ETV Bharat / state

খাটাংপানী বন বিভাগৰ উদ্যোগত ৰোপণৰ বাবে সাজু ৯ লাখ গছপুলি - Khatangpani Forest Dept Nursery

author img

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 6:10 PM IST

Khatangpani Forest Dept Nursery: চৰকাৰৰ অমৃত বৃক্ষ আঁচনিৰ অধীনত বন বিভাগে ৫ হেক্টৰ ভূমিত এখন নাৰ্ছাৰী স্থাপন কৰিছে । য'ত ৯ লাখ গছপুলি ৰোপণৰ বাবে সাজু হৈছে । চৰকাৰৰ নিৰ্দেশ পালেই গছপুলিবোৰ বিভিন্ন গাঁৱত বিতৰণ কৰা হ'ব ।

Khatangpani Forest Dept Nursery
খাটাংপানী বন বিভাগৰ উদ্যোগ ৰোপণৰ বাবে সাজু প্ৰায় ৯ লাখ গছপুলি (ETV Bharat)

তিনিচুকীয়া,২০ জুন : ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা বন ধ্বংসৰ বাতৰিয়ে প্ৰায়ে শিৰোনাম দখল কৰি আহিছে । কিন্তু তিনিচুকীয়া জিলাত বন বিভাগে ৰাইজৰ সহযোগত গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । তিনিচুকীয়া জিলাৰ ডুমডুমা বন সংমণ্ডলৰ অন্তৰ্গত খাটাংপানী আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ পেঙেৰীৰ ডিব্ৰুজান কঁঠালগুৰিত বন বিভাগে গঢ়ি তুলিছে এখন বৃহৎ নাৰ্ছাৰী ৷ চৰকাৰৰ অমৃত বৃক্ষ আঁচনিৰ অধীনত বন বিভাগে গঢ়ি তোলা এই নাৰ্ছাৰীত প্ৰায় ৯ লাখ গছপুলি আছে । নাৰ্ছাৰীত আছে প্ৰায় ৫ লাখ মেহগনি, ভোমোৰা পুলি ১ লাখ ৬০ হাজাৰ, ১ লাখ শিলিখা পুলি । লগতে ১ লাখ ৬০ হাজাৰ কদম আৰু বগীপমা আদি পুলিও এই নাৰ্ছাৰীত আছে ।

নাৰ্ছাৰীখনৰ প্ৰায় ৯ লাখ গছপুলি এতিয়া ৰোপণৰ বাবে সাজু হৈছে । নাৰ্ছাৰীখনৰ মনোমোহা দৃশ্যই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে । এগৰাকী বন বিষয়াই জনোৱা মতে প্ৰায় ৫ মাহ পূৰ্বে গাঁৱৰ ৰাইজৰ সহযোগত ৫ হেক্টৰ ভূমিত এই নাৰ্ছাৰীখন আৰম্ভ কৰা হৈছিল । পূৰ্বে এনেধৰণৰ নাৰ্ছাৰীৰ বাবে চৰকাৰে ঠিকাদাৰসকলক দায়িত্ব দিছিল । যাৰ ফলত বিভিন্ন ধৰণৰ বিতৰ্কৰো সূত্ৰপাত হৈছিল । এনে পৰিপেক্ষিতত এইবাৰ চৰকাৰে বন বিভাগকেই এই দায়িত্ব প্ৰদান কৰিছে ।

চৰকাৰী নিৰ্দেশৰ পিচতেই এই গছপুলিবোৰ বিভিন্ন গাঁৱত বিতৰণ কৰা হ'ব বুলি বন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে । উল্লেখ্য যে সততে বনাঞ্চল ধ্বংস ৰোধ কৰাত ব্যৰ্থ হোৱাৰ লগতে বিভিন্ন কাৰ্যকলাপৰ বাবে বন বিভাগ ৰাইজৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে । অৱশ্যে এইধৰণৰ আদৰণীয় কাৰ্যই বন বিভাগৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি কৰাৰ লগতে প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে । চৰকাৰী প্ৰকল্পৰ উপৰিও খাটাংপানী আঞ্চলিক বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ প্ৰচেষ্টাত নিজাববীয়াকৈ প্ৰায় ১ লাখ গছপুলি ৰোপণৰ বাবে সাজু কৰা হৈছে । সেইসমূহ গছপুলি স্থানীয় কেইবাখনো সংৰক্ষিত বনাঞ্চলত ৰোপণৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিয়ে বন বিভাগে ।

লগতে পঢ়ক :হাতী-মানুহৰ সংঘাত নোহোৱা হ’ব... - man elephant conflict in assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.