ETV Bharat / state

জুৰিৰ পানীৰেই তৃষ্ণা নিবাৰণ হাতীগাঁও চাহ বাগিচাৰ ৰাইজৰ

author img

By ETV Bharat Assamese Team

Published : Mar 16, 2024, 9:28 PM IST

Drinking Water Issue: ৰাজ্যৰ সৰ্বাংগীণ উন্নয়নৰ বিকাশ যাত্ৰাৰ পৰা এশ যোজন নিলগত ৰাজ্যৰ বহু অঞ্চল । বিকশিত অসমত তেনে এখন পুতৌ লগা ছবি অসমৰ চুকে-কোণে এতিয়াও বিৰাজমান । আজিও এটুপি খোৱা পানীৰ বাবেই হাহাকাৰ কৰিব লগা হৈছে কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচাৰ ৰাইজে ।

Hatigaon Tea Estate in Kaliabor
কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচা
কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচা

কলিয়াবৰ, ১৬ মাৰ্চ : ৰাজ্যত যোৱা ১৪ মাৰ্চত সামৰণি পৰিল চৰকাৰৰ বিকাশ যাত্ৰা কাৰ্যসূচীৰ । পথ,পানী, স্বাস্থ্য,শিক্ষা, ক্ৰীড়া, দক্ষতা বিকাশৰ বিভিন্ন আঁচনি ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰৰ আড়ম্বৰ আয়োজনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে । দৈনন্দিন জীৱনত বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত জনগণৰ দুখ-বেদনা নোহোৱা কৰাৰ নিৰ্বাচনী কেন্দ্ৰিক এক যাদুকৰী প্ৰচাৰৰ চলিছে । এই প্ৰচাৰৰ মাজতে চকুত পৰিছে বিকশিত অসমৰ এখন পুতৌ লগা ছবি । আজিও জীৱন ধাৰণৰ বাবে প্ৰয়োজন এটুপি পানীৰ বাবেই হাহাকাৰ কৰিব লগা হৈছে কলিয়াবৰৰ হাতীগাঁও চাহ বাগিচিৰ অন্তৰ্গত ১ নং হাতীগাঁও, শালকনা বস্তি, লোহাৰডাংগাবাসীয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে এতিয়াও হাহাকাৰ সহস্ৰাধিক পৰিয়ালৰ । গাঁওখনত থকা কুঁৱাৰ পানী শুকাই যোৱা বাবেই জুৰিৰ পানীৰেই তৃষ্ণা নিবাৰণ কৰিব লগা হৈছে গাওঁবাসীয়ে । উল্লেখ্য যে অঞ্চলটোত জল জীৱন মিছনৰ দ্বাৰা লাভ কৰা নাই বিশুদ্ধ খোৱাপানী । ফলত এতিয়াও গা ধোৱা, কাপোৰ ধোৱাৰ লগতে খোৱা পানীৰ বাবেও পাহাৰৰ পৰা বৈ অহা জুৰিৰ পানীৰ ওপৰতে নিৰ্ভৰ কৰিবলগা হৈছে গাঁওবাসীয়ে । চলিত মাহৰ ভিতৰতে যদি তেওঁলোকক পানীৰ সুব্যৱস্থা কৰি নিদিয়ে তেন্তে সমাগত নিৰ্বাচনত ভোট বৰ্জনৰো হুকাৰ দিছে ক্ষুব্ধ ৰাইজে ।

উল্লেখ্য় যে বিশুদ্ধ খোৱা পানীৰ লগতে পথ উন্নয়নৰ প্ৰতিশ্ৰুতিৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ গৃহ সমষ্টিতে ৰাইজে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে । বিশুদ্ধ খোৱাপানীৰ অভাৱত পাহাৰৰ জুৰিৰ পানীৰে তৃষ্ণা নিবাৰণ কৰিবলৈ বাধ্য হোৱাত ৰাইজে এইবাৰ নিৰ্বাচনত এনে অৱহেলাৰ প্ৰত্য়ুত্তৰ দিবলৈ সাজু হৈছে । যোৱা ২ মাৰ্চৰ এক সমীক্ষাত প্ৰকাশ পোৱা মতে, ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ ৭৫.০৫ শতাংশহে জল জীৱন মিছনৰ পানীৰ টেপ সংযোগ সম্পূৰ্ণ হৈছে যদিও বহুতেই ইয়াৰ সুবিধাৰ পৰা বঞ্চিত হৈছে ।

লগতে পঢ়ক:Drinking Water Issue: স্বাস্থ্যমন্ত্ৰীৰ সমষ্টিত জুৰিৰ অপৰিস্কাৰ পানীৰে পিয়াহ পলুৱাইছে জনতাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.