ETV Bharat / state

অসমৰ নতুন ৰাজ্যপাল হিচাপে শপত ল'লে লক্ষ্মণ প্ৰসাদ আচাৰ্যই - Assam Governor LP Acharya

author img

By ETV Bharat Assamese Team

Published : Jul 30, 2024, 4:00 PM IST

Assam Governor LP Acharya takes oath : উত্তৰ প্ৰদেশৰ বাসিন্দা লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰ এছ এছ আৰু ভাৰতীয় জনসংঘৰ লগত জড়িত আছিল । পৰৱৰ্তী সময়ত তেওঁ জনতা পাৰ্টীৰ সৈতেও জড়িত আছিল । আনহাতে, বিজেপি গঠনৰ সময়ৰে পৰাই তেওঁ ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হৈ পৰে । ২০২৩ চনৰ পৰা শেহতীয়াকৈ ছিকিমৰ ১৭ সংখ্যক ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল এল পি আচাৰ্যই । এইবাৰ তেওঁক অসমৰ ৰাজ্যপালৰ লগতে অতিৰিক্তভাৱে মণিপুৰৰ দায়িত্বও দিয়া হৈছে ।

Assam Governor LP Acharya Takes Oath
অসমৰ নতুন ৰাজ্যপাল হিচাপে লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ শপত গ্ৰহণ (ETV Bharat Assam)

গুৱাহাটী, ৩০ জুলাই : অসমৰ নতুন ৰাজ্যপাল হিচাপে মঙলবাৰে লক্ষ্মণ প্ৰসাদ আচাৰ্যই শপত গ্ৰহণ কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে নৱনিযুক্ত ৰাজ্যপালগৰাকীক শপতবাক্য পাঠ কৰায় ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তৰ্জাতিক পেক্ষাগৃহত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নৱনিযুক্ত ৰাজ্যপালগৰাকীয়ে কৰ্তব্য আৰু দায়িত্বৰ শপত গ্ৰহণ কৰে । অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ নিযুক্তি-পত্র পাঠ কৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব ৰবি কোটাই ।

ধূতি-পাঞ্জাৱী পৰিধান কৰি ৰাজ্যপালগৰাকীয়ে শপতগ্ৰহণ কৰে । শপতগ্ৰহণ অনুষ্ঠানটোত সপত্নীক মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি ভালেসংখ্যক মন্ত্রী-বিধায়ক আৰু চৰকাৰী বিষয়া উপস্থিত থাকে । অনুষ্ঠানত নৱনিযুক্ত ৰাজ্যপালগৰাকীৰ পৰিয়ালৰ সদস্যও উপস্থিত থাকে ।

উল্লেখ্য যে অসমৰ ৰাজ্যপাল হিচাপে মঙলবাৰে শপতগ্ৰহণ কৰা লক্ষ্মণ প্ৰসাদ আচাৰ্যক অসমৰ লগতে মণিপুৰৰ ৰাজ্যপাল হিচাপেও অতিৰিক্ত দায়িত্ব দিয়া হৈছে । ইয়াৰ পূৰ্বে লক্ষ্মণ প্ৰসাদ আচাৰ্যই ছিকিমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

উল্লেখ্য, উত্তৰ প্ৰদেশৰ বাসিন্দা লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰ এছ এছ আৰু ভাৰতীয় জনসংঘৰ লগত জড়িত আছিল । পৰৱৰ্তী সময়ত তেওঁ জনতা পাৰ্টীৰ সৈতেও জড়িত আছিল । জনতা পাৰ্টী ভংগ হৈ বিজেপি গঠনৰ সময়ৰে পৰাই তেওঁ বিজেপিৰ সদস্য হিচাপে ৰাজনীতিত সক্ৰিয়ভাৱে জড়িত হৈ পৰে ।

১৯৯০ চনত লক্ষ্মণ প্ৰসাদ আচাৰ্য বিজেপিৰ ৰামনগৰ অঞ্চলৰ বাৰাণসী সংমণ্ডলৰ সভাপতি আছিল । ইয়াৰ পাচত ১৯৯৫ চনত তেওঁ বিজেপিৰ পূৰ্বৰ অবিভক্ত জিলা বাৰাণসীৰ সাধাৰণ সম্পাদক হিচাপে নিযুক্ত হৈছিল । ১৯৯৬ চনত তেওঁক বাৰাণসী জিলাৰ বিজেপিৰ জিলা সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল । দলৰ নিষ্ঠাৱান কাৰ্যকৰ্তা হিচাপে উত্তৰ প্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী কল্যাণ সিঙে উত্তৰ প্ৰদেশ মীন উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ হিচাপে তেওঁক নিযুক্তি দিছিল ।

২০০২ চনত তেওঁ বিজেপিৰ কাশীক্ষেত্ৰৰ আঞ্চলিক মন্ত্ৰী হিচাপে পদোন্নতি লাভ কৰিছিল । ২০০৪ চনত তেওঁ উত্তৰ প্ৰদেশ বিজেপিৰ অনুসূচিত জাতি-জনজাতি শাখাৰ ৰাজ্যিক সভাপতিৰ দায়িত্বত আছিল । তেওঁ বিজেপিৰ উত্তৰ প্ৰদেশ ৰাজ্যিক কমিটীৰ উপ-সভাপতি আৰু উত্তৰ প্ৰদেশ কাশীক্ষেত্ৰ বিজেপিৰ সভাপতি পদতো অধিষ্ঠিত হৈছিল । ২০১৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ সময়তো আচাৰ্য কাশীক্ষেত্ৰ বিজেপিৰ সভাপতি আছিল । তেওঁৰ সময়ত বিজেপিয়ে কাশীক্ষেত্ৰৰ ৭১ খন আসনৰ ভিতৰত ৫৪ খন আসন লাভ কৰিছিল ।

২০১৮ চনত তেওঁ বিজেপিৰ উত্তৰ প্ৰদেশৰ উপ-সভাপতি পদত অধিষ্ঠিত হৈছিল । ২০১৯ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত নৰেন্দ্ৰ মোদীৰ সংসদীয় আসন বাৰাণসীৰ আহ্বায়ক হিচাপেও তেওঁ দায়িত্ব পালন কৰিছিল । সেইবাৰ মোদী বিপুল ভোটত জয়ী হৈছিল ।

উল্লখ্য যে ২০২০ চনৰ আগষ্ট মাহত লক্ষ্মণ প্ৰসাদ আচাৰ্য বিজেপিৰ বিধান পৰিষদৰ উপ-নেতা হিচাপে নিযুক্ত হৈছিল । ২০২১ চনৰ ১৫ জানুৱাৰীত আচাৰ্যক দ্বিতীয়বাৰৰ বাবে সদনৰ উপ-নেতা হিচাপে নিযুক্তি দিয়া হৈছিল । ২০২৩ চনৰ ১৫ ফেব্ৰুৱাৰীত বিধান পৰিষদৰ পদ ত্যাগ কৰি তেওঁ ২০২৩ চনৰ পৰা শেহতীয়াকৈ ছিকিমৰ ১৭ সংখ্যক ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । এইবাৰ তেওঁক অসমৰ ৰাজ্যপালৰ লগতে অতিৰিক্তভাৱে মণিপুৰৰ দায়িত্ব দিয়া হৈছে । মঙলবাৰে তেওঁ অসমৰ ৰাজ্যপাল হিচাপে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে ।

লগতে পঢ়ক :উত্তৰ প্ৰদেশ বিজেপিৰ জ্যেষ্ঠ নেতাক অসমৰ ৰাজ্যপালৰ দায়িত্ব : নতুন ৰাজ্যপালৰ তালিকাত নাম ৰমেন ডেকাৰ - Governor reshuffle
লগতে পঢ়ক :বিদায়ী ৰাজ্যপালক সাক্ষাৎ কৰি কৃতজ্ঞতা-শুভেচ্ছা জ্ঞাপন মুখ্যমন্ত্রীৰ - Gulab Chand Kataria

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.