ETV Bharat / state

লোকসভা নিৰ্বাচন ২০২৪ : বৃহৎ নদীবান্ধ আৰু সীমা সমস্যাই প্ৰভাৱ পেলাব লখিমপুৰত - lok sabha election 2024

lakhimpur Lok Sabha Constituency : ১২ নং লখিমপুৰ লোকসভা সমষ্টিত কি সমস্যাই প্ৰভাৱ পেলাব ? লোকসভা নির্বাচনৰ প্ৰাক-মুহূর্তত লখিমপুৰৰ একাংশ ৰাইজে কি কি সমস্যাই প্ৰভাৱ পেলাৱ বুলি সম্ভাৱনা প্ৰকাশ কৰিছে । লখিমপুৰৰ পৰা ইটিভি ভাৰতৰ এক প্ৰতিবেদন ।

বৃহৎ নদীবান্ধ আৰু সীমা সমস্যাই প্ৰভাৱ পেলাব লখিমপুৰত

author img

By ETV Bharat Assamese Team

Published : Mar 19, 2024, 12:28 PM IST

বৃহৎ নদীবান্ধ আৰু সীমা সমস্যাই প্ৰভাৱ পেলাব লখিমপুৰত

লখিমপুৰ, ১৯ মাৰ্চ : ৰাজ্যৰ চৌদিশে এতিয়া বাজিছে লোকসভা নির্বাচনৰ ৰণডংকা । নিৰ্বাচনী যুঁজত জঁপিয়াই পৰিছে ৰাজনৈতিক দলসমূহ । কোনে কেনেদৰে প্ৰতিপক্ষক ধৰাশায়ী কৰি সমষ্টিত বিজয়মাল্য ধাৰণ কৰিব পাৰে তাৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ সাজু হৈছে । ইয়াৰ বিপৰীতে ৰাইজো সাজু হৈছে নিৰ্বাচনৰ বাবে ।

বিগত সময়ৰ পোৱা-নোপোৱাৰ হিচাপ-নিকাচ কৰি ৰাইজ সাজু ভোট যুদ্ধৰ বাবে । কোনটো ৰাজনৈতিক দল অথবা নিৰ্বাচিত জনপ্ৰতিনিধিয়ে ৰাইজৰ আশা-আকাংক্ষা পূৰণত ব্যৰ্থ হৈছে নাইবা সফল হৈছে, এই সকলো দিশ ৰাইজে জুকিয়াই চাইছে । তাৰ প্ৰতিফলন ঘটিব সমাগত নিৰ্বাচনত ।

ৰাজ্যৰ ১৪ টা লোকসভা সমষ্টিৰ ভিতৰত অন্যতম ১২ নং লখিমপুৰ লোকসভা সমষ্টি । বহু জ্বলন্ত সমস্যাৰে ভাৰাক্ৰান্ত লখিমপুৰ লোকসভা সমষ্টিত আছে বহু বৃহৎ সমস্যা । এই সমস্যাসমূহক সমাধান কৰাৰ নামত দীর্ঘদিন ৰাইজক আঁভুৱা-ভাৰি আহিছে ৰাজনৈতিক দল তথা নিৰ্বাচিত জনপ্ৰতিনিধিসকলে । এইবাৰ ৰাইজৰ পাল । ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ।

লখিমপুৰ লোকসভা সমষ্টিত বৃহৎ নদীবান্ধ আৰু সীমা সমস্যা সমাগত নিৰ্বাচনত শাসকীয় দলৰ বাবে কণ্টক হ'ব পাৰে । কিয়নো লখিমপুৰ লোকসভা সমষ্টিৰ এক মূল সমস্যা হৈছে বৃহৎ নদীবান্ধ । নিৰ্মীয়মাণ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ কেৱল লখিমপুৰ বা ধেমাজিতে নহয়, সমগ্র অসম দশকৰো অধিক সময় প্ৰতিবাদত উত্তাল হৈ আছে ।

দুহেজাৰ মেগাৱাট শক্তি সম্পন্ন এই প্ৰকল্পটোৱে অনাগত দিনত উত্তৰ অসমক মহাসাগৰত পৰিণত কৰি তোলাৰ আশংকা কৰি ৰাইজ তথা বিভিন্ন দল-সংগঠনে এটা দশকৰো অধিক সময় প্ৰতিবাদ সাব্যস্ত কৰি আহিছে । বিগত লোকসভা নির্বাচনৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় নেতা ৰাজনাথ সিং আদি শীর্ষ নেতাই লখিমপুৰ, ধেমাজিৰ নিৰ্বাচনী সভাত বিজেপি ক্ষমতা লৈ আহিলে বৃহৎ নদীবান্ধ বন্ধ কৰিব বুলি প্ৰতিশ্ৰুতি দি নিৰ্বাচনৰ পাচত ক্ষমতালৈ আহি ওলোটা খৰ মাৰিলে ।

প্ৰতিশ্ৰুতি ভংগ কৰি বান্ধলবীৰ পক্ষ লৈ প্ৰতিবাদ দমন কৰি নদীবান্ধটো নিৰ্মাণ সম্পূর্ণ কৰাতহে উঠি-পৰি লাগিল শাসকগোষ্ঠী । ৰাইজৰ মনত এই লৈ চৰম ক্ষোভ পুঞ্জীভূত হৈ আছে । আনহাতে, লখিমপুৰ জিলাৰ সৈতে থকা অৰুণাচল সীমান্ত বিবাদত উত্তপ্ত হৈ আছে । দীৰ্ঘদিনীয়া এই সীমা সমস্যাই বহু অসমীয়াৰ প্ৰাণ লৈছে । বহুতো জীৱনলৈ ঘূণীয়া হৈছে ।

সীমান্তবাসীৰ অলেখ সা-সম্পত্তি বিনষ্ট হৈছে । সীমান্ত এলেকাত একাংশ অৰুণাচলী দুৰ্বৃত্তৰ আক্ৰমণত এনে পৰিস্থিতিৰ সৃষ্টি হৈ আছে । সীমান্তত বিশেষকৈ সংৰক্ষিত বনাঞ্চলত বেদখলো আন এক সমস্যা । এই জ্বলন্ত সমস্যাটো সমাধান কৰাত আজিও চৰকাৰ সফল নহ'ল । মাজতে বহু আলোচনা, চুক্তি আদিৰ কথা চৰকাৰীভাৱে কোৱা হ'ল যদিও সমস্যাটো কিন্তু আজিও সমাধান নহ'ল ।

অসংখ্য সমস্যাৰে সমষ্টিটো জৰ্জৰিত হৈ আছে যদিও ঘাইকৈ বৃহৎ নদীবান্ধ আৰু অৰুণাচলৰ সীমা সমস্যা সমষ্টিটোৰ বাবে বৃহৎ সমস্যা । যিটো সমস্যা সমাধান কৰাৰ বাবে চৰকাৰে আগ্ৰহ দেখুওৱাৰ সলনি ৰাজনৈতিক ইছ্যু হিচাপেহে ইমানদিনে ব্যবহাৰ কৰিলে । সেয়ে সমাগত নিৰ্বাচনত এই দুই প্ৰধান সমস্যা শাসকীয় দলৰ বাবে কণ্টক সদৃশ হৈ উঠিব পাৰে ।

ৰাইজ এই লৈ অসন্তুষ্ট হৈ থকাৰ সময়ত বিৰোধী দলে যদি সঠিক উপস্থাপন অথবা প্ৰত্যয়ভৰা প্ৰতিশ্ৰুতি দি আগুৱাব পাৰে তেন্তে শাসকীয় দলৰ বাবে সমষ্টিটোত ই এক প্ৰত্যাহ্বান হৈ পৰাৰ সম্ভাৱনা আছে । কিন্তু প্ৰধান বিৰোধী দলে এনে সুযোগ গ্ৰহণ কৰাৰ সম্ভাৱনা কিমান দূৰ সম্ভৱ সেয়া আজিৰ তাৰিখত স্পষ্ট নহয় ।

লগতে পঢ়ক : এজনৰ বাহিৰে প্ৰত্যেককে গেৰুৱা বসন পিন্ধাব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.