ETV Bharat / state

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত: ছেপ্টেম্বৰত ৩০ হাজাৰ যুৱক-যুৱতীয়ে পাব নিবনুৱা ঋণ - Assam Cabinet Key decisions

author img

By ETV Bharat Assamese Team

Published : Jun 6, 2024, 10:37 PM IST

Assam Cabinet meeting: বৃহস্পতিবাৰে অনুষ্ঠিত হয় অসম চৰকাৰৰ কেবিনেট বৈঠক ৷ এই বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ এই সিদ্ধান্ত সমূহ সংবাদমাধ্যৰ আগত সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ চাও আহক কেবিনেটৰ সিদ্ধান্ত সমূহ...

Assam Cabinet Key decisions
Assam Cabinet meeting (ETV Bharat Assam)

গুৱাহাটী, ৬ জুন: অসমত অহা নৱেম্বৰত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন । বৃহস্পতিবাৰে দিছপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা‌ হয়। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকসকলক সম্বোধন কৰি এই কথা‌ প্ৰকাশ কৰি কয় যে পঞ্চায়ত নিৰ্বাচনৰ বাবে অসমৰ পঞ্চায়তসমূহৰ সীমা নিৰ্ধাৰণ কৰা হ'ব। কাৰণ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত পঞ্চায়তসমূহৰ ভৌগলিক গাঁথনি সলনি হৈছে ।

ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত সমূহ (ETV Bharat Assam)

তেওঁ কয় - " এটা পঞ্চায়ত যাতে দুটা বিধানসভা সমষ্টিৰ মাজত নাথাকে তাক নিশ্চিত কৰি পঞ্চায়তসমূহৰ সীমা নিৰ্ধাৰণ কৰা‌ হব। অহা আগষ্টত পঞ্চায়তসমূহৰ সীমা নিৰ্ধাৰণ কৰা হ'ব। তাৰ পিচত ছেপ্টেম্বৰত ভোটাৰ তালিকা প্ৰকাশ‌ কৰা‌ হ'ব। অক্টোবৰ বা নৱেম্বৰত পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। এই সকলোবোৰ নিৰ্বাচন আয়োগৰ তৎপৰতাৰ‌ ওপৰত নিৰ্ভৰ কৰিব। "

অৰুণোদয় আঁচনি সম্প্ৰসাৰণ:

আজিৰ কেবিনেটত অৰুণোদয় আঁচনিখন অসমত সম্প্ৰসাৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এইক্ষেত্ৰত প্ৰতিবেদন প্ৰস্তুত কৰাৰ বাবে মন্ত্ৰী ৰণোজ পেগু, বিমল বড়া, কেশৱ‌ মহন্ত আৰু ৰণজিৎ কুমাৰ দাসক লৈ এখন কেবিনেট উপ-সমিতি গঠন কৰা হৈছে। এই কমিটীয়ে এমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব ।

লগতে পঢ়ক: 13 মে’ৰ দিনটো কু-সংস্কাৰ বিৰোধী দিৱস হিচাপে পালন কৰা হ’ব : মুখ্যমন্ত্ৰী - CM Visits Goalpara

এক নিযুত মইনা আঁচনি:

এক নিযুত মইনা আঁচনিৰ জৰিয়তে ছাত্ৰীসকলক প্ৰতিমাহে ১ হাজাৰ টকাকৈ দিয়াৰ সিদ্ধান্ত বিচাৰ কৰাৰ বাবেও আন এখন‌ কেবিনেট উপ-সমিতি গঠন‌ কৰা হৈছে । অহা ৭ দিনৰ পিচত এই কমিটীয়ে প্ৰতিবেদন দিয়াৰ পিচত দুমাহৰ ভিতৰত এই আচঁনিখন ৰূপায়ণ কৰা হব।

২৬৪ কিলোমিটাৰ মথাউৰি নিৰ্মাণ:

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে অসমৰ ২৬৪ কিলোমিটাৰ নদীৰ ওপৰত মথাউৰি নাই । এই ২৬৪ কিলোমিটাৰ নদীৰ ওপৰত মথাউৰি নিৰ্মাণৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা‌ হয় । এইক্ষেত্ৰত জলসম্পদ বিভাগক শীঘ্ৰেই নিৰ্দেশ দিয়া হ'ব ।

৯৩ খন‌ বিধানসভাত সভা:

মুখ্যমন্ত্ৰীয়ে লগতে আৰু কয় যে এইবাৰ লোকসভা নিৰ্বাচনত ৯৩ খন‌ বিধানসভাত অগ্ৰগতি তথা প্ৰথম স্থানত আছে বিজেপি । গতিকে এই বিধানসভাত অহা জুলাইত ধন্যবাদ সভা আৰু বাকী বিধানসভাবোৰত সংকল্প সভা অনুষ্ঠিত কৰা‌ হব ।

লগতে পঢ়ক: দিল্লী নহয়, ২০২৬ ত দিছপুৰ দখলৰ লক্ষ্য গৌৰৱ গগৈৰ - LOK SABHA ELECTION RESULTS 2024

চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰ, লাচিত বৰফুকন সম্পৰ্কে তথ্যচিত্ৰ:

চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিৰ বাবে দিল্লীত অনুষ্ঠিত হ'বলগীয়া ইউনেস্কোৰ প্ৰতিনিধি সভাত অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিনিধি ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতসকলক সাক্ষাৎ কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ইপিনে লাচিত বৰফুকনৰ সন্দৰ্ভত তথ্যচিত্ৰ নিৰ্মাণৰ বাবে অসম চৰকাৰে প্ৰচাৰ‌ ভাৰতীৰ লগত এক বুজাবুজিৰ চুক্তি কৰিব । এইখন ধাৰাবাহিকভাৱে দূৰদৰ্শনত প্ৰদৰ্শন কৰা হ'ব ।

ইপিনে অহা ছেপ্টেম্বৰত ৩০ হাজাৰ নিবনুৱাক নিবনুৱা ঋণ দিয়া‌ হ’ব । ১৫ লাখ ব্যক্তিক ৰেছন কাৰ্ড দিয়াৰ‌ বাবে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা‌ হয় । লগতে এতিয়াৰে পৰা ১৩ মে'ত বিৰুবালা ৰাভাৰ মৃত্যু দিনটো অসমত কুসংস্কাৰ বিৰোধী দিৱস হিচাপে পালন‌ কৰা‌‌ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ৷

লগতে পঢ়ক: পুৰণি বিজেপিয়ে নতুন বিজেপি মন্ত্ৰীৰ আচৰণৰ বিৰুদ্ধে মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে: গৌৰৱ গগৈ - LOK SABHA ELECTION RESULTS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.