ETV Bharat / state

বৰপেটাত মিছন বসুন্ধৰা ২.০ ৰ অধীনত ভূমি পট্টা বিতৰণ - ভূমিৰ অধিকাৰ

Mission Bashundhara 2.0 : জিলাই জিলাই ঘূৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ খিলঞ্জীয়াৰ হাতত গতাইছে ভূমিৰ পট্টা ৷

land pattas distribution in barpeta
ভূমি পট্টা বিতৰণ অনুষ্ঠান
author img

By ETV Bharat Assamese Team

Published : Feb 23, 2024, 2:23 PM IST

জিলা আয়ুক্ত আয়ুষ গাৰ্গৰ ভাষ্য

বৰপেটা, ২৩ ফেব্ৰুৱাৰী : শুকুৰবাৰৰ পৰা বৰপেটা জিলাত আৰম্ভ কৰা হয় দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাৰ পট্টা প্ৰদান প্ৰক্ৰিয়া । এই উপলক্ষে জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয় সভাগৃহত আয়োজিত এক অনুষ্ঠানত পট্টা প্ৰদান কাৰ্যসূচীৰ আৰম্ভণি কৰে জিলা আয়ুক্ত আয়ুষ গাৰ্গে । জিলা আয়ুক্তগৰাকীয়ে এই অনুষ্ঠানত প্ৰতীকি ৰূপত পাঁচগৰাকী হিতাধিকাৰীৰ হাতত মাটিৰ পট্টা তুলি দিয়ে ।

land pattas distribution in barpeta
ভূমি পট্টা বিতৰণ

উল্লেখ্য যে, বৰপেটা জিলাত দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰাত প্ৰায় ৩৫ হাজাৰ আবেদন দাখিল হৈছিল । তাৰে ৮২ খন আবেদন পট্টাৰ বাবে উপযুক্ত হিচাপে বিবেচিত হয় । অনুষ্ঠানত ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত আয়ুষ গাৰ্গে কয় যে অসম চৰকাৰৰ এই অভিলাষী আঁচনিখনে ইতিমধ্যে হেজাৰ হেজাৰ পৰিয়ালক চিৰদিনলৈ উপকৃত কৰিছে । কাৰণ এইখন আঁচনিৰ জৰিয়তে ইমান দিনে বিভিন্ন কাৰণত নিজৰ বাবে এটুকুৰা মাটি নথকা পৰিয়াল বোৰে নিজৰ নামত মাটি পাবলৈ সক্ষম হৈছে ।

পট্টা মাটি হোৱাৰ ফলত তেওঁলোকে অন্যান্য বিভিন্ন সা-সুবিধা পাবলৈও সক্ষম হৈছে । আজিৰ অনুষ্ঠানত বৰপেটাৰ অতিৰিক্ত জিলা আয়ুক্ত খনীন দাস, বৰপেটা জিলা ভাৰতীয় জনতা পাৰ্টীৰ সভাপতি অনিল কুমাৰ দাসো উপস্থিত থাকে ।

অনিল কুমাৰ দাসে কয় যে অসমৰ থলুৱা লোকসকলৰ স্বাৰ্থ ৰক্ষাৰ বাবে বৰ্তমানৰ অসম চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে । তাৰে ভিতৰত মিছন বসুন্ধৰা হ’ল অন্যতম । ২০২১ ৰ ২ অক্টোবৰত আৰম্ভ হৈছিল মিছন বসুন্ধৰা ১.০ । ভূমি সম্পৰ্কীয় দীৰ্ঘদিনীয়া আঁসোৱাহ তথা ৰাজহ বিভাগৰ যিকোনো সমস্যাৰ সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আৰম্ভ কৰিছিল মিছন বসুন্ধৰা আঁচনি ৷

লগতে পঢ়ক : জোনাইত খিলঞ্জীয়াক ভূমি পট্টা বিতৰণ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.