিবি ষ্ট'ক ব্ৰ'কিঙে । তাৎপৰ্যপূৰ্ণভাৱে গুৱাহাটীত কার্যালয়ো স্থাপন কৰিছে । উলুবাৰীৰ চেণ্টাৰ পইণ্ট নামৰ যিটো অট্টালিকা অৱস্থিত সেই অট্টালিকাটোৰ মালিক ৰয়েল গ্ল'ৱেল ইউনিভাৰ্ছিটিৰ অংশীদাৰ । অকল সেয়াই নহয়, অসমৰ বিভিন্ন ব্যৱসায়ৰ লগত জড়িত এই ছলনাময় ব্যৱসায়ীজনৰ প্ৰতিষ্ঠানৰ চিত্ৰ ফাৰ্মে ডিবি ষ্টক ব্ৰ'কিঙক সহায় কৰাৰ অভিযোগ আছে। ছেবি আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সকলোধৰণৰ নিয়ম ভংগ কৰি ডিবি ষ্টক ব্ৰ'কিঙৰ মালিক দীপাংকৰ বৰ্মনে দীৰ্ঘদিন ধৰি লুটপাট চলাই থকাৰ পিছতো ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা নাছিল কিয় ? ইয়াৰ মূল কথাটোৱেই হৈছে এই ব্যৱসায়টোৰ পৃষ্ঠপোষকতা কৰা লোকসকলে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ নিয়মিত ধন যোগান ধৰাৰ কথা সকলোৱে জানে । যিটো কথা আচলতে গুজৰাটী কোম্পানী ক্রেডিট বুলৰ ক্ষেত্ৰত হৈছে সেই একেই কথা অসমতো ডিবি ষ্টক ব্ৰ'কিঙৰ ক্ষেত্ৰত হৈছে। নহ'লে দীপাংকৰ বৰ্মনৰ আওপকীয়া সহযোগী স্বপ্ননীল দাসৰ অবৈধ প্ৰশিক্ষণ কেন্দ্ৰ মুখ্যমন্ত্ৰীৰ অজ্ঞাতে কেনেকৈ চলি আছিল ?"

লগতে পঢ়ক: ভয়ংকৰ গতিত বৃদ্ধি পাইছে দেশত আৰ্থিক অসমতা: বিৰোধীৰ দলপতিৰ উদ্বিগ্নতা - Economic inequality in India

তেওঁ কয়, "আন এজন অভিযুক্ত বিশাল ফুকনে ষ্টাম্প পেপাৰত চুক্তিবদ্ধ কৰি ৰাইজৰ পৰা ধন সংগ্ৰহ কৰি আছিল । ন'টাৰীৰ যোগেদি এইধৰণৰ ষ্টাম্প পেপাৰত চুক্তি হোৱা সম্পৰ্কে ৰাজ্য চৰকাৰ অৱগত নহয় কিয় ? বিশাল ফুকনে চাৰিমাহত ২৪ শতাংশ লাভ আৰু ২৪০ দিনত অৰ্থাৎ এবছৰ নৌহওতে ১০০ শতাংশ লাভ দিয়াৰ প্ৰতিশ্ৰুতিৰে ব্যৱসায় চলাই থকাৰ পিছতো অসম চৰকাৰৰ চোৰাংচোৱা বিভাগে গম নাপালে কিয় ? আমাৰ প্ৰশ্ন হ'ল মূল অভিযুক্ত দীপাংকৰ বৰ্মন আৰু তেওঁৰ সহযোগীসকলক অসম আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই কিয় ? নে গুজৰাটৰ ক্ৰেডিট বুলৰ মালিক ধৱল ছোলানিক বিদেশলৈ পলায়ন কৰাৰ সুযোগ দিয়াৰ দৰে দীপাংকৰ বৰ্মনকো পলায়নৰ সুযোগ কৰি দিছে চৰকাৰে ? এই বৃহৎ বিত্তীয় কেলেংকাৰীৰ মূল কথাবোৰৰ পৰা হাত সাৰি থাকিবলৈ অদৰকাৰী কথাৰ চর্চা চলোৱাতো বাদ দি চৰকাৰে অসমৰ জনগণক এটা এটাকৈ সকলো প্ৰশ্নৰ উত্তৰ দিব লাগিব । সেয়ে হাজাৰ হাজাৰ কোটি টকাৰ এই কেলেংকাৰিৰ শ্বেতপত্ৰ প্ৰকাশ কৰাৰ সাহস গোটাবলৈ মুখ্যমন্ত্ৰীক আমি আহ্বান জনাইছো ।"

লগতে বিৰোধী দলপতিগৰাকীয়ে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ চোৱাংচোৱাৰ লগত প্ৰৱঞ্চক দীপাংকৰ বৰ্মনৰ সম্পৰ্ক আছে নেকি বুলি প্ৰশ্ন কৰি কয়, "অসমত আইন থকাৰ পাছতো কিন্তু চৰকাৰে এনে অবৈধ বিত্তীয় প্ৰতিষ্ঠানসমূহক নিয়ন্ত্ৰণ কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । ইয়াৰ বিপৰীতে চৰকাৰে এছ আই টি, চি আই ডিৰ কথা কৈছে । কাৰোবাক বচাবৰ বাবে এনেবোৰ কথা কোৱা হৈছে নেকি ? অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে এনেদৰে ভেকোভাওনা কৰা হৈছে নেকি ?"

লগতে পঢ়ক: চুমীৰ দেওৰেক ধৰা পৰিল : বতাহত মিলি গ'ল নেকি তাৰ্কিকসহ নাচনী চুমী ! - Assam trading scam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.