ETV Bharat / state

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, গঁড়ালৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ - anti drugs mission - ANTI DRUGS MISSION

Anti drugs mission: ৰাজ্যত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান । নগাঁও আৰু বোকাখাতত আৰক্ষীয়ে দুটাকৈ অভিযান চলায় জব্দ কৰে বৃহৎ পৰিমাণৰ ড্ৰাগছ ৷ লগতে জব্দ বৃহৎ পৰিমাণৰ নগদ ধন ৷ ঘটনা সন্দৰ্ভত অব্যাহত তদন্ত ৷

mission against drugs in Nagaon and bokakhat, Large amount of drugs seized
ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, গঁড়ালৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ
author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 1:17 PM IST

ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, গঁড়ালৰ পৰা জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

নগাঁও/গোলাঘাট, 30 মাৰ্চ: নগাঁৱত অব্যাহত ড্ৰাগছ বিৰোধী অভিযান । মাত্ৰ কেইদিনমান পূৰ্বে ডিমাপুৰৰ পৰা সৰবৰাহৰ সময়ত প্ৰায় কোটি মূল্যৰ হেৰ'ইন জব্দ কৰাৰ পিচত শুকুৰবাৰে পুনৰ কোটি টকাৰো অধিক মূল্যৰ হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী । শুকুৰবাৰৰ সন্ধিয়া এক গোপন সূত্ৰৰ ভিত্তিত মণিপুৰৰ পৰা এখন বিশেষ বাহনত ড্ৰাগছ সৰবৰাহৰ খবৰ লাভ কৰিছিল নগাঁও আৰক্ষীয়ে ।

এই খবৰৰ ভিত্তিতেই সন্ধিয়া নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ অধীনৰ আমতলাত নাকা চেকিঙৰ ব্যৱস্থা কৰিছিল নগাঁও আৰক্ষীৰ এটা দলে । নগাঁও আৰক্ষীৰ নগৰ শাখাৰ লগতে সদৰ আৰক্ষী থানাৰ এটা দলে তালাচী চলোৱাৰ সময়তে এখন বাহনৰ প্ৰতি সন্দেহ উপজিছিল তদন্তকাৰী আৰক্ষীৰ ৷

ইয়াৰ পাচতে ঘটনাস্থলীত নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ লগতে অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াসহ আৰক্ষীৰ আন এটা দল উপস্থিত হয় আৰু নিৰ্দিষ্ট বাহনখন জব্দ কৰি সদৰ আৰক্ষী থানালৈ লৈ যায় । পিচত মেকনিকৰ সহায়ত বাহনখনৰ বিভিন্ন অংশ খুলি হেৰ'ইন ভৰ্তি 50 টাকৈ চাবোনৰ বাকচ জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ।

জব্দ কৰা হেৰ'ইনখিনিৰ বজাৰ মূল্য এক কোটি 20 লাখ টকা হ'ব বুলি ধাৰণা কৰিছে নগাঁও আৰক্ষীয়ে । জব্দ কৰা হেৰ'ইনখিনি মণিপুৰৰ পৰা নগাঁৱলৈ সৰবৰাহ কৰাৰ সময়ত জব্দ কৰা বুলি উল্লেখ কৰে নগাঁও আৰক্ষীয়ে । ইতিমধ্যে বাহনৰগৰাকীৰ সন্ধানত অভিযান অব্যাহত ৰখা বুলিও সদৰী কৰে নগাঁও আৰক্ষীয়ে ।

সমান্তৰালভাৱে, গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে মাৰাত্মক নিচাযুক্ত দ্ৰব্যৰ সৰবৰাহ । বোকাখাত আৰক্ষী থানাৰ এটা আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি 4 নং ৱাৰ্ডত অভিযান চলাই হাতে-লোটে ধৰা পেলায় ড্ৰাগছ সৰবৰাহকাৰীৰ চক্ৰ । আৰক্ষীয়ে আটক কৰা ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম অমন চৌধুৰী ।

বোকাখাত নগৰৰ 4 নং ৱাৰ্ডৰ পিংকু চৌধুৰীৰ পুত্ৰ অমন চৌধুৰীয়ে দীৰ্ঘদিনৰ পৰাই চলাই আছিল ড্ৰাগছৰ অবাধ বেহা । অভিযানৰ সময়ত আৰক্ষীয়ে অমন চৌধুৰীৰ ঘৰৰ পৰা নগদ ধন আৰু ড্ৰাগছ জব্দ কৰে । আৰক্ষীয়ে অমন চৌধুৰীক আটক কৰাৰ লগতে তেওঁৰ ঘৰৰ মূৰ্গী গঁড়ালত লুকুৱাই থোৱা নগদ 1 লক্ষাধিক নগদ ধন আৰু 4.28 গ্ৰাম ড্ৰাগছ জব্দ কৰে ।

ঘটনা সন্দৰ্ভত অধিক লোক জালত পৰাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে কয় ।

লগতে পঢ়ক: পিষ্টল, নগদ ধনসহ আৰক্ষীৰ জালত 3 ড্ৰাগছ সৰবৰাহকাৰী - Drugs peddlers arrested in Duliajan

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.