ETV Bharat / state

কেতিয়া হ'ব কোচ ৰাজবংশীৰ জনজাতিকৰণ ? ৰঙিয়া-লখিমপুৰ উত্তাল - Tribalisation of Koch Rajbanshi

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 5:22 PM IST

Demand For Tribalisation: কোচ ৰাজবংশীসকলে পাইয়ো হেৰুৱালে জনজাতিকৰণ । জনজাতিকৰণৰ দাবীত ৰাজ্যজুৰি ধৰ্ণা-অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ । জনজাতিকৰণৰ লগতে পাঁচদফীয়া দাবী পূৰণৰ দাবীৰে কোচ ৰাজবংশী লোকে প্ৰতিবাদত কঁপালে ৰঙিয়া, লখিমপুৰ ।

Koch Rajbanshis protest with several demands including tribalisation in Assam
কেতিয়া হ'ব কোচ ৰাজবংশীৰ জনজাতিকৰণ ? ৰঙিয়া-লখিমপুৰ উত্তাল (ETV Bharat Assam)

ৰঙিয়া/লখিমপুৰ,৭ ছেপ্টেম্বৰ: অসম কোচ ৰাজবংশী সন্মিলনীৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যজুৰি সাব্যস্ত হৈছে তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী । কোচ ৰাজবংশীসকলক জনজাতিকৰণকে আদি কৰি ভিন্ন দাবী উত্থাপন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কোচ ৰাজবংশী লোকসকলে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । কোচ ৰাজবংশীসকলে জনজাতিকৰণ পায়ো হেৰুৱালে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদস্থলীত ।

কেতিয়া হ'ব কোচ ৰাজবংশীৰ জনজাতিকৰণ ? ৰঙিয়া-লখিমপুৰ উত্তাল (ETV Bharat)

ৰঙিয়াত পাঁচদফীয়া দাবীৰে ধৰ্ণা কাৰ্যসূচী:

অসম কোচ ৰাজবংশী সন্মিলনীৰ আহ্বানমৰ্মে সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো দুঘণ্টীয়া ধৰ্ণা কাৰ্যসূচীত বহিল ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনী আৰু ৰঙিয়া জিলা মহিলা সন্মিলনীৰ সদস্যসকল । ৰঙিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিলে প্ৰায় দুই শতাধিক কোচ ৰাজবংশী লোকে । হাতে হাতে বেনাৰ ফেষ্টুন লৈ প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । পাঁচদফীয়া দাবী উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে দুঘণ্টা ধৰি ধৰ্ণা দিয়ে কাৰ্যালয়টোৰ সন্মুখত ।

তেওঁলোকৰ দাবীসমূহ হৈছে অতি শীঘ্ৰে কোচ ৰাজবংশীসকলক জনজাতিৰ স্বীকৃতি প্ৰদান কৰা, কোচ ৰাজবংশী সন্মিলনীৰ মুখ্য কাৰ্যালয়ৰ নামত চৰকাৰে ঘোষণা কৰা উত্তৰ গুৱাহাটীৰ ভূমি অতি শীঘ্রে আবণ্টন দিয়া, মিছন ভূমিপুত্ৰৰ দ্বাৰা দিয়া অ' বি চিৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত হোৱা অবাধ দুর্নীতি আৰু বেমেজালি বন্ধ কৰা, ৰূপসী বিমান বন্দৰৰ নাম বাহাল ৰখা আৰু বি টি আৰ আৰু ৰাভা হাছঙত বসবাস কৰা কোচ ৰাজবংশীসকলক ভূমি আৰু সাংবিধানিক অধিকাৰ নিশ্চিত কৰা ।

শীঘ্ৰে জনজাতিকৰণৰ দাবীত কোচ ৰাজবংশীসকলৰ প্ৰতিবাদ:

ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো লখিমপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লখিমপুৰ জিলা কোচ ৰাজবংশী সন্মিলনীয়ে ধৰ্ণা-অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । চৰকাৰ বিৰোধী শ্ল'গান দি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে । সন্মিলনীৰ নেতৃত্বই কয় ১৯৯৬ চনৰ ২৭ জানুৱাৰীত ৰাষ্ট্ৰপতিয়ে এক আধ্যাদেশ যোগে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিৰ স্বীকৃতি প্ৰদান কৰিছিল । চাৰিবাৰকৈ আধ্যাদেশ নবীকৰণ হৈয়ো শেষত চৰকাৰৰ অৱহেলাৰ বাবে সংসদত আধ্যাদেশ বিল নবীকৰণ হিচাবে অনুমোদন নহ'ল ।

ভাৰতবৰ্ষৰ ১৪২ টা জনগোষ্ঠীক জনজাতিৰ তালিকাভুক্ত কৰা হ'ল । একমাত্র কোচ ৰাজবংশীসকল জনজাতিকৰণৰ পৰা বঞ্চিত হৈ থাকিল । ২০১৪ চনত বর্তমানৰ প্রধানমন্ত্রী মোদীয়ে নিৰ্বাচনী প্ৰচাৰত কোচ ৰাজবংশীকে ধৰি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৰ আর্হি নীতি সলনি কৰাৰ নামত বিষয়টো পিছুৱাই আলোচনাৰ নামত প্ৰতাৰণা কৰাত জনগোষ্ঠীটোৱে ক্ষোভ প্ৰকাশ কৰে । সেয়ে অতি তৎপৰতাৰে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ বাবে তেওঁলোকে দাবী জনায় ।

ইয়াৰোপৰি জিলাৰ অন্তর্গত ট্রাইবেল বেল্ট এণ্ড ব্ল'কত দীর্ঘদিন বসবাস কৰি থকা কোচ ৰাজবংশী ভূমিপুত্রসকলক শীঘ্রে মাটিৰ পট্টা প্ৰদান কৰা, সন্মিলনীৰ মুখ্য কাৰ্যালয়, চিলাৰায়ৰ ভৱন নিৰ্মাণৰ বাবে উত্তৰ গুৱাহাটীৰ ভূমিত শীঘ্ৰে সন্মিলনীৰ নামত আৱণ্টন দিয়া, চৰকাৰে ব্যৱস্থা কৰা মিছন ভূমিপুত্ৰৰ দ্বাৰা অন্যান্য পিছপৰা জাতিৰ প্রমাণপত্ৰৰ ক্ষেত্ৰত হোৱা অবাধ দুর্নীতি বন্ধ কৰি সন্মিলনীক সম্পূৰ্ণ চিনাক্তকৰণৰ দায়িত্ব শীঘ্রে প্রদান কৰা, 'ৰূপসী' বিমান বন্দৰৰ নাম যাতে দুষ্টচক্ৰৰ হাতত পৰি কোনো কাৰণতে সলনি নহয় আৰু উক্ত নামেৰে বন্দৰৰ নামাকৰণ বাহাল ৰখা আদি দাবী উত্থাপন কৰে ।

২০২৬ চনৰ আগত এই দাবীসমূহ পুৰণ নকৰিলে জংগী আন্দোলন, প্ৰতিবাদ সাব্যস্ত কৰা হ'ব বুলি সন্মিলনীৰ নেতৃত্বই চৰকাৰক সকীয়াই দিয়ে । চৰকাৰবিৰোধী স্থিতি গ্ৰহণ কৰিব বুলিও তেওঁলোকে সকীয়াই দিয়ে । অচিৰেই দিল্লী, দিছপুৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে মহিলা সন্মিলনীৰ উদ্যোগত অহা ১২ ছেপ্টেম্বৰত গুৱাহাটীৰ চচলত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব বুলি তেওঁলোকে উল্লেখ কৰে ।

লগতে পঢ়ক: ৰাজ্যিক কেবিনেটৰ পূৰ্বেই জনজাতিকৰণৰ দাবীত উত্তাল উজনি অসম - Tribalisation of Six Tribes

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.