ETV Bharat / state

উন্নয়ন ক’ত হৈছে ? মৌলিক প্ৰয়োজনসমূহৰ বাবেও হাহাকাৰ একাংশ লখিমপুৰবাসীৰ - POOR COMMUNICATION - POOR COMMUNICATION

Pathetic Condition : দেশত চলিছে অমৃতকাল - জনপ্ৰতিনিধিৰ মুখত সঘন উচ্চাৰণ হোৱা এটা শ্ল’গান । পিছে অমৃতকালতো গৰলহে পান কৰিব লগীয়া হৈছে । লখিমপুৰত আছে তেনে এটা বৃহৎ অঞ্চল । য'ত ৰাইজে সকলো ক্ষেত্ৰতে কল্পনা কৰিব নোৱৰাকৈ দুৰ্ভোগ ভুগিবলগীয়া হৈছে ।

Pathetic Road Condition
উন্নয়ন ক’ত হৈছে ? (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 25, 2024, 3:39 PM IST

লখিমপুৰ, ২৫ জুলাই : লখিমপুৰত আছে বিকশিত অসমৰ পোহৰ নপৰা এক দুৰ্গম অঞ্চল । বছৰৰ ছমাহ কেৱল হাত নাৱেৰে চলে যাতায়াত । নাই বিদ্যুৎ, নাই খোৱাপানীৰ ব্যৱস্থা । দেশৰ অমৃতকালত গৰল পান কৰিবলগীয়া হৈছে লখিমপুৰৰ এক বৃহৎ অঞ্চলৰ ৰাইজে । এই অঞ্চলটোত নাই কোনো যাতায়াতৰ সু-ব্যৱস্থা ।

লখিমপুৰত আছে বিকশিত অসমৰ পোহৰ নপৰা এক দুৰ্গম অঞ্চল (ETV Bharat Assam)

বছৰৰ ছমাহ কেৱল হাত নাৱেই একমাত্ৰ যাতায়াতৰ মাধ্যম । অঞ্চলটোত নাই বিদ্যুৎ, নাই খোৱাপানীৰ কোনো ব্যৱস্থা । শিক্ষাৰ অৱস্থাও তথৈবচ । বিকশিত অসমৰ পোহৰ নপৰা লখিমপুৰৰ এই দুৰ্গম অঞ্চলটো আছে লখিমপুৰ নগৰৰ পৰা প্ৰায় ২০ কিলোমিটাৰ মান নিলগত । মাজুলী জিলাৰ প্ৰায় সীমামুৰীয়া এই অঞ্চলটোত আছে মৰতপুৰ কৈৱৰ্ত গাঁও, ধৰমপুৰ, খাবলি, ললিতি চেঙামাৰী আদি কেইবাখনো গাঁও ।

দুই শতাধিক পৰিয়ালে বাস কৰা এই গাঁওসমূহ থকা অঞ্চলটোলৈ যোৱাৰ একমাত্ৰ পথটো হ’ল ৰঙানদী বাওদিশৰ মথাউৰিটো । কিন্তু মথাউৰিটোৱে উক্ত অঞ্চলটোক সংযোগ নকৰিলে । অঞ্চলটোলৈ এক কিলোমিটাৰমান বাকী থকা অৱস্থাতে মথাউৰিটোৰ নিৰ্মাণ সমাপ্ত কৰা হ’ল ।

Pathetic Condition
নাই কোনো যাতায়াতৰ সু-ব্যৱস্থা (ETV Bharat Assam)

লগতে পঢ়ক : উন্নয়নৰ ছবি দেখি ৰাইজে কৰিছে হায় হায়; পথৰ যিহে গতি ভৰি দিবলৈও অৱস্থা নাই - Dilapidated Road In Udalguri

উল্লেখ্য যে, এই অঞ্চলটোৰ দুফালে আছে দুখন নৈ । এফালে ৰঙা নৈ আনফালে সোৱণশিৰি । দুয়োখন নৈ এই অঞ্চলটোৰ সমীপতে একেলগ হৈছে । ফলত নৈ দুখনৰ পানীয়ে অঞ্চলটো বছৰৰ ছমাহ বুৰাই ৰাখে । ৰঙা নৈ মথাউৰিটো য'ত শেষ হৈ আছে তাৰ পৰা অঞ্চলটোৰ ৰাইজে নাৱেৰে অহা যোৱা কৰিব লাগে । বছৰৰ ছমাহ অঞ্চলটোৰ একমাত্ৰ যাতায়াতৰ মাধ্যম হিচাপে ৰাইজে টুলুঙা নাৱৰ ওপৰতে ভৰসা কৰিব লাগে ।

নাও অবিহনে অঞ্চলটো বহিঃবিশ্বৰে বিচ্ছিন্ন । অঞ্চলটোৰ এনে যাতায়াতৰ দুৰৱস্থাই সকলো ক্ষেত্ৰতে ক্ষতি কৰিছে । স্কুল-কলেজৰ শিক্ষাৰ্থীসকলে যাতায়াতৰ জটিলতাৰ বাবে শিক্ষাগ্ৰহণত বাধা আহি পৰিছে । বহু কিশোৰে আধাতে শিক্ষা সমাপ্ত কৰিবলগীয়া হৈছে । বছৰৰ ছমাহ পানীত ডুবি থকা অঞ্চলটোৰ শিক্ষা ব্যৱস্থা কেনে হ’ব পাৰে সেয়া সহজেই অনুমেয় ।

লগতে পঢ়ক : বিকশিত অসমে ঢুকি নোপোৱা ৰঙিয়াৰ বৰদোঙা - Dilapidated Road In Rangia

কেৱল শিক্ষাৰ ক্ষেত্ৰতে নহয় । স্বাস্থ্য সেৱাৰ ক্ষেত্ৰতো ৰাইজৰ যমৰ যাতনা । জৰুৰী চিকিৎসাৰ ক্ষেত্ৰত এচোৱা ডাংকোলাকৈ আনি নাৱত ভৰাই পুনৰ মথাউৰিত দুচকীয়া বাহনত তুলি দূৰণিৰ চিকিৎসালয়লৈ ৰোগীক নিব লাগে । এনে সংকটৰ বাবে বহু ৰোগীৰ ঘৰতেই মৃত্যু হয় । প্ৰসুতি ৰোগীক প্ৰসৱৰ এমাহমানৰ আগতেই অঞ্চলটোৰ পৰা উলিয়াই নি চিকিৎসালয়ৰ কাষৰ কোনো আত্মীয়ৰ ঘৰত নাইবা আন কিবা ব্যৱস্থা কৰি ৰাখিবলগীয়া হয় ।

Pathetic Road Condition
উন্নয়ন ক’ত হৈছে ? (ETV Bharat Assam)

অঞ্চলটোত বিদ্যুতৰ নামত ব্যৱস্থা আছে যদিও বিদ্যুতৰ দেখাদেখি নাই বুলিহে ৰাইজে অভিযোগ তোলে । বছৰৰ ছমাহ পানীত ডুবি থকা অঞ্চলটোত ৰাইজে দমকল পুতি তাৰ পানী খাবলগীয়া হৈছে । জল জীৱন মিছনৰ আঁচনি এখনৰ কাম আৰম্ভ কৰা হৈছিল যদিও আজিলৈকে আঁচনিখনৰ পৰা পানী নোলাল ।

সামগ্ৰীকভাৱে বছৰৰ ছমাহ একেৰাহে পানীত বুৰি বিধ্বস্ত হৈ থকা এই অঞ্চলটোৰ প্ৰতি ৰজাঘৰৰ আজিও চকুত পৰা নাই । যাৰ বাবে দেশৰ অমৃতকালৰ অথবা বিকশিত অসমৰ চৰকাৰী শ্ল’গানবোৰক এই অঞ্চলৰ প্ৰতিচ্ছবিয়ে লাজ লগাকৈ উপহাস কৰিছে ।

লগতে পঢ়ক : উন্নয়নৰ নামত বৃহৎ শূণ্য : পথৰ মাজৰ বৃহৎ গাঁতে সমস্যাত পেলাইছে স্থানীয় লোকক - Dilapidated Road In Tihu

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.